ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত মেঘালয়ৰ 'এজ কেভ' আৰু নাগালেণ্ডৰ 'নাগা হিল অফিঅ’লাইট'

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ পূব খাচী হিলৰ 'এজ কেভ', নাগালেণ্ডৰ কিফিৰেৰ 'নাগা হিল অফিঅ’লাইট', মহাৰাষ্ট্ৰৰ পঞ্চগণি আৰু মহাবলেশ্বৰত থকা 'ডেকান ট্ৰেপছ', অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা পাহাৰৰ প্ৰাকৃতিক ঐতিহ্যকে ধৰি মুঠ ৭ টা নতুন সম্পত্তি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ আংশিক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি বিষয়াসকলে জনায়। 
 
ইউনেস্ক’ৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি দলে কয় যে, এই সম্পত্তিসমূহৰ সংযোজনে ভাৰতৰ “নিজৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু সংৰক্ষণৰ প্ৰতি দায়ৱদ্ধতাক” গভীৰ কৰি তুলিছে। 
 
১২ ছেপ্টেম্বৰত এক্সত এক পোষ্ট কৰি ভাৰতে কয় যে, "ইউনেস্ক'ৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি দলে ভাৰতৰ ৭টা সম্পত্তি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সন্মিলনৰ আংশিক তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে।" 
 
ইউনেস্ক’ৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি দলে এক বিবৃতিত কয়, "প্ৰাকৃতিক শ্ৰেণীৰ অন্তৰ্গত এই সাতটা সম্পত্তিৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ পূব খাচী হিলৰ 'এজ কেভ', নাগালেণ্ডৰ কিফিৰেৰ নাগা হিল অফিঅ’লাইট, মহাৰাষ্ট্ৰৰ পঞ্চগণি আৰু মহাবলেশ্বৰত থকা ডেকান ট্ৰেপছ, অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা পাহাৰৰ প্ৰাকৃতিক, ছেইণ্ট মেৰীছ দ্বীপ ক্লাষ্টাৰৰ ভূতাত্ত্বিক ঐতিহ্য (উডুপি, কামটাকা), এৰা মাট্টি ডিব্বালুৰ প্ৰাকৃতিক ঐতিহ্য (বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশ) আৰু ভাৰ্কলাৰ (কেৰালা) প্ৰাকৃতিক ঐতিহ্য ইদ্যাদি।" 
 
এইবোৰৰ সৈতে টেণ্টেটিভ লিষ্টত ভাৰতীয় সম্পত্তিৰ সংখ্যা এতিয়া ৬৯টা (সাংস্কৃতিক শ্ৰেণীৰ অন্তৰ্গত ৪৯টা, মিশ্ৰিত শ্ৰেণীৰ অন্তৰ্গত ৩টা আৰু প্ৰাকৃতিক শ্ৰেণীৰ অধীনত ১৭টা) বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। 
 
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, "বিশ্ব ঐতিহ্য তালিকাত যিকোনো সম্পত্তি লিপিবদ্ধ কৰাৰ পূৰ্বে আংশিক তালিকাত সংযোজন কৰাটো বাধ্যতামূলক। আমি ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাক ইয়াৰ অধ্যৱসায়ী কামৰ বাবে ধন্যবাদ জনাইছো।"