১৮৩.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ মূল্য

Story by  atv | Posted by  [email protected] • 1 Months ago
১৮৩.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ মূল্য
১৮৩.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ মূল্য
 
নতুন দিল্লী
 
জুলাই মাহৰ প্ৰথম দিনটোতে গ্ৰাহকৰ বাবে আহিল এক ভাল খবৰ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য৷ বিগত সময়ছোৱাত ব্যাপকভাৱে দাম বৃদ্ধি কৰাৰ পাছত তেল বিপণন কোম্পানীয়ে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকালৈ হ্ৰাস কৰা হৈছে।
 
বাণিজ্যিক চিলিণ্ডাৰৰ লগতে ৫ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্যও ১৩ টকাকৈ হ্ৰাস কৰা হৈছে। যোৱা জুন মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৯ টকা বৃদ্ধি কৰা হৈছিল। ১ মে'ত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা বৃদ্ধি কৰা হয়।
 
পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত মাৰ্চ মাহত ৬০ টকাকৈ বৃদ্ধি পাইছিল চিলিণ্ডাৰৰ মূল্য। একেদৰে এপ্ৰিল মাহত বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি কৰা হৈছিল। জানুৱাৰীত এই মূল্যবৃদ্ধি পাইছিল ১১১ টকা।
 
গুৱাহাটীত বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে ৩,১৭৩.৫০ টকা। আনহাতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হৈছে ৯৯১.০০ টকা। চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে বিশেষকৈ খাদ্য-সামগ্ৰী বিক্ৰীৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছিল। ৰন্ধন গেছৰ কৃত্ৰিম নাটনি তথা অত্যধিক মূল্যবৃদ্ধিৰ ফলত বহুতেই ব্যৱসায় বন্ধ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল।
 
বুধবাৰে কেন্দ্ৰই ভাৰতীয় ঘৰুৱা বিমান সংস্থাসমূহৰ বাবে বিমান টাৰ্বাইন ইন্ধন (এটিএফ) সংশোধন কৰি প্ৰতি লিটাৰত ৫ টকা হ্ৰাস কৰে। ফলত প্ৰতি লিটাৰ বিমান ইন্ধনৰ কাৰ্যকৰী মূল্য ১১০ টকালৈ হ্ৰাস পায়।
 
ইয়াৰ পূৰ্বে মঙলবাৰে কেন্দ্ৰই ভাৰতত বিক্ৰী হোৱা পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক অপৰিৱৰ্তিত ৰখাৰ বিপৰীতে ১ জুলাইৰ পৰা আৰম্ভ হোৱা পষেকৰ বাবে পেট্ৰ’ল, ডিজেল আৰু এভিয়েশন টাৰ্বাইন ইন্ধনৰ ওপৰত ৰপ্তানি শুল্ক সংশোধন কৰে।
 
পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৪ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৮.৫ টকা ৰপ্তানি শুল্ক নিৰ্ধাৰণ কৰা হৈছে। দুয়োটা ক্ষেত্ৰতে পথ আৰু আন্তঃগাঁথনি চেছ (আৰ আই চি) শূন্য হৈয়েই আছে। গতিকে এছএইডিয়ে সমগ্ৰ ৰপ্তানি লেভী গঠন কৰে।
 
অধিসূচনা নং ৩৭/২০২৬ অনুসৰি এ টি এফৰ ৰপ্তানিৰ ওপৰত এছএইডি প্ৰতি লিটাৰত ৭.৫ টকা নিৰ্ধাৰণ কৰা হৈছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে তিনিওটা সংশোধিত হাৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে।
 
বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম সুস্থিৰ হোৱাৰ লগে লগে নায়াৰা এনাৰ্জীয়ে বুধবাৰে দেশৰ কেইবাটাও খুচুৰা বিপণীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৫ আৰু ৩ টকা হ্ৰাস কৰে।
 
চৰকাৰী তেল বিপণন কোম্পানীসমূহৰ হাৰ ইতিমধ্যে কম হোৱাৰ বিপৰীতে নায়াৰাই ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে ইয়াৰ পূৰ্বে পেট্ৰ’লৰ বাবে প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ বাবে প্ৰতি লিটাৰত ৩ টকা অধিক ধন লয়। কিন্তু শেহতীয়াকৈ কৰ্পৰেট পুনৰীক্ষণৰ লগে লগে সেই প্ৰিমিয়ামসমূহ আঁতৰাই দিয়া হৈছে।