গুৱাহাটী
আজি মে-ডাম-মে-ফি। টাই আহোমসকলৰ এক ধৰ্মীয় পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে-ডাম-মে-ফি। এই উৎসৱত আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোমবাৰে টাই আহোম লোকসকলে মে ডাম মে ফি উদযাপন কৰিছে।
উল্লেখ্য যে, মে ডা মে ফিৰ পৰম্পৰাৰ জৰিয়তে পুৰ্বপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।
ভক্তসকলে এটা ৰীতি-নীতি পালন কৰি আছে
প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়মসমূহ অসমলৈ চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে আনিছিল। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা হয়। এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মাইহাং (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰা হয়।
এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন প্ৰথমবাৰৰ বাবে তিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত আয়োজন কৰা হৈছিল।
ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰি আহিছে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ’-কাম বোলা হয়। তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন শৰাই (মাইহাং) আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।