ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ মণিপুৰত উগ্ৰপন্থীৰ গুলীচালনা; আছাম ৰাইফলৰ ৪ জোৱান আহত

Story by  atv | Posted by  [email protected] • 7 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মণিপুৰ

শুকুৰবাৰে পুৱা উগ্ৰপন্থীৰ এক ভয়ানক আক্ৰমণত আছাম ৰাইফলৰ কমেও ৪ জন জোৱান আহত হৈছে। ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ টেংনৌপাল জিলাত আছাম ৰাইফলছৰ এটা টহলদাৰী দলৰ ওপৰত উগ্ৰপন্থীয়ে গুলীচালনা কৰে। 
 
মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত এই ঘটনা সংঘটিত হয়। নিৰাপত্তাৰ দায়িত্বত থকা অসম ৰাইফলছৰ জোৱানসকলেও প্ৰত্যুত্তৰত গুলীচালনা কৰে।
 
সূত্ৰ অনুসৰি, উগ্ৰপন্থীসকলৰ হাতত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক আছিল। ঘটনাটো চিবোল গাঁৱৰ সমীপত সংঘটিত হয়। উল্লেখ্য যে এই অঞ্চলটো ULFA-I, NSCN আৰু UKLFকে ধৰি কেইবাটাও সশস্ত্ৰ গোটৰ বিচৰণ ভূমি বুলি পৰিচিত। 
 
বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ আনহাতে, অসম ৰাইফলছেও ঘটনা সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে৷