মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৫ লৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 15 d ago
মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৫ লৈ বৃদ্ধি
মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৫ লৈ বৃদ্ধি
 
গুৱাহাটী
 
বৃহস্পতিবাৰে মেঘালয়ৰ ছুতংগাত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত নিহত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে৷ আনহাতে, অবৈধ কয়লা খনন আৰু খনিটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। ছুতংগাত অবৈধ কয়লা খনিটোত বৃহস্পতিবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোৰ বিষয়ে শুকুৰবাৰে নিশা পূব জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষক আই পি এছ বিকাশ কুমাৰে জনায় যে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি হৈছে।
 
উল্লেখ্য যে এতিয়াও উদ্ধাৰ অভিযান শেষ হোৱা নাই৷ শনিবাৰেও অব্যাহত থকা এই অভিযানত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিয়নো আৰক্ষীয়ে ৰেট হ'ল মাইনিঙৰ জৰিয়তে চলাই থকা এই অবৈধ খনিটোৰ ভূ-গৰ্ভলৈ দুৰ্ঘটনাৰ দিনটোত কিমানজন লোক সোমাই গৈছিল সেয়া নিশ্চিত কৰিব পৰা নাই। স্থানীয় লোকৰ মতে, সেইদিনা কয়লা খননৰ বাবে প্ৰায় ৭০ৰ পৰা ১০০ জনৰ ওচৰা-ওচৰি লোক ভূ-গৰ্ভলৈ সোমাই গৈছিল।
 
আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জনোৱা তথ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়ালৈকে আন ৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ উপৰি এজন ব্যক্তিৰ শ্বিলংস্থিত নেইগ্ৰিমছ হাস্পতালত মৃত্যু ঘটে৷ নিহত এই ২৫ জনৰ ভিতৰত আঘাতপ্ৰাপ্ত আন দুজনৰ মৃত্যু ঘটা লোকো আছে বুলি আৰক্ষী অধীক্ষকজনে নিশ্চিত কৰিছে৷ শুকৰবাৰৰ সন্ধিয়ালৈ মুঠ ২৫ জন মৃতকৰ ভিতৰত ১৭ জনৰ পৰিচয় নিশ্চিত কৰিবলৈ মেঘালয় আৰক্ষী সক্ষম হৈছে৷
 
পৰিচয় লাভ কৰা লোকসকলৰ মৃতদেহ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি ইতিমধ্যে নিহতৰ পৰিয়ালৰ হাতত গতাই দিছে মেঘালয় আৰক্ষীয়ে।
 
অবৈধ কয়লা খনন আৰু এই ভয়ংকৰ দুঘৰ্টনাক লৈ পূব জয়ন্তীয়া হিলছৰ খলিয়েৰিয়াট থানাত আৰক্ষীয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ৰুজু কৰা ১৪/২০২৬ নং গোচৰত ভাৰতীয় ন্যায় সংহিতা (BNS), মাইনছ এণ্ড মিনাৰেলছ এক্ট আৰু এক্সপ্ল'ছিভ ছাবষ্টেন্স এক্টৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে। ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ধাৰা ১০৫/১১৮(২)/৩(৫)ৰ লগতে মাইনছ এণ্ড মিনাৰেলছ (ডেভেলপমেণ্ট এণ্ড ৰেগুলেচন) এক্টৰ ধাৰা ২১/২১(১) আৰু এক্সপ্ল’ছিভ ছাবষ্টেন্স এক্টৰ ধাৰা ৩ৰ সংযোজন কৰা হৈছে।
 
আৰক্ষী অধীক্ষকজনে লগতে জনায় যে পূব জয়ন্তীয়া হিলছ আৰক্ষীয়ে ইতিমধ্যে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৩ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন হ’ল— ফৰ্মে চ্যৰমাং (৩৬, জালাফেট পৰদুঙৰ বাসিন্দা) আৰু শ্বামেহি ৱাৰ (৪২, ছুতংগা পহৱাইতঙৰ বাসিন্দা)।
 
উল্লেখ্য যে মেঘালয়ৰ এই দুৰ্গম এলেকাটো অবৈধ কয়লা খননৰ বাবে জনাজাত হৈ আহিছে। অবৈধ খননৰ সৈতে জড়িত আন সন্দেহজনক লোকসকলক কৰায়ত্ত কৰাৰ বাবে মেঘালয় আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি পূব জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে৷