নতুন দিল্লী
স্বাধীনতা দিৱসৰ পূৰ্বে সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ মোকাবিলা কৰিবলৈ প্ৰস্তুতি আৰু সক্ষমতা পৰীক্ষা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত দিল্লী আৰক্ষী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (NSG)ৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্যৰ কেইবাটাও সংস্থাই এক যৌথ সন্ত্ৰাসবাদবিৰোধী অনুশীলন অনুষ্ঠিত কৰিছে।
দিল্লী আৰক্ষীৰ মতে, গৃহ মন্ত্ৰালয়ৰ তত্বাৱধানত ৭ আগষ্ট পুৱা ১০ বজাৰ পৰা ৮ আগষ্ট পুৱা ৪ বজালৈকে ‘সুদৰ্শন শক্তি-V’ৰ পঞ্চম সংস্কৰণ অনুষ্ঠিত হয়।
অনুশীলনৰ অংশ হিচাপে ৰাজধানী চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সন্ত্ৰাসবাদী আক্ৰমণৰ বিভিন্ন কাল্পনিক পৰিস্থিতি সৃষ্টি কৰা হয়। ইয়াৰ ভিতৰত একে সময়তে বিস্ফোৰণ, নিৰ্বিচাৰ গুলীচালনা, পণবন্দী কৰা, বিমান অপহৰণ আৰু চি বি আৰ এন ই আক্ৰমণৰ দৰে পৰিস্থিতি অন্তৰ্ভুক্ত আছিল। এই অনুশীলনসমূহ আই এছ বি টি কাশ্মীৰী গেট, কনট প্লেচ, নেহৰু প্লেচ, আই জি আই বিমানবন্দৰ, লালকিল্লা মেট্ৰ’ ষ্টেচন আৰু কালকাজী মন্দিৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত অনুষ্ঠিত কৰা হয়।
অনুশীলনত দিল্লী আৰক্ষীৰ SWAT, জিলা আৰক্ষী, বোমা নিষ্ক্ৰিয়কৰণ দল, ট্ৰেফিক আৰক্ষী, ক্ৰাইম ব্ৰাঞ্চ আৰু অন্যান্য বিশেষজ্ঞ গোটে অংশগ্ৰহণ কৰে। তেওঁলোকৰ সৈতে সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF), এয়াৰপ’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (AAI), দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচন (DMRC), অগ্নিনিৰ্বাপক বাহিনী আৰু স্বাস্থ্য সেৱাৰ দলসমূহেও এই যৌথ অনুশীলনত অংশ লয়।