আৰম্ভ হ'ল জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত

Story by  atv | Posted by  [email protected] • 1 Months ago
আৰম্ভ হ'ল জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত
আৰম্ভ হ'ল জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত
 
গুৱাহাটী
 
কেনেকৈ, কিদৰে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনাই আৰম্ভ হ’ল তদন্ত। যোৰহাটত আৰু বজালীত উপস্থিত CID ৰ দল।
 
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল হৈছিল প্ৰায় ৫০ৰো অধিক এজাহাৰ। এজাহাৰ কাৰী সকলৰ ভাষ্য গ্ৰহণ কৰিছে CIDৰ দলটোৱে। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ সভাপতি মৃন্ময় পাঠক, সহঃসম্পাদক চন্দন পাটগিৰীৰ লগতে সদস্যসকলৰ আৰু অধিবক্তা গোপাল তালুকদাৰ, সৰুপেটা জুবিন ফেন ক্লাৱৰ সভাপতি সম্পাদকৰ পৃথকে পৃথকে সাক্ষ্য গ্ৰহণ কৰে CIDএ।
 
আনফালে যোৰহাটত CIDৰ দলটোৱে জুবিন গাৰ্গৰ সৈতে ঘটনাক লৈ যোৰহাটত গোচৰ দিয়া লোকসকলৰ জবানবন্দী লৈছে।
 
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু পিছতে বিভিন্ন ৰহস্য সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকাণু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দাখিল হৈছিল এজাহাৰ।
 
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দিয়া এজাহাৰসমূহ ইতিমধ্যে CIDলৈ হস্তান্তৰ কৰিছে। আৰু জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে আৰম্ভ হৈছে তদন্ত।