উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ অনুমোদন; ৩৩ ৰ পৰা ৩৭ গৰাকীলৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 5 h ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী
 
এতিয়াৰে পৰা কোনো লোকে উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখত ন্যায়ৰ বাবে দীৰ্ঘসময় ধৰি অপেক্ষা কৰিব নালাগে ৷ কিয়নো ন্যায়ালয়ে বৃদ্ধি কৰিছে ন্যায়াধীশৰ সংখ্যা৷
 
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ অনুমোদন৷ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে দেওবাৰে কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে৷ এতিয়াৰে পৰা দেশৰ সৰ্বোচ্চ আদালতখনত ন্যায়াধীশৰ সংখ্যা হ’ব ৩৭ গৰাকী৷ পূৰ্বে মুখ্য ন্যায়াধীশকে ধৰি ৩৪ গৰাকী ন্যায়াধীশে বিচাৰৰ দায়িত্ব পালন কৰিছিল৷ 
এক্সত প্ৰকাশিত এক পোষ্টত মন্ত্ৰী মেঘৱালে কয়, "ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ(ন্যায়াধীশৰ সংখ্যা) সংশোধনী অধ্যাদেশ, ২০২৬ জাৰি কৰি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ শক্তি ৩৩ গৰাকীৰ পৰা ৩৭ গৰাকীলৈ বৃদ্ধি কৰিছে৷" অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশ এই সংশোধনীৰ আওতাত নপৰে৷ 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) আইন, ১৯৫৬ সংশোধন কৰিবলৈ সংসদত উত্থাপন কৰা উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬ ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল৷
 
উচ্চতম ন্যায়ালয়ত ক্ৰমাৎ বৃদ্ধি পোৱা কামৰ বোজা আৰু গোচৰৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে মতপোষণ কৰে। ন্যায়িক ক্ষমতা বৃদ্ধি কৰিলেহে ক্ষীপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰিব পৰাৰ লগতে ন্যায়ালয়ৰ কাৰ্যক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
 
প্ৰথমে ১৯৫৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল। তেতিয়াৰ পৰা ন্যায়পালিকাৰ ওপৰত বৃদ্ধি পোৱা দাবীৰ লগত সংগতি ৰাখি ন্যায়াধীশৰ অনুমোদিত শক্তি কেইবাবাৰো সংশোধন কৰা হৈছে।
 
শেষবাৰৰ বাবে ২০১৯ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰা হৈছিল৷ সংসদে উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) সংশোধনী আইন, ২০১৯ ৰ জৰিয়তে ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি ন্যায়াধীশৰ সংখ্যা ৩০ গৰাকীৰ পৰা ৩৩ গৰাকীলৈ বৃদ্ধি কৰাৰ বাবে আইনখন সংশোধন কৰিছিল। 
 
শেহতীয়া সংশোধনী অনুসৰি, এতিয়াৰে পৰা ভাৰতৰ মুখ্য ন্যায়াধীশকে ধৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত থকা ন্যায়াধীশৰ মুঠ সংখ্যা হ’ব ৩৮ গৰাকী। এই সিদ্ধান্ত সমগ্ৰ দেশতে ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সময়োপযোগী ন্যায়ৰ সুবিধা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰা গৈছে। 
 
এই সিদ্ধান্তক আইনী সমাজে আদৰণি জনাইছে৷ উচ্চতম ন্যায়ালয়ত ক্ৰমাৎ বৃদ্ধি পোৱা গোচৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এয়া সময়োপযোগী সিদ্ধান্ত বুলি তেওঁলোকে অভিহিত কৰিছে।