আহমেদেবাদ
ৱাঘ বাকৰী চাহ গ্ৰুপৰ স্বত্বাধিকাৰী তথা কাৰ্যবাহী সঞ্চালক পৰাগ দেশাইৰ দেওবাৰে সন্ধিয়া আহমেদেবাদত ৰাস্তাৰ কুকুৰৰ পৰা হাত সাৰিবলৈ পলাই যাওঁতে পৰি আঘাত পাই মগজুৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হয়। দেশাইৰ বয়স আছিল ৪৯ বছৰ।
ৱাঘ বাকৰিৰ এজন শীৰ্ষ কাৰ্যবাহীৰ মতে, পৰাগ দেশাই ১৫ অক্টোবৰত সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়তে ৰাস্তাৰ কুকুৰে খেদিছিল আৰু থেওঁ পিছলি পৰে।
ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পৰা তেওঁক ডাঙৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আৰু তাত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। তেতিয়াৰ পৰাই তেওঁ ভেণ্টিলেটৰত আছিল।
কোম্পানীটোৱে ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰিছে যে, “গভীৰ দুখৰ সৈতে আমি আমাৰ প্ৰিয় পৰাগ দেশাইৰ দুখজনক মৃত্যুৰ বিষয়ে জনোৱাৰ বাবে দুখ প্ৰকাশ কৰিছো”।
পৰাগ দেশাই ইহসংসাৰত পত্নী আৰু কন্যাক এৰি থৈ যায়।