অৰুণাচল প্ৰদেশ আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰা আলফা (স্বাধীন)ৰ কেডাৰ
ইটানগৰ
অৰুণাচল প্ৰদেশ আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযান চলাই ২৬ অক্টোবৰৰ পুৱা অৰুণাচল প্ৰদেশৰ নামছাইত আলফা (স্বাধীন)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থীজন অসমৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বাসিন্দা অনুপম দোহোতিয়া ওৰফে থাউচেন অসম বুলি জানিব পৰা গৈছে।
শেহতীয়াকৈ ১৭ অক্টোবৰত অসমৰ তিনিচুকীয়াৰ কাকোপথাৰ আৰ্মী কেম্পত আলফা (স্বাধীন)ৰ আক্ৰমণত জড়িত অন্যতম গুৰুত্বপূৰ্ণ সদস্য বুলি বিষয়াসকলে নিশ্চিত কৰিছে।
নিৰাপত্তা বাহিনীয়ে তেওঁৰ হাতৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ উদ্ধাৰ কৰিছে, য’ত আছে: এটা এম কিউ ৰাইফল, ১৫১ জাই সজীৱ গুলী, এটা বটলৰ গ্ৰেনেড আৰু এটা ৰাইফল গ্ৰেনেড।
ধৃত উগ্ৰপন্থীজনক সম্প্ৰতি নামছাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে, যাতে অঞ্চলটোত উগ্ৰপন্থী সংগঠনটোৰ সম্ভাৱ্য সম্পৰ্ক আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্ধান উলিয়াব পাৰে।
অসম–অৰুণাচল সীমান্তত উগ্ৰপন্থী কাৰ্যকলাপ ৰোধৰ বাবে চলি থকা প্ৰচেষ্টাত কৰ্তৃপক্ষই এই অভিযানক “কৌশলগত সফলতা” বুলি অভিহিত কৰিছে।