আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ

Story by  atv | Posted by  [email protected] • 1 Months ago
আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ
আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ
 
গুৱাহাটী
 
আজি অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। ৰাইজৰ উদ্যোগত আৰু সন্মতি সাপেক্ষে ৰাজ্য চৰকাৰ আৰু যোৰহাট জিলা-প্ৰশাসনৰ সহযোগত যোৰহাট ষ্টেডিয়ামত আয়োজন হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ।
 
শিল্পীগৰাকীৰ চিতাভষ্ম ৩০ ছেপ্টেম্বৰ যোৰহাটলৈ নিয়া হয়। জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জনাবলৈ ষ্টেডিয়ামৰ নিৰ্দিষ্ট সুৰক্ষিত স্থানত ৰখা হৈছে জুবিন গাৰ্গৰ চিতাভষ্ম।
 
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান। বিয়লি ৪:৩০ বজালৈকে চলিব আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান। বৰপাত্ৰ আলিত থকা মূল গেটেৰে ৰাইজ প্রৱেশ কৰিব পাৰিব। ইয়াৰ পাছত শ্রদ্ধাঞ্জলিস্থলীলৈ গৈ ৰাইজে শ্রদ্ধাঞ্জলি অর্পণ কৰিব পাৰিব। শৌচালয় আৰু খোৱা পানীৰ বাবেও সু-ব্যৱস্থা কৰা হৈছে।
 
মৎস্যস্পৰ্শ অনুষ্ঠানটো ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, যিটো কেৱল পৰিয়ালৰ সদস্য আৰু আত্মীয়স্বজনৰ মাজত সীমাবদ্ধ থাকিব। মৎস্যস্পৰ্শ অনুষ্ঠানটো ৰাইজৰ বাবে নহয়; ই কেৱল পৰিয়ালৰ সদস্যসকলৰ মাজতেই সীমিত। যোৰহাট ষ্টেডিয়ামৰ গেলেৰীত ৰাইজ বহিব পাৰিব।