৭ ছেপ্টেম্বৰত মেঘালয় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন
 
গুৱাহাটী 
 
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ৭ ছেপ্টেম্বৰত মেঘালয় ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ মুঠ ১,০১০.৯৫ কোটি টকা ব্যয়সাপেক্ষ পাঁচটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি বিষয়াসকলে জানিবলৈ দিছে।
 
এই প্ৰকল্পসমূহৰ ভিতৰত আছে খোৱাপানী যোগান, পথ যোগাযোগ, স্বাস্থ্যসেৱা আৰু বিদ্যুৎ আন্তঃগাঁথনি। ইয়াৰে কেইবাটাও প্ৰকল্প নতুন শ্বিলং চিটীৰ সম্প্ৰসাৰণ আৰু উন্নয়নত সহায় কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে।
 
ইয়াৰ ভিতৰত সৰ্ববৃহৎ প্ৰকল্পটো হৈছে নতুন শ্বিলং জল যোগান আঁচনিৰ দ্বিতীয় পৰ্যায়, যাৰ আনুমানিক ব্যয় ৮৫০.৫৮ কোটি টকা। এই আঁচনিৰ জৰিয়তে নতুন শ্বিলং চিটী আৰু ইয়াৰ কাষৰীয়া ৩২খন গাঁৱলৈ নিৰাপদ খোৱাপানী যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লে এই আঁচনিয়ে প্ৰায় ৪.৩৪ লাখ লোক আৰু ৮৬,৯০০টা পৰিয়ালক সামৰি ল’ব। 
 
এই আঁচনিৰ আন এটা উল্লেখযোগ্য দিশ হৈছে মেঘালয়ত প্ৰথমবাৰৰ বাবে চহৰভিত্তিক স্মাৰ্ট পানী মিটাৰ আৰু পানীৰ ব্যৱহাৰৰ পৰিমাণ অনুসৰি বিল পৰিশোধৰ ব্যৱস্থা আৰম্ভ কৰা।
 
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উমংগট নদীৰ ওপৰত ১১০ মিটাৰ দীঘল এখন দলং নিৰ্মাণৰ বাবেও আধাৰশিলা স্থাপন কৰিব। এই দলংখনৰ আনুমানিক ব্যয় ২১.৮৬ কোটি টকা। দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে মাওকিনৰিউ ব্লকৰ ১৪খন গাঁৱৰ প্ৰায় ২৮,৪৭৯জন লোক উপকৃত হ’ব। লগতে পূব খাচী পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ মাজৰ পথ যোগাযোগো অধিক উন্নত হ’ব।
 
এই দলংখনে শ্বিলং আৰু জোৱাইৰ মাজত যাতায়াতৰ বাবে এটা বিকল্প পথ হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত স্থানীয় লোকসকলৰ বজাৰ, চিকিৎসা আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱালৈ যাতায়াত অধিক সহজ হোৱাৰ আশা কৰা হৈছে।
 
আন এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে উমছেনৰ পৰা বাৰাপাথাৰলৈ পিলাংকু-এ, জিৰমাং, চিব্ৰা আৰু মাওয়িং হৈ নিৰ্মাণ হ’বলগীয়া ১৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৰ্বকালীন পথ। এই পথ নিৰ্মাণ সম্পূৰ্ণ হ’লে ২১খন গাঁৱৰ প্ৰায় ৫,৭০৫জন লোক উপকৃত হ’ব। লগতে মেঘালয় আৰু অসমৰ মাজৰ পথ যোগাযোগো অধিক উন্নত হ’ব।
 
ইয়াৰ উপৰি শ্বিলং চিভিল হাস্পতালত ৩০খন বিচনাযুক্ত এখন আয়ুষ (AYUSH) চিকিৎসা কেন্দ্ৰ স্থাপনৰ বাবেও আধাৰশিলা স্থাপন কৰা হ’ব। এই প্ৰকল্পটোৰ ব্যয় ১০ কোটি টকা। কেন্দ্ৰটোত আয়ুৰ্বেদ, হোমিঅ'পেথী, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, পঞ্চকৰ্ম, ফিজিঅ'থেৰাপী, পুনৰ্বাসন আৰু ৰোগীক ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ সুবিধা থাকিব।
 
পঞ্চম প্ৰকল্পটো হৈছে ৭২.৫ কোটি টকা ব্যয়সাপেক্ষ বিদ্যুৎ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প। ইয়াৰ অধীনত মাওখানুত ২×৫০ এমভিএ ক্ষমতাসম্পন্ন ১৩২/৩৩ কেভি উপ-কেন্দ্ৰ, ছাইছেইজৰ পৰা ১৩২ কেভিৰ ডাবল-চাৰ্কিট বিদ্যুৎ পৰিবাহী লাইন আৰু আনুষংগিক GIS আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব।
 
নতুন শ্বিলং চিটীৰ বিকাশৰ লগে লগে বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্প গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে নতুন শ্বিলং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিদ্যুৎ যোগান অধিক নিৰ্ভৰযোগ্য আৰু উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত মেঘালয়ৰ খাচী, গাৰো আৰু জয়ন্তীয়া জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰো কাৰ্যসূচী আছে।