গুৱাহাটী
ভাৰতৰ ৩৬ খন গাঁৱৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৫ খন গাঁৱে বিভিন্ন শাখাত শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ খিতাপ অৰ্জন কৰিছে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ২৭ ছেপ্টেম্বৰত, বিশ্ব পৰ্যটন দিৱস উপলক্ষে ২০২৪ চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। উত্তৰ-পূবৰ ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম, মণিপুৰ আদিয়ে এই খিতাপ অৰ্জন কৰিছিল।
পৰ্যটন মন্ত্ৰালয়ৰ এক প্ৰেছ বিবৃতি অনুসৰি কমিউনিটি বেছড টুৰিজিম শিতানত মিজোৰামৰ ছিয়ালছুক গাঁও আৰু ত্ৰিপুৰাৰ আল্পনা গ্ৰাম বিজয়ী হয়। ক্ৰাফ্ট বেছড টুৰিজিম শিতানত অসমৰ শুৱালকুছি আৰু মেঘালয়ৰ উমডেনে স্বীকৃতি লাভ কৰে। ঐতিহ্য ভিত্তিক পৰ্যটন শাখাত মণিপুৰ আৰু মেঘালয়ৰ মাউফলঙৰ এণ্ড্ৰ’ই খিতাপ দখল কৰে।
প্ৰেছ বিবৃতিটোত কোৱা হৈছে, “ভাৰতৰ আত্মা (ভাৰতৰ গাঁও)ত পৰ্যটনক প্ৰসাৰিত কৰিবলৈ ২০২৩ চনত শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। সম্প্ৰদায়ভিত্তিক মূল্যবোধ আৰু সকলোৰে বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পত্তি সংৰক্ষণ আৰু প্ৰচাৰ কৰা গাঁওসমূহ চিনাক্ত আৰু স্বীকৃতি দিয়াত সকলো দিশতে গুৰুত্ব দিয়া হৈছিল। ২০২৩ চনত অনুষ্ঠিত হোৱা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত ৭৯৫ খন গাঁৱৰ পৰা আবেদন দাখিল কৰা হয়। দ্বিতীয় সংস্কৰণত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মুঠ ৯৯১খন আবেদন লাভ কৰা হৈছে যাৰ ভিতৰত ৩৬খন গাঁৱে ২০২৪ চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতাত ৮ টা শাখাত বিজয়ী হিচাপে স্বীকৃতি লাভ কৰে।"