নতুন দিল্লী
হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, বৈৰাগড়ৰ পৰা চাম্বাৰ দিশে গৈ থকা বাছখনত দুৰ্ঘটনাৰ সময়ত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। চালুজ মোড়ৰ সমীপত হঠাতে বাছখন দুৰ্ঘটনাত পতিত হোৱাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
চাম্বাৰ আৰক্ষী অধীক্ষক বিজয় সকলানীয়ে দুৰ্ঘটনাৰ তথ্য নিশ্চিত কৰি কয় যে, আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। অৱশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সঠিক কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।