নতুন দিল্লী
আজি পদপথৰ কুকুৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আদালতে কয় যে, আশ্ৰয় গৃহলৈ পঠোৱা সকলো কুকুৰক মুকলি কৰি দিয়া হ’ব, কেৱল সেই কুকুৰবোৰহে মুকলি কৰা নহ’ব যিবোৰ কুকুৰ অসুস্থ আৰু আক্ৰমণাত্মক। গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে বিচাৰপীঠে এই বিষয়ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী প্ৰেৰণ কৰিছে।
উচ্চতম ন্যায়ালয়ে ৰাজধানী দিল্লীৰ গাতে লাগি থকা দিল্লী-এনচিআৰৰ ৰাজপথৰ পৰা পদপথৰ কুকুৰক আঁতৰাই স্থায়ী আশ্ৰয় গৃহত ৰখাৰ নিৰ্দেশ দিছিল।এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে তিনিজন ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে, য’ত আছে ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়া।
তিনিজন ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে কয় যে, ৰাজহুৱা স্থানত কুকুৰক খাদ্য দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। তেওঁলোকৰ বাবে নিৰ্দিষ্ট স্থান বাছনি কৰা হ’ব। যদি আন ঠাইত খাদ্য খুৱাই দিয়া হয় তেন্তে তেনে লোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
গোচৰৰ শুনানি গ্ৰহণ কৰি বিশেষ বিচাৰপীঠে লগতে কয় যে, কুকুৰবোৰক কৃমিনাশ আৰু বন্ধ্যাকৰণৰ কৰাৰ পিছত একে অঞ্চলত এৰি দিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয় যে, য’তে ত’তে কুকুৰক খাদ্য খোৱাৰ ফলতে বহু ঘটনা সংঘটিত হৈছে৷ এই আদেশৰ পিছত সমগ্ৰ দেশৰ পশুপ্ৰেমীৰ মাজত আনন্দই বিৰাজ কৰা দেখা গৈছে৷
উচ্চতম ন্যায়ালয়ে ১১ আগষ্টৰ নিৰ্দেশ সংশোধন কৰি কয় যে, কেৱল জলাতংক ৰোগত আক্ৰান্ত বা আক্ৰমণাত্মক আচৰণ কৰা কুকুৰৰ বাহিৰে বীজাণুমুক্ত আৰু টিকাকৰণৰ পিছত একেটা অঞ্চলতে পদপথৰ কুকুৰক পুনৰ মুকলি কৰি দিয়া হ’ব৷ এই নিয়ম সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব বুলি আদালতে কয়।
ইয়াৰ পূৰ্বে ১১ আগষ্টত আদালতে এক নিৰ্দেশ প্ৰদান কৰিছিল, যাৰ বিৰুদ্ধে কেইবাখনো আবেদন দাখিল কৰা হৈছিল। এই গোচৰৰ শুনানি চলি থকাৰ সময়তে এই বিশেষ বিচাৰপীঠে ১৪ আগষ্টত এই সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছিল। গোচৰৰ শুনানি চলি থকাৰ সময়তে বিচাৰপীঠে দিল্লী-এনচিআৰত পদপথৰ কুকুৰৰ সমস্যা বৃদ্ধি পোৱাৰ বাবে স্থানীয় সংস্থাৰ গাফিলতিৰ বাবে দোষাৰোপ কৰিছিল।
আদালতে কয় যে, এই অঞ্চলসমূহত দিনক দিনে পদপথৰ কুকুৰৰ সমস্যা বৃদ্ধি পাইছে। দিল্লী পৌৰ নিগমৰ অৱহেলাৰ বাবে কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণৰ নিয়ম সঠিকভাৱে কাৰ্যকৰী হোৱা নাই।
একে সময়তে ছলিচিটৰ তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে, যোৱা বছৰ ২০২৪ চনত সমগ্ৰ দেশতে মুঠ ৩১ লাখতকৈ অধিক কুকুৰে কামোৰাৰ গোচৰ ৰুজু হৈছে। তেওঁ আৰু কয় যে, ইয়াৰ স্পষ্ট অৰ্থ হ’ল প্ৰতিদিনে প্ৰায় ১০ হাজাৰ গোচৰ পোহৰলৈ আহিছে।
তুষাৰ মেহতাই কয় যে, বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনত কুকুৰে কামোৰাৰ ফলত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
জনসাধাৰণৰ সুৰক্ষা আৰু জলাতংক ৰোগৰ ক্ৰমবৰ্ধমান ভাবুকিৰ উদ্বেগ প্ৰকাশ কৰি আদালতে কয় যে, ৰাজপথত শিশু, মহিলা আৰু বৃদ্ধসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। নতুন দিল্লী পৌৰ পৰিষদ (এন ডি এম চি), দিল্লী পৌৰ নিগম (এম চি ডি) আৰু নয়ডা, গুৰগাঁও আৰু গাজিয়াবাদৰ নাগৰিক সংস্থাসমূহক পদপথৰ কুকুৰক ৰাজপথৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিবলৈ নিৰ্দেশ দি উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে কঠোৰ সতৰ্কবাণী জাৰি কৰে যে, তেওঁলোকক আঁতৰোৱাত বাধা প্ৰদান কৰা যিকোনো সংগঠন বা গোটৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আদালতে পশুপ্ৰেমীসকলক কুকুৰবোৰৰ দত্তক লোৱাৰ বাবে আবেদন দাখিল কৰিবলৈও অনুমতি দিয়ে যদিও এক সতৰ্কবাণীও যোগ কৰে যে, পদপথৰ কুকুৰবোৰ যাতে ৰাজপথলৈ ঘূৰাই অনা নহয় তাৰ দায়িত্ব তেওঁলোকৰ হ’ব। আদালতে প্ৰতিজন ব্যক্তিগত আবেদনকাৰী ২৫ হাজাৰ আৰু ইয়াৰ কাষ চাপি অহা বেচৰকাৰী সংস্থাসমূহক ২ লাখ টকা জমা কৰিবলৈ নিৰ্দেশ দিয়ে। এই ধনৰাশিৰ কুকুৰৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ'ব।