গুৱাহাটী
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশজুৰি মৌচুমী বায়ু অধিক সক্ৰিয় হৈ পৰাৰ কথা ঘোষণা কৰিছে। দেশৰ কেইবাটাও প্ৰান্তত ধাৰাসাৰ বৰষুণ অহাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই বৰষুণৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিব উত্তৰ-পূৰ্বাঞ্চলত। ইয়াৰ উপৰি উত্তৰ, পূব, পশ্চিম আৰু উপদ্বীপীয় বিভিন্ন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু কৃত্রিম বানৰ সৃষ্টি হ'ব পাৰে বুলি সদৰি কৰিছে। এই পৰিপ্ৰেক্ষিতত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে, অসম আৰু মেঘালয়, এই দুই ৰাজ্যত আটাইতকৈ বেছি বৃষ্টিপাত হ'ব পাৰে। একেদৰে অৰুণাচল প্ৰদেশতো প্ৰবল বৰষুণ হ'ব পাৰে। আনহাতে, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কেতবোৰ স্থানত ধাৰাসাৰ বৰষুণ আৰু জম্মু-কাশ্মীৰতো প্ৰবল বৰষুণৰ পূৰ্বানুমান কৰা হৈছে।
তাৰোপৰি হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু পঞ্জাৱত বিজুলী-ঢেৰেকনিসহ বৰষুণ হ'ব পাৰে। বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ আৰু ছিকিমতো প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে।