মামণি শৰ্মা
চাহ-চা-চাই-টি.....নামেৰেই বিভূষিত সুস্বাদু পানীয়বিধেই অসমৰ জাতীয় পানীয়। যি সুগন্ধি-সুস্বাদুময় পানীয়বিধেই অসমৰ সন্মানৰ সম্ভ্ৰান্ত সম্পদ। যি সম্পদ অসমৰ মান-সন্মানৰ প্ৰতীক হোৱাৰ লগতে অসমীয়াৰ দৈনন্দিন জীৱনৰ এক এৰাব নোৱাৰা অংগ স্বৰূপ হৈ পৰিছে। চাহ যেন এক ৰাগি। প্ৰতিগৰাকী মানুহৰ সতে সম্পৃক্ত হৈ পৰা এক সুস্বাদু ৰাগি এই চাহ। একাপ মাত্ৰ চাহৰ বাবেই মানুহ হৈ পৰে দুৰ্বলতকৈও দুৰ্বল। ক্লান্তি-অৱসাদ আঁতৰাই একাপ মাথোঁ চাহেই আনি দিয়ে সজীৱতা। সজীৱ মনেও বিচাৰি পায় ছন্দ...জীৱনৰ ছন্দ....উৎসাহৰ অমল প্ৰেৰণা।
টি (Tea) মূলতঃ চীনা ভাষাৰ শব্দ। টাইৱান দ্বীপৰ বিপৰীত দিশত থকা চীনৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল। ফুকিয়ান প্ৰদেশৰ এময়( Amoy) বন্দৰৰ মাজেৰে বেহা-বেপাৰৰ বাবে ইংৰাজসকল অহা-যোৱা কৰোঁতে চাহৰ সংস্পৰ্শলৈ আহে। চীনৰ টি (Te) শব্দৰেই অপভ্ৰংশ ইংৰাজী Tea শব্দ। ইতিহাস সমৃদ্ধ চাহৰ মেটমৰা ভঁৰাল চহকী তথ্য অনুসৰি খ্ৰীষ্টজন্মৰ আগৰে পৰাই চীন, ম্যানমাৰ, থাইলেণ্ড আদি দেশৰ অঞ্চল বিশেষে চাহ জাতীয় পানীয়ৰ প্ৰচলন আছিল বুলি জানিব পৰা যায়।
অসমীয়াৰ কেঁচা সোণ ৰূপে খ্যাত "অসম চাহ" আকৌ ৰবাৰ্ট ব্ৰুচ নামে স্কট অভিযানকাৰী গৰাকীৰ হাতেৰে ১৮২৩ চনত আৱিষ্কাৰ হোৱা বুলি তথ্য পোৱা যায়। অসমৰ বনাঞ্চলত ঘূৰি-ফুৰি থকা সময়ছোৱাত ৰবাৰ্ট ব্ৰুচে চাহগছজোপাক বন্য ৰূপত গজি থকা অৱস্থাত দেখা পাইছিল। মণিৰাম দেৱানে ৰবাৰ্ট ব্ৰুচক স্থানীয় চিংফৌ গাঁওৰ মুখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল। তাতেই তেওঁ চিংফৌ লোকসকলক সেই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় সেৱন কৰা দেখা পাই বিছা গামৰ পৰা গছৰ পাত আৰু বীজ সংগ্ৰহ কৰি বৈজ্ঞানিকভাৱে পুনৰীক্ষণৰ বাবে প্ৰস্তুতি চলাইছিল যদিও ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হোৱাত সেই প্ৰচেষ্টা ফলপ্ৰসূ নহ'ল।
চাহপাত প্ৰস্তুত কৰা প্ৰক্ৰিয়া
১৮৩০ চনত ৰবাৰ্ট ব্ৰুচৰ ভাতৃ চাৰ্লছে "অসম চাহ"ৰ পাত কলকাতা উদ্ভিদবিদ্যা উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত কলকাতাতেই এই গছজোপাক "চাহ গছ" কিম্বা Camellia sinensis ৰ এটা ৰূপ বুলি স্বীকৃতি প্ৰদান কৰা হয়। যদিও এইটো চীনা ৰূপৰ Camellia sinensis var. sinensis ৰ সতে সাদৃশ্য নাই। ইতিহাসৰ মেটমৰা ভঁৰালেৰে সমৃদ্ধ হৈ আজিৰ "অসম চাহ" এক শিল্প ৰূপত প্ৰতিষ্ঠিত হয়। মান-সন্মান-সম্পদ-ঐতিহ্য-গৌৰৱ আদি অলঙ্কাৰেৰে অলংকৃত অসমৰ চাহ। পানীৰ পিছতেই আটাইতকৈ বেছি সেৱন কৰা পানীয়বিধ হৈ পৰে চাহ।
ৰাতিপুৱাৰ কেঁচা কোমল সোণবৰণীয়া ৰদজাকে অভিবাদন জনোৱা সময়তেই প্ৰতিগৰাকী অসমীয়াই হাতৰ মুঠিতেই বিচাৰে একাপ সুগন্ধি-সুস্বাদুময় চাহ। যি চাহে ৰৌদ্ৰোজ্জ্বল পুৱাৰ শকতিৰে দিনটোলৈ কৰি তুলিব পাৰে অধিক উদ্যমী। প্ৰতিগৰাকী মানুহ এক উদ্যমেৰে ঢাৱমান হয় প্ৰতি সূৰ্য্যোদয়ৰ হেঙুল-হাইতাল সানি। কিয়নো চাহেই দিয়ে দেহক অফুৰন্ত শক্তি। যাৰ বাবে ব্যক্তি বিশেষৰ বাবে একো একো কাপ চাহ হৈ পৰে জীৱন স্বৰূপ।
হৃদপিণ্ড, মগজু সক্ৰিয় কৰি ৰাখিব পৰা ক্ষমতা আছে চাহৰ। প্ৰচণ্ড মূৰৰ বিষ নাশিবলৈ চাহৰ যি যাদুকৰী প্ৰভাৱ, সেয়া জানো কোনোৱে অস্বীকাৰ কৰিব পাৰে। সাম্প্ৰতিক ব্যস্ততাবহুল জীৱনত একো একো কাপ "সেউজীয়া চাহ" (Green Tea)ৰ ঔষধি গুণ সৰ্বজন সমাদৃত। কৰ্কট ৰোগ নিয়ন্ত্ৰণটো চাহৰ ভূমিকা অপৰিসীম। অতিথি পৰায়ণ অসমীয়াৰ বাবে সেয়ে একাপ চাহ যচাটো যেন শিষ্টাচাৰৰেই নিদৰ্শন হৈ পৰিল। ঠেৰেঙা লগা শীতত আকৌ একাপ চাহেই শৰীৰলৈ আনি দিয়ে সজীৱতা।
চাহপাত প্ৰস্তুত কৰা প্ৰক্ৰিয়া
চাহৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগেই চাহ উদ্যোগৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পায়। ইয়েই চাহৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ চাহ খেতিয়ে ইতিহাস ৰচিবলৈ সক্ষম হয়। বৰলুইতৰ দুটি পাৰৰ এই অসম ভূমিয়েই পৃথিৱীৰ সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য। বৃষ্টিপাতৰ হাৰ অসমত বেছি হেতুকে চাহক বিশেষভাৱে সমৃদ্ধ কৰি তুলিছে ইয়াৰ জলবায়ুৱে। মৌচুমী ঋতুত সৰ্বাধিক ১০ ৰ পৰা ১২ ইঞ্চি (২৫০-৩০০ মি.মি) পৰ্যন্ত বৰষুণ হোৱা দেখা যায় এই অঞ্চলত। দিনৰ ভাগত ৪০°ছেণ্টিগ্ৰেডলৈ বৰ্ধিত উষ্ণতাই বিৰল জলীয় বাষ্প আৰু উত্তাপে সেউজগৃহ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। বিশেষ জলবায়ুৰে পুষ্ট "অসম চাহ" সেয়ে হৈ পৰিল অনন্য সোৱাদ-বৈশিষ্ট্যৰে সমৃদ্ধ।
"অসম চাহ" অসমত উৎপাদিত ৰঙা চাহ। সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয় এই চাহৰ। অধিক স্ফূৰ্তিদায়ক, সুগন্ধিযুক্ত হোৱাৰ লগতে উজ্জ্বল ৰঙেৰে সমৃদ্ধ হয় অসম চাহ। "পুৱাৰ পানীয়"ৰূপে সৰ্বাধিক বিক্ৰী হয় "অসম চাহ"। সাধাৰণতে অসমত উৎপাদিত চাহ "ৰঙা চাহ" যদিও "সেউজীয়া চাহ" (Green Tea) আৰু নিজস্ব বৈশিষ্টৰে পুষ্ট "বগা চাহ"ৰো উৎপাদন আছে। দক্ষিণ চীনৰ পিছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল ৰূপেই গৌৰৱান্বিত হৈ পৰিল এই অসমভূমি। সমগ্ৰ বিশ্বতেই দুৰ্লভ থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায় মাথোঁ দক্ষিণ চীন আৰু অসমতহে।
গ্ৰীন টি বনোৱা প্ৰক্ৰিয়া
বিশ্বৰ বুকুত "কেঁচা সোণৰ দেশ" ৰূপে সমাদৃত অসমক গৌৰৱান্বিত কৰি তোলাৰ মূলতেই আছে চাহ জনগোষ্ঠীসমূহৰ অপৰিসীম অৱদান। ভিন্ন ঠাইৰ ভিন্ন সাংস্কৃতিক পৰিৱেশৰ পৰা আহি অসমত এক জীৱন নিৰ্বাহ প্ৰণালীৰে একগোট হৈ যেন ন কৈ "চাহ জনগোষ্ঠী" ৰূপে সমৃদ্ধ হৈ পৰিল এই ধৰাত। চাহ বাগিচাত পুৰুষ-মহিলাৰ কামৰ নাই কোনো ভেদ। পাত ছিঙা কাম আগেয়ে মহিলাই কৰিছিল যদিও সম্প্ৰতি পাত ছিঙা কামত উভয়কেই দেখা যায়। ওখ ওখ শিৰীষ গছৰ কোমল ছাঁত পৰিপুষ্ট হৈ উঠে চাহগছ। চাহগছৰ পাত ছিঙা প্ৰক্ৰিয়াৰো আছে এক নান্দনিক ৰূপ। যি নান্দনিক ৰূপ বন্দিত হৈছে অসমীয়া গীতিসাহিত্যৰ পৃষ্ঠাত- "অ' অ' অ' এটি কুঁহি দুটি পাত/ৰতনপুৰ বাগিচাত/লহপহিয়া হাতেৰে/কোনেনো ছিঙিলে/এন্ধাৰ কলা চুলিৰে/জবাফুলৰ পাহিৰে/পাপৰিবোৰ উৰুৱাই/কোনেনো হাঁহিলে....."।
এই "এটি কলি দুটি পাত" নিয়মেৰেই চলে চাহ গছৰ পাত ছিঙা পৰ্ব। পাত ছিঙা সময়ত পুৰুষ মহিলা উভয়েই পিঠিত এটা বাঁহৰ টুকুৰী ৰছীৰে বান্ধি মূৰত ওলোমাই লৈ "এটি কলি দুটি পাত" নিয়মেৰে কোমল কোমল পাত ছিঙি টুকুৰীসমূহ ভৰাই লয়। এইদৰেই ছিঙা পাত কেবাখলপীয়াকৈ সজাই থোৱা পাতঘৰলৈ আনি সমানকৈ মেলি শুকাবলৈ দিয়া হয়। সাম্প্ৰতিক সময়ত কয়লা কিম্বা গেছ ব্যৱহাৰ কৰিও গৰম বতাহেৰে কেঁচা পাতৰ আৰ্দ্ৰতা শুকুৱাই লোৱা হয়। Orthodox চাহৰ বাবে আকৌ শুকাই লেৰেলি যোৱা পাতবোৰ Factory Rolling Machine ত ভৰাই দি মোহাৰি পেলোৱা হয়। CTC চাহ আকৌ CTC Machine ত পাতবোৰ ভৰাই দি কাটি গুড়ি কৰি পেলোৱা হয়। Copper বৰণটো আনিবলৈ ৰ'দ নপৰা আহল-বহল Fermenting room ত দুঘণ্টাৰ পৰা আঢ়ৈ ঘণ্টা সময়লৈ থৈ দিয়া হয়। Orthodox কিম্বা CTC দুই ধৰণৰ চাহেই এইদৰে থৈ বৰণটো অহাৰ লগে লগেই Dryerত তাপ দি চাহপাত Orthodox-CTC ৰূপত তৈয়াৰ কৰা হয়। ভিন্ন তৰপৰ পদ্ধতিৰে আহি এইদৰেই চাহে মৰাপাটৰ মোনাত সোমাই বাগিচাৰ বাহিৰলৈ গতি কৰে।
চাহপাত শুকুৱাবলৈ দিয়া এক দৃশ্য
কষটি শিলত কাটি কুটি শৈল্পিক ৰূপেৰে সমৃদ্ধ হোৱা চাহে সীমাৰ পৰিধি ভেদি নানাভাৱে সমাদৃত হৈ ধন্য কৰিছে অসমীয়াক। অসমীয়া চাহ খেতিয়কৰ অসীম চেষ্টাৰ সাধনাত চাহ শিল্পলৈ আহিছে নতুনত্ব তথা সুকীয়া পৰিচিতি। বিশ্বজুৰি চাহৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি তথা জনসাধাৰণৰ মাজত চাহৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেই ৰাষ্ট্ৰসংঘৰ আহ্বান মৰ্মে প্ৰতি বছৰে ২১ মে' ৰ দিনটো "আন্তৰ্জাতিক চাহ দিৱস" ৰূপে উদযাপন কৰা হয়। "অসম চাহ"ৰ দুশ বছৰীয়া গৌৰৱোজ্জ্বল বৰ্ষত এয়া অসমীয়াৰ বাবে নিশ্চয়কৈ তাৎপৰ্যপূৰ্ণ কথা। প্ৰথম ৰাগিয়ে নধৰা পানীয় (beverage) ৰূপেই সমাদৃত চাহ যেন অসমৰ ঐতিহ্যৰ বাহক। যি বাহকৰ হাতে হাত ধৰি বিশ্বৰ শৰীৰত অসমে বঢ়াব মান....অসমে বঢ়াব সন্মান।
(আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে এই প্ৰৱন্ধটি প্ৰকাশ কৰা হৈছে)