গীৰ সোমনাথ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে "নাৰী বিৰোধী" কংগ্ৰেছৰ বাবেই দেশত UCC আৰু অন্যান্য ভাল আইনসমূহ বলবৎ কৰিব পৰা নাই। যাৰ বাবে মহিলাসকলে সমান অধিকাৰ পোৱা নাই। গুজৰাটৰ সোমনাথ মন্দিৰত পূজা দি শৰ্মাই কয় যে 'জেন জি' আৰু 'জেন আলফা' বোৰ পশ্চিমীয়া দেশৰ শব্দ। এনেকৈ নতুন প্ৰজন্মক ভাগ কৰাটো ঠিক নহয়।
তেওঁ সৰু-বৰ সকলোকে দেশখন শক্তিশালী কৰাত সহায় কৰিবলৈ আহ্বান জনায়। সাংবাদিকৰ আগত শৰ্মাই কয়, "কংগ্ৰেছ এটা নাৰী বিৰোধী দল। সিহঁতৰ বাবেই দেশত ইউচিচি বলবৎ নহ'ল আৰু মহিলাসকলে সমান অধিকাৰ নাপালে।"
"মই ভাবো মহিলাসকলে কংগ্ৰেছক সম্পূৰ্ণ আঁতৰাই ৰখা উচিত। আমাৰ দেশত ভাল আইন নোহোৱাৰ মূল কাৰণেই হ'ল কংগ্ৰেছ," মুখ্যমন্ত্ৰী শৰ্মাই কয়।
'জেন জি' আন্দোলনৰ বিষয়ে সোধাত তেওঁ কয় যে ভাৰতীয়সকলে পৰিয়ালৰ লগত থাকি সন্তানৰ ভালৰ বাবে কাম কৰাতহে বিশ্বাস কৰে। "আমাৰ দেশত জেন জি বা জেন আলফা বুলি একো নাই। ইয়াত আমাৰ ল'ৰা-ছোৱালী, মা-দেউতা, ককা-আইতা আছে। জেন জি আৰু জেন আলফা আমেৰিকা আৰু ইউৰোপৰ শব্দ, সেইবোৰ সংস্কৃতিৰ লগত আমাৰ সম্পৰ্ক নাই," তেওঁ কয়।
"আমাৰ কাম হ'ল নিজৰ ল'ৰা-ছোৱালীৰ ভালৰ বাবে কাম কৰা। তেওঁলোকক জেন জি বা জেন আলফা বুলি ভাগ কৰাটো ঠিক নহয়। আমি এটা পৰিয়াল হৈ থাকিব লাগে, সন্তানৰ বাবে কষ্ট কৰিব লাগে আৰু দেশখনক আগুৱাই নিব লাগে," মুখ্যমন্ত্ৰীয়ে কয়।
দেশৰ সমস্যাৰ সময়ত সকলোৱে মিলি-জুলি সমস্যাৰ সমাধান কৰিব লাগে বুলি তেওঁ কয়। "দেশক শক্তিশালী কৰাটো আমাৰ সকলোৰে দায়িত্ব। ডেকা-বুঢ়া সকলোৰে কাম হ'ল দেশৰ উন্নতি কৰা," তেওঁ কয়।
নেপালৰ ভয়াবহ বানপানীৰ কথা উল্লেখ কৰি তেওঁ সকলোৰে কুশল প্ৰাৰ্থনা কৰে। "অলপতে আমাৰ অসমতো বানপানী হৈছিল, এতিয়া নেপালতো হৈছে। বানপানীত মানুহৰ ঘৰ-বাৰী, বস্তু আৰু জীৱন নষ্ট হয়। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো কুশলে থাকে," তেওঁ কয়।
সোমনাথ মন্দিৰৰ বিষয়ে শৰ্মাই কয় যে এইখন ভাৰতৰ ডাঙৰ তীৰ্থস্থান, ইয়ালৈ আহিবলৈ পাই তেওঁৰ বহুত ভাল লাগিল।
"নিৰ্বাচনৰ আগতো মই ইয়ালৈ আশীৰ্বাদ ল’বলৈ আহিছিলোঁ আৰু তাৰ পিছত আমি অসমত জিকিলোঁ। সোমনাথ মন্দিৰ ডাঙৰ কৰাৰ বাবে বহুত পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সোমনাথ মন্দিৰটো গোটেই বিশ্বৰ ভিতৰতে এক ডাঙৰ তীৰ্থস্থান হৈ পৰিব," তেওঁ কয়।