নতুন দিল্লী
প্ৰায় ১৭ বছৰৰ পাছত বৃহস্পতিবাৰে NIAৰ বিশেষ আদালতে মহাৰাষ্ট্ৰৰ মালেগাঁও চহৰত সংঘটিত বিস্ফোৰণৰ ৰায় প্ৰদান কৰে। ২০০৮ চনত মালেগাঁৱত সংঘটিত হোৱা বিস্ফোৰণত ৬গৰাকী লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছিল।
প্ৰাক্তন বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ আৰু লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ পুৰোহিতকে ধৰি ৭জন অভিযুক্তৰ বিৰুদ্ধে UAPA আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল। ৰায়দান প্ৰদান কৰি আদালতে কয় যে সাধ্ৱী প্ৰজ্ঞা আৰু কৰ্ণেল পুৰোহিতৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই।
সাধ্ৱী প্ৰজ্ঞা ঠাকুৰ আৰু কৰ্ণেল পুৰোহিতকে ধৰি সাতজন অভিযুক্তক দোষমুক্ত কৰিছে NIA আদালতে। আদালতে কয় যে অভিযুক্তৰ বিৰুদ্ধে কোনো সঠিক প্ৰমাণ পোৱা নগ’ল। বোমা সংস্থাপন কৰা বাইকখনো সাধ্বীৰ নছিল বুলি প্ৰমাণিত হৈছে।
NIAৰ আদালতে নিজৰ সিদ্ধান্তত কয় যে এই গোচৰৰ অভিযুক্ত আৰু বিজেপিৰ প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰ আৰু আন এজন অভিযুক্ত কৰ্ণেল পুৰোহিতৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই। বোমা আৰু আৰ ডি এক্সৰো কোনো প্ৰমাণ পোৱা নগ’ল।