Sun May 04 2025 4:53:24 PM
  • Follow us on
  • Subcribe

কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান

Story by  atv | Posted by  ArifulIslam@gmail.com • 11 d ago
কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান
কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান
 
গুৱাহাটী
 
কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত গ্ৰাম্য হোমষ্টেক উদগনি যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত অঞ্চলটোৰ পাঁচটা গ্ৰাম্য হোমষ্টেক সৌৰ ইনভাৰ্টাৰ বিতৰণ কৰা হয়।
 
পাৰিপাৰ্শ্চিকভাৱে সংবেদনশীল অঞ্চলত অংশগ্ৰহণমূলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা (এন আৰ এম)ৰ প্ৰসাৰৰ লগতে বহনক্ষম জীৱিকা শক্তিশালী কৰাৰ বাবে আৰণ্যকে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডৰ অন্তৰ্গত কহঁৰাৰ পাঁচটা হোমষ্টে ক্ৰমে মাৰ্গাৰেট হোমষ্টে, প্ৰীতি হোমষ্টে, অঞ্জনা হোমষ্টে, কাৰেং হোমষ্টে  আৰু চাৰ্মে হোমষ্টেক সৌৰ ইন্…ভাৰ্টাৰ প্ৰদান কৰা হয়।
 
বহনক্ষম জৈৱ পৰ্যটন প্ৰকৃতিভিত্তিক পৰ্যটনৰ এক প্ৰকাৰ যি অঞ্চলটোৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ ওপৰত পৰ্যটনৰ নেতিবাচক প্ৰভাৱ লাঘৱ কৰাৰ লগতে স্থানীয় সমূদায়ক অৰ্থনৈতিক আৰু সামাজিকভাৱে উপকৃত কৰে।
 
শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰথিতযশা অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসে ইনভাৰ্টাৰ বিতৰণৰ এটা প্ৰাৰম্ভিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁৰ অংশগ্ৰহণে তৃণমূল পৰ্যায়ৰ বহনক্ষমতা পদক্ষেপসমূহক উৎসাহিত কৰাৰ লগতে স্থানীয় সমূদায় চালিত সংৰক্ষণ পৰ্যটন আৰ্হিৰ গুৰুত্বক আৰু অধিক সবল কৰি তোলে।
 
কাৰেং হোমষ্টেৰ গৰাকী কাৰেং ৰংপিপী নামৰ হিতাধিকাৰী গৰাকীয়ে কয়, "আমি প্ৰায়ে সন্মুখীন হোৱা বিদ্যুৎ কৰ্তনৰ সমস্যাই আমাৰ অতিথিসকলৰো আৰাম বিঘ্নিত কৰিছিল । সৌৰ ইনভাৰ্টাৰৰ সহায়ত এতিয়া নিৰ্বিঘ্নে হোমষ্টে চলোৱাৰ লগতে অতিথি সকলক উন্নত সুবিধা প্ৰদান কৰিব পাৰিম বুলি আমাৰ প্ৰত্যয় জন্মিছে।”
 
নিৰ্ভৰযোগ্য, স্বচ্ছ শক্তিৰ সহায়ত মহিলাসকলে অধিক উদ্যমী ভূমিকা গ্ৰহণ আৰু আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে বহনক্ষম পৰ্যটন আৰু স্থানীয় সমূদায়ৰ উন্নয়নত অধিক সক্ৰিয়ভাৱে অৰিহণা যোগাব পাৰে। একে সময়তে সৌৰশক্তিৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰে । ই বায়ু বা পানী প্ৰদূষিত নকৰাকৈ কাজিৰঙা–কাৰ্বি আংলঙৰ দৰে পৰিৱেশ সংবেদনশীল ভূকণ্ডৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ নবীকৰণযোগ্য বিদ্যুৎ শক্তি যোগান ধৰে।
 
জাৰ্ণি ফৰ্… লাৰ্নিং (J4L) পদক্ষেপৰ জৰিয়তে আৰ্থ-সাংস্কৃতিক পৰ্যটনক উদগনি যোগোৱাৰ উদ্দেশ্যে আৰণ্যকৰ সহযোগত কিণ্ডুলাংছু আত্ম সহায়ক গোটৰ সদস্যসকলে পৰিচালনা কৰা দহটা হোমষ্টে আছে । কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত এই পদক্ষেপ আৰম্ভ কৰা হৈছিল।
 
জাৰ্ণি ফৰ্… লাৰ্নিং (J4L) হৈছে স্থানীয় সমূদায়ৰ সহযোগত আৰণ্যকে সৃষ্টি আৰু ৰূপায়ণ কৰা এক কাৰ্যসূচী। দায়িত্বশীল পৰ্যটনৰ নীতিৰ ওপৰত প্ৰতিস্থিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰকৃতি আৰু পৰম্পৰাগত ব্যৱস্থাৰে অভিজ্ঞতাভিত্তিক শিক্ষণক উদগনি যোগোৱা হয় । এই কাৰ্যসূচী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলঙৰ কহঁৰা নদী অৱবাহিকা গাঁও, বাক্…সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু ওদালগুৰি জিলাৰ ভৈৰবকুণ্ড অঞ্চলত ৰুপায়ণ কৰি থকা হৈছে।
 
আৰণ্যকে “আই ইউ চি এন – কে এফ ডব্লিউ” আৰু “ইউ এছ ফীছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ”ৰ সমৰ্থনত এই কাৰ্যসূচী ৰুপায়ণ কৰিছে। আৰণ্যক জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ সংৰক্ষণ আৰু কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ড আৰু মানাহ ভূখণ্ডত বসবাস কৰা খিলঞ্জীয়া লোকসকলক বিকল্প আৰু বহনক্ষম জীৱিকাৰ পথ, শিক্ষা আৰু সজাগতাৰ জৰিয়তে সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি আৰণ্যকে প্ৰেছ বিবৃতিযোগে জনাইছে।