ষট্ পূজা উপলক্ষে ২৭-২৮ অক্টোবৰত মহানগৰীত যান-বাহন চলাচলত নির্দেশনা জাৰি

Story by  atv | Posted by  Munni Begum • 9 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
ষট্ পূজা উপলক্ষে যান-জট নিয়ন্ত্ৰণৰ লক্ষ্যৰে ২৭ আৰু ২৮ অক্টোবৰত গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত কিছু নীতি-নির্দেশনা জাৰি কৰা হৈছে। এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ'ব। 
 
মহানগৰ আৰক্ষীৰ ট্রেফিক ডি চি পিগৰাকীয়ে জনোৱামতে, ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত কোনো বাণিজ্যিক সামগ্রী বহন কৰা বাহন তথা অন্য কোনো গধুৰ বাহন চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব। মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্ট, এম জি ৰোডত পূজাৰ সামগ্ৰী আৰু ভক্তবৃন্দ কঢ়িয়াই নিয়া বাহনৰ বাদে অন্য কোনো বাহন চলাচল কৰিব নোৱাৰিব।
 
২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজাপর্যন্ত ঠেলা, ৰিক্সা, ঘোঁৰা গাড়ী আদি ধীৰ গতিৰ বাহনসমূহ মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্টলৈ, এম জি ৰোডত চলাচল কৰিব নোৱাৰিব। কিন্তু পূজাৰ সামগ্ৰী বহন কৰা ভক্তবৃন্দৰ ধীৰ গতিৰ বাহনসমূহৰ ক্ষেত্রত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব।
 
খানাপাৰাৰ দিশৰ পৰা ভৰলুমুখলৈ অহা সকলো চিটি বাছে জি এছ ৰোড-এ টি ৰোড ব্যৱহাৰ কৰিব লাগিব আৰু এইসমূহ বাছক পাণবজাৰৰ ফালে আৰ অ'বি হৈ ঘূৰি যোৱাৰ অনুমতি দিয়া নহ'ব। জালুকবাৰী দিশৰ পৰা অহা সকলো গধুৰ বাহন, যেনে- আন্তঃজিলা বাছ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছ আদিক (চিটি বাছ আৰু ভক্তবৃন্দ বহন কৰা বাহনৰ বাদে) মহানগৰীত প্রৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। এনে বাহনক জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰে ঘূৰি যাবলৈ দিয়া হ'ব।
 
ভক্তসকলক কেৱল চাৰিচকীয়া বাহন ব্যৱহাৰৰ অনুমতি দিয়া হ'ব। ছচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইচ বি ৰোডৰ শনি মন্দিৰৰ পৰা পাণবজাৰ আৰক্ষী পইন্টলে, বাহনসমূহ দুই দিশেৰে চলাচল কৰিব পাৰিব। লাচিত ঘাটৰ ভিতৰত যিকোনো বাহন ৰখাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
 
ভৰলুমুখৰ পৰা পাণবজাৰ/চানমাৰি দিশলৈ অহা সকলো বাহন, চিটি বাছক মাছখোৱাত এলিভেটেড কৰিডৰ পইণ্টত এইচ বি ৰোড (টি আৰ পি পথৰ মাজেৰে) বা এ টি ৰোডলৈ ঘূৰাই দিয়া হ'ব। চানমাৰি/লতাশিললৈ যোৱা বাহনে এন বি হল (ছেচ্ছন ক'র্ট) পইণ্টত বাওঁফাললৈ ঘূৰি এফ চি ৰোডেৰে আগবাঢ়িব লাগিব। 
 
চানমাৰি দিশৰ পৰা পাণবজাৰ ভৰলুমুখ/জালুকবাৰীৰ দিশলৈ অহা সকলো বাহন, চিটি বাছ আদিক এন বি হল (ছেছন ক'ৰ্ট) পইন্টত এইচ বি ৰোডৰ ফালে ঘূৰাই দিয়া হ'ব আৰু ভৰলুমুখৰ ফালে আগবাঢ়িব লাগিব। উজানবজাৰ/লতাশিল দিশৰ পৰা ভৰলুমুখলৈ অহা সৰু বাহনসমূহক প্লেনেটেৰিয়াম পইণ্টত লেম্ব ৰোড, এফ চি ৰোড, তৈয়বুল্লা পইন্ট, জি এন বি ৰোড, জিলা পুথিভঁৰালৰ মাজেৰে এন বি হল (ছেচ্ছন ক'ৰ্ট) পইন্টত বাওঁফাললৈ ঘূৰিব লাগিব।
 
এ টি ৰোডত ভৰলুমুখৰ পৰা পাণবজাৰ অ'ভাৰব্ৰীজৰ দক্ষিণ পইন্টলৈকে ২৭ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা ২৮ অক্টোবৰত অনুষ্ঠান সম্পূর্ণ নোহোৱা পর্যন্ত বাহন ৰখাই থোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টি আৰ পি ৰোডত বাহন ৰখা নিষিদ্ধ।
 
কোনো ট্রাক বা গধুৰ বাণিজ্যিক বাহন টি আৰ পি ৰোড, লক্ষী গলি, চেম্বাৰ ৰোড, এছ আৰ চি বি ৰোড, কেদাৰ ৰোড, এম এছ ৰোড আদি ঠাইত ২৭ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা ২৮ অক্টোবৰৰ অনুষ্ঠান শেষ নোহোৱাপর্যন্ত ৰখাটো নিষিদ্ধ। সকলো পূজা সমিতিক অনুৰোধ কৰা হৈছে যে, পূজা স্থানৰ ওচৰত কোনো বাহন ৰখোৱাত অনুমতি দিয়া নহ'ব। নিৰাপদ দূৰত্বত নির্দিষ্ট পার্কিং স্থান নির্ধাৰণ কৰি স্পষ্টভাৱে ছাইনব'ৰ্ড স্থাপন কৰিব লাগিব- যাতে বিশৃংখল পার্কিং নহয়।
 
পূজা সমিতিসমূহক পর্যাপ্ত সংখ্যক স্বেচ্ছাসেবক নিযুক্তি দিয়াৰ বাবে আৰক্ষীয়ে অনুৰোধ জনাইছে। সকলো ভক্তক নিজ বাহনসমূহ অন্য পথচাৰী বা যান-বাহনৰ অসুবিধা নোহোৱাকৈ নির্দিষ্ট স্থানত ৰাখিবলৈও আৰক্ষীয়ে আহ্বান জনাইছে। ভৰলুমুখ দিশৰ পৰা অহা ভক্তবৃন্দ আৰু পূজাৰ সামগ্রী বহন কৰা বাহনে নিজৰ গাড়ী লক্ষী গলি, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এম জি পথৰ বজাৰৰ ফালে ৰখাব পাৰিব। সোণাৰাম হায়াৰ ছেকেণ্ডাৰী স্কুল ঘাটত সকলো বাহন বিদ্যালয়ৰ খেলপথাৰৰ ভিতৰত ৰখা হ'ব।