গুৱাহাটী
আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী। মৃত্যুৰ দিনটো ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সুধাকণ্ঠ গৰাকীক। সংগীত সূৰ্য্য ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কয়, "ভূপেনদাৰ গীতৰ প্ৰতিটো শব্দই মোক উজ্জীৱিত কৰি। ভূপেনদাৰ মানৱীয়তাৰে ভৰা গীতসমূহে সমাজখনৰ বাবে কিবা হ'লেও অকণমান কৰাৰ বাবে উদ্বুদ্ধ কৰে"। আজি তেওঁৰ পুণ্যতিথিত আপোনাক সশ্ৰদ্ধৰে স্মৰণ কৰিলোঁ ভূপেনদা। হে সুধাকণ্ঠ, ভাৰতৰত্ন বৰলুইতে দুবাহুত আপোনাক কঢ়িয়াই লৈ ফুৰিব চিৰদিন-চিৰকাল"।
দীঘলী পুখুৰীৰ পাৰত থকা ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰি আছুৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য্যই কয়, "ডঃ ভূপেন হাজৰিকা অসমীয়া জাতীয় জীৱনৰ আত্মা স্বৰূপ। সদৌ অসম ছাত্ৰ সন্থাই এই গৰাকী মহান ব্যক্তিৰ নামত গুৱাহাটীৰ ৰেল ষ্টেচনৰ ৰেল টাৰ্মিনাচটো নামকৰণ কৰাৰ লগতে, তেওঁৰ সৃষ্টিৰাজী টাইমছ কেপচুলৰ জৰিয়তে সংৰক্ষণ কৰা আৰু সমাধিক্ষেত্ৰখন সম্প্ৰসাৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়"।
মহানগৰীৰ জালুকবাৰীৰ সমাধিক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত স্মৃতি তৰ্পন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে।
২০১১ বৰ্ষৰ আজিৰ দিনটোতে এই গৰাকী বৰেণ্য ব্যক্তিয়ে মুম্বাইৰ ককিলাবাই ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।