বিমান যাত্ৰীয়ে শুনিবলৈ পাব অসমীয়া শুৱলা মাত

Story by  atv | Posted by  [email protected] • 5 h ago
বিমান যাত্ৰীয়ে শুনিবলৈ পাব অসমীয়া শুৱলা মাত
বিমান যাত্ৰীয়ে শুনিবলৈ পাব অসমীয়া শুৱলা মাত
 
গুৱাহাটী
 
অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি পোৱাৰ  পাছতেই ভাষাটিৰ বিকাশৰ বাবে আৰম্ভ হোৱা বিভিন্ন চিন্তা-চর্চা অতি উৎসাহজনক। এনে ধৰণৰ বিভিন্ন অনুশীলনে ভাষাটিৰ বিকাশত সহায় কৰাটো স্বাভাৱিক কথা। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ভাষা এটিৰ বিকাশৰ বাবে যিখন বাহনৰ প্ৰয়োজন হয়,সেই বাহনখনৰ চৰিত্ৰৰ লগত খাপ খুৱাই থাকিব পাৰিলেহে ভাষা-সাহিত্যৰ বিকাশ সম্ভৱ হ'ব।
 
এটা সময়ত ছপা মাধ্যমেই আছিল ভাষাৰ প্ৰধান বাহক। অনাতাঁৰ মাধ্যম অহাৰ পাছত কথাবোৰ কিছু সলনি হ'বলৈ ধৰে। আজিৰ প্ৰজন্মৰ মাজত অতি জনপ্রিয় হৈ উঠা ডিজিটেল পৃথিৱীখনতো অসমীয়া ভাষাৰ প্ৰৱেশ আৰু গৌৰৱময় উপস্থিতি জৰুৰী হৈ পৰিছে।
 
ডিজিটেল যুগত প্রাসংগিক হৈ থাকিবলৈ অসমীয়াই প্রযুক্তিগত পৰিৱেশত স্থান অধিকাৰ কৰিবই লাগিব। ছফ্টৱেৰ, ম'বাইল অপাৰেটিং ছিষ্টেম আৰু স্মার্ট ডিভাইচৰ বাবে অসমীয়া ভাষাৰ ব্যৱহাৰযোগ্য ৰূপ এটিৰ বিকাশ সাধন কৰাটো অতি প্রয়োজনীয়।
 
শেহতীয়াকৈ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত  এতিয়াৰে পৰা যাত্ৰীসকলৰ বাবে কৰা নিয়মীয়া ঘোষণা বা এনাউঞ্চমেণ্টসমূহ অসমীয়াত শুনা পোৱা যাব। ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু আবেগক সন্মান জনাই বিমানবন্দৰ কৰ্তৃপক্ষই এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন ব্যৱস্থাটো আগন্তুক ১০টা দিনৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছৰে পৰা বিমানবন্দৰলৈ অহা দেশী-বিদেশী যাত্ৰীসকলে হিন্দী আৰু ইংৰাজী ভাষাৰ সমান্তৰালভাৱে অসমীয়া ভাষাটো বিমানৰ সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় ঘোষণা লাভ কৰিব।
 
এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱা ২৬ জুন লিখা হৈছিল এক বিশেষ পত্ৰ। পত্ৰখন লিখিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান তথা বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়া, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া জ্যোৰ্তিময় চক্ৰৱৰ্তী আৰু অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মুকুল চন্দ্ৰ গগৈয়ে।তিনিওগৰাকী বিশিষ্ট পত্ৰখন  লিখিছিল যে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলত উৰণ সম্পৰ্কীয় সকলো ঘোষণা অসামৰিক পৰিবহন বিভাগৰ নিয়ম অনুসৰি অনতিবিলম্বে অসমীয়াতো কৰাৰ হকে কৰ্তৃপক্ষক দাবী জনাই পত্ৰ প্ৰেৰণ কৰা হ’ল, কিয়নো এতিয়ালৈকে এনে ব্যৱস্থা কৰা হোৱা নাই।
 
বিমান বন্দৰত আহিব পৰা যিকোনো আপাতকালীন পৰিস্থিতিতো স্থানীয় ভাষাৰ ব্যৱহাৰে যাত্ৰীক সতৰ্ক কৰি ৰাখিব পাৰে। পত্ৰখনত মোৰ লগতে স্বাক্ষৰ কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া জ্যোতিৰ্ময় চক্ৰবৰ্তী আৰু অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া মুকুল চন্দ্ৰ গগৈয়ে। বিষয়টোত ৰাইজৰো দৃষ্টি আকৰ্ষণ কৰিলো, যাতে ভাষাটোৱে নায্য স্থান পায়।’
 
আনফালে  এই পত্ৰ পাছতে অদানী গ্ৰুপৰ পৰিচালনাত থকা গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ এই পদক্ষেপে এতিয়া অসমৰ ৰাইজৰ মাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। এই ব্যৱস্থাই বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকসকলকো অসমৰ ভাষা-সংস্কৃতিৰ সৈতে পৰিচিত কৰোৱাত বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।