প্ৰধানমন্ত্ৰীক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, দৰঙত দেওবাৰে
গুৱাহাটী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ দৰং জিলাত ৬,৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কালি নিশাটো গুৱাহাটীত কটোৱাৰ পিছত আজি পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে দৰং মেডিকেল কলেজ আৰু হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জিএনএম স্কুল নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ বিনিয়োগৰ পৰিমাণ ৫৭০ কোটি বুলি চৰকাৰী বিষয়াসকলে পিটিআইক জনায়।
মোদীয়ে আনুমানিক ১২০০ কোটি বিনিয়োগেৰে নিৰ্মাণ কৰা ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু কামৰূপ আৰু দৰং জিলাক মেঘালয়ৰ ৰি ভয় জিলাৰ সৈতে সংযোগ কৰিব পৰা ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি এইমছ আৰু চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্ক দেশৰ চুক-কোণলৈ সম্প্ৰসাৰিত কৰিছো। অসমত কৰ্কট ৰোগৰ বিশেষ চিকিৎসালয়ো নিৰ্মাণ কৰা হৈছে। "যিকোনো অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুত সংযোগ অতি গুৰুত্বপূৰ্ণ। সেইবাবেই আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত সংযোগৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। আজি সমগ্ৰ দেশে এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলৰ বাবে উন্নত ভাৰত এক সপোন আৰু সংকল্প। এই সংকল্প পূৰণৰ ক্ষেত্ৰত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে।"-প্ৰধানমন্ত্ৰীয়ে কয়।
পিটিআইৰ বাতৰি অনুসৰি ৰিং ৰোড প্ৰকল্পৰ আন্তঃগাঁথনিৰ লগত জড়িত খৰচ ৪৫৩০ কোটি টকা বুলি অনুমান কৰা হৈছে। দিনটোৰ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটিৰো অধিক মূল্যৰ বাঁহ ভিত্তিক ইথানল প্লাণ্টৰ লগতে আন ৭,২৩০ কোটি মূল্যৰ পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উন্মোচন কৰিব।
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ ভাৰতৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি মহান শিল্পীগৰাকীক ভাৰতৰ ঐক্য আৰু সংহতিৰ আদৰ্শ পুৰুষ আখ্যা দিয়ে। লগতে হাজৰিকাৰ সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে।