সোণাম ৰঘুবংশীৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে; তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 1 Months ago
সোণাম ৰঘুবংশীৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে
সোণাম ৰঘুবংশীৰ জামিন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে
 
নতুন দিল্লী
 
২০২৫ চনত মেঘালয়ত হানিমুনৰ সময়ত নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণাম ৰঘুবংশীক প্ৰদান কৰা জামিন উচ্চতম ন্যায়ালয়ে আজি নাকচ কৰে।
 
ন্যায়াধীশ এম এম সুন্দৰেশ আৰু পি বি বৰালেৰে গঠিত এখন বিচাৰপীঠে জামিনৰ আদেশক প্ৰত্যাহ্বান জনাই মেঘালয় চৰকাৰে দাখিল কৰা আবেদন মঞ্জুৰ কৰে আৰু সোণামক তিনি সপ্তাহৰ ভিতৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।
 
শীর্ষ ন্যায়ালয়ে লগতে পর্যবেক্ষণ কৰে যে যদি ৬ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ সামৰণি নপৰে, তেন্তে সোণামে পুনৰ নতুনকৈ জামিনৰ আবেদন দাখিল কৰিব পাৰিব।
 
মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা সোণামক স্বামী ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাৰ সম্পৰ্কত ২০২৫ চনৰ জুন মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।
 
দম্পতীহালে ২০২৫ চনৰ ২৩ মে'ত মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ সোহৰালৈ ভ্ৰমণ কৰাৰ পিছত নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত ২ জুনত এখন গভীৰ খাটৰ (গাত) পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
 
মেঘালয় আৰক্ষীৰ মতে, সোণামে আৰ্থিক লাভালাভৰ বাবে ভাড়াতীয়া হত্যাকাৰীৰ সৈতে ষড়যন্ত্ৰ কৰি স্বামীক হত্যা কৰাৰ অভিযোগ উঠিছে। তদন্তৰ অন্তত অভিযুক্ত ভাড়াতীয়া হত্যাকাৰীসকলৰ সৈতে সোণামকো গ্ৰেপ্তাৰ কৰা হয়।