স্বাধীন ভাৰতৰ ১০ গৰাকী শীৰ্ষ মুছলমান নেতা

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
স্বাধীনোত্তৰ ভাৰতৰ মুছলমান নেতাসকলৰ মাজত মৌলানা আবুল কালাম আজাদৰ নাম সহজতে মনলৈ আহে। আজিও ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপে তেওঁৰ সেৱাক দেশবাসীয়ে প্ৰণাম জনায়। তেওঁৰ ব্যক্তিত্ব ইমানেই উচ্চ খাপৰ আছিল যে পৰৱৰ্তী প্ৰজন্মৰ নেতাসকলে তেওঁৰ কাষ চপাটোও কঠিন হৈ পৰে।
 
ভাৰতে এনে বহু মুছলমান নেতাক জন্ম দিছে, যিয়ে দেশৰ জনসাধাৰণৰ ঐক্যৰ বাবে কাম কৰিছে, সম্প্ৰীতি ৰক্ষা কৰিছে, ধৰ্মনিৰপেক্ষ মূল্যবোধৰ প্ৰসাৰ ঘটাইছে আৰু সংখ্যালঘুৰ সৈতে থিয় দিছে। লগতে মুছলমানসকলৰ অধিকাৰৰ বাবে মাত মাতিছে।
 
এই প্ৰতিবেদনত আমি ১০ জন মুছলমান নেতাৰ বিষয়ে আলোচনা কৰিব, যিসকলৰ কামে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিলৈ উল্লেখনীয় অৰিহণা আগবঢ়াইছে আৰু প্ৰত্যাহ্বানৰ মাজতো নিজৰ বৈচিত্ৰ্যতা আৰু গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰখা এখন দেশলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে।
 

ছৈয়দা আনোৱাৰা টাইমুৰ
 
ছৈয়দা আনোৱাৰা টাইমুৰঃ
 
এআইইউডিএফৰ প্ৰতিষ্ঠাপক বদৰুদ্দিন আজমলকে ধৰি বহু মুছলমান নেতাক অসমতো দেখা গৈছে। অৱশ্যে ইতিহাস ৰচনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ছৈয়দা আনোৱাৰা টাইমুৰ। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ এগৰাকী শক্তিশালী নেত্ৰী হিচাপে পৰিচিত টাইমূৰে অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল। 
 
তেওঁ চাৰিটা কাৰ্যকালৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। এতিয়ালৈকে তেওঁ অসমৰ একমাত্ৰ মহিলা আৰু মুছলমান মুখ্যমন্ত্ৰী হিচাপে অভিলেখ অক্ষুন্ন ৰাখিছে। ভাৰতৰ ইতিহাসত ছৈয়দা অনুৰা টাইমুৰ যিকোনো ৰাজ্যৰ প্ৰথম মুছলমান মহিলা মুখ্যমন্ত্ৰীও আছিল। অসম  ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ লগে লগে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল শেষ হয়। ইয়াৰ পিছত ১৯৮৮ চনত টাইমূৰ ৰাজ্যসভালৈ মনোনীত হয়। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেওঁৰ মৃত্যু হয়।
 
ডাঃ আব্দুল জলিল ফাৰিদীঃ
 
বহুতে বিশ্বাস কৰে যে বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কাঞ্চি ৰামে উত্তৰ প্ৰদেশৰ ১৫ শতাংশ উচ্চ জাতিৰ আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ সকলো ধৰ্মৰ পৰা ৮৫ শতাংশ নিম্নবৰ্ণৰ ৰাজনৈতিক ফ্ৰণ্ট গঠনৰ প্ৰস্তাৱ দিয়া প্ৰথমজন নেতা। কিন্তু বাস্তৱত লক্ষ্ণৌৰ পৰা ডাঃ আব্দুল জলিল ফাৰিদীয়ে প্ৰথমে উচ্চবৰ্ণৰ আধিপত্যৰ বিৰুদ্ধে সকলো বঞ্চিত আৰু পিছপৰা শ্ৰেণীক একত্ৰিত কৰাৰ ধাৰণা আগবঢ়াইছিল।
 
ডাঃ আব্দুল জলিল ফাৰিদী
 
লক্ষ্ণৌৰ এজন প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা যক্ষ্মা বিশেষজ্ঞ ডাঃ আব্দুল জলিল ফাৰিদী (১৯১৩–১৯৭৪) চহৰখনৰ এগৰাকী আগশাৰীৰ চিকিৎসকে নহয়, এগৰাকী সমাজ সংস্কাৰক আৰু ৰাজনৈতিক কৰ্মীও আছিল। চিকিৎসা জগতত উল্লেখযোগ্য সফলতা লাভ কৰাৰ পাছতো তেওঁ স্বাধীনতাৰ পিছত দেশৰ নিপীড়িত, বিশেষকৈ মুছলমান আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ সেৱা আগবঢ়াইছিল।
 
মুছলমানক ৰাজনৈতিক ক্ষেত্ৰত পিছলৈ ঠেলি দিয়া দেখি তেওঁ মুছলমানৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক আন্দোলনত জড়িত হৈ পৰিছিল। প্ৰথম অৱস্থাত তেওঁ মজলিছ-ই-মুশ্বাৰহাটৰ সৈতে জড়িত হৈ ১৯৬৮ চনত সংখ্যালঘুসকলৰ শিক্ষা, কৰ্মসংস্থাপন, সাংস্কৃতিক সুৰক্ষা, ৰাজনৈতিক স্বায়ত্তশাসনৰ বাবে কাম কৰা মুছলিম মজলিছ (Muslim Majlis) প্ৰতিষ্ঠা কৰে। ১৯৭৪ চনত কঠোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।
 
ডাঃ ফাৰুক আব্দুল্লাঃ
 
ৰাষ্ট্ৰীয় ৰাজনীতিত জম্মু-কাশ্মীৰৰ উল্লেখযোগ্য ভূমিকা আছে। আব্দুল্লা পৰিয়ালৰ সমান্তৰালভাৱে মুফতি পৰিয়াল, ছৈফুদ্দিন ছ’জৰ দৰে কংগ্ৰেছ নেতা, আৰু মুজাফ্ফৰ হুছেইন বেইগ, শ্বাফি কুৰেছি, আব্দুল ৰছিদ শ্বাহিনৰ দৰে অন্যান্য বিশিষ্ট ব্যক্তিৰ কথা ৰাজ্যখনৰ নেতৃত্বৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰায়ে উল্লেখ কৰা হয়।
 
ডাঃ ফাৰুক আব্দুল্লা
 
অৱশ্যে, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক সংগ্ৰামৰ যাত্ৰাত আব্দুল্লা পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাশ্মীৰৰ সিংহ নামেৰে পৰিচিত শ্বেখ মহম্মদ আব্দুল্লাই ৰাষ্ট্ৰীয় সন্মিলন (National Conference) দল প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লাই কাশ্মীৰৰ পৰা দিল্লীলৈকে ভাৰতীয় ৰাজনীতিত নিজৰ স্থান দখল কৰে। 
 
১৯৯৬ চনৰ পৰা ২০০২ চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ফাৰুক আব্দুল্লাই কেন্দ্ৰলৈ গুচি যায় আৰু জম্মু-কাশ্মীৰৰ নেতৃত্ব নিজৰ পুত্ৰ ওমৰ আব্দুল্লাৰ হাতত অৰ্পণ কৰে। পিছত তেওঁ দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ২০০৯ চনত লোকসভাৰ আসন লাভ কৰিবলৈ ৰাজ্যসভাৰ সদস্যৰ পৰা পদত্যাগ কৰি ইউ পি এ চৰকাৰত যোগদান কৰে। তেওঁ যদিও ২০১৪ চনৰ নিৰ্বাচনত পৰাস্ত হৈছিল, তথাপিও ২০১৭ চনৰ উপ-নিৰ্বাচনত জয়লাভ কৰি ২০১৯ চনত পুনৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

গুলাম নবী আজাদঃ
 
গোলাম নবী আজাদৰ কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। ১৯৪৯ চনৰ ৭ মাৰ্চত জম্মুৰ ডোডা নামৰ এখন দুৰ্গম গাঁৱত জন্মগ্ৰহণ কৰা আজাদে ১৯৭৩ চনত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। অতি সোনকালেই তেওঁ জম্মু-কাশ্মীৰ প্ৰদেশ যুৱ কংগ্ৰেছ আৰু পিছলৈ ১৯৮০ চনত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হয়।
 
গুলাম নবী আজাদ
 
সেই বছৰতে মহাৰাষ্ট্ৰৰ ৱাছিম সমষ্টিৰ পৰা সপ্তম লোকসভালৈ নিৰ্বাচিত হয় আৰু ১৯৮২ চনত আইন, ন্যায় আৰু কোম্পানী পৰিক্ৰমা বিভাগৰ উপ-মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। বছৰ বছৰ ধৰি তেওঁ সংসদৰ দুয়োখন সদনত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সংসদীয় পৰিক্ৰমা, অসামৰিক বিমান পৰিবহণ, আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণকে ধৰি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। ২০০৫ চনৰ নৱেম্বৰ মাহত তেওঁ জম্মু অঞ্চলৰ পৰা জম্মু আৰু কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। গুলাম নবী আজাদৰ  কাৰ্যকালত উন্নয়ন আৰু আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।
 
পৰৱৰ্তী সময়ত তেওঁ ইউ পি এৰ দ্বিতীয়টো কাৰ্যকালৰ চৰকাৰত স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানক যথেষ্ট সম্প্ৰসাৰণ কৰাৰ লগতে নগৰীয়া দৰিদ্ৰসকলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযান আৰম্ভ কৰে। ২০১৪ চনৰ পৰা ২০২১ চনলৈ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে আজাদে সংসদীয় বিতৰ্ক আৰু ৰাষ্ট্ৰীয় নীতি আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 
 
বক্তৃতা, প্ৰশাসনিক দক্ষতা, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ গভীৰ বুজাবুজিৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হয়। ২০২২ চনৰ আগষ্ট মাহত ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা পৰামৰ্শ প্ৰক্ৰিয়াৰ ব্যৰ্থতাৰ উদাহৰণ দি আজাদে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ তেওঁ নিজৰ নৱজাত ৰাজনৈতিক সংগঠন ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (Democratic Progressive Party) বন্ধ কৰি দিয়ে। জনজীৱনত বহু দশকজোৰা সেৱাৰ স্বীকৃতি স্বৰূপে চৰকাৰে তেওঁক পদ্মভূষণ প্ৰদান কৰে।
 
ঘানি খান চৌধুৰীঃ
 
ৰাষ্ট্ৰীয় ৰাজনীতিত বংগক প্ৰতিনিধিত্ব কৰা এগৰাকী অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী নেতা হৈছে ঘানি খান চৌধুৰী। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে পশ্চিমবংগ বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ১৯৭২ চনলৈকে তেওঁ সমষ্টিটোৰ পৰা জয়লাভ কৰি থাকে।১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈ তেওঁ পশ্চিমবংগ চৰকাৰত ৰাজ্যিক কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পুনৰ অষ্টমবাৰৰ বাবে নিজৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ চৰকাৰত ৰেল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
 
ঘানি খান চৌধুৰী
 
কলকাতা মেট্ৰ’ ৰে’লৱে আৰু কলকাতাত মাণ্ডলিক ৰে’লৱেৰ প্ৰৱৰ্তনৰ লগতে মালদা টাউন ৰে’লৱে ষ্টেচনক অঞ্চলটোৰ অন্যতম গুৰুত্বপূৰ্ণ ষ্টেচন হিচাপে গঢ়ি তোলাত চৌধুৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিভিন্ন দিশত উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক প্ৰায়ে আধুনিক মালদাৰ স্থপতি বুলি কোৱা হয়।
 
আব্দুল গাফুৰঃ
 
বিহাৰত গুলাম সৰৱাৰ, আব্দুল গাফুৰ, চৈয়দ চাহাবুদ্দিন, তাছলিমুদ্দিন, শ্বাকিল আহমেদ, চৈয়দ শ্বাহনৱাজ হুছেইন, ইছৰাৰ-উল-হক, মহম্মদ আলী আশ্ৰাফ ফাতেমীকে ধৰি বহু বিশিষ্ট মুছলমান নেতাৰ জন্ম হৈছে। তাৰ ভিতৰত আব্দুল গাফুৰ আছিল বিহাৰৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ মুছলমান। পিছলৈ তেওঁ ৰাজীৱ গান্ধী চৰকাৰৰ কেবিনেট মন্ত্ৰী হয়।
 
আব্দুল গাফুৰ
 
গাফুৰে দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল—প্ৰথমে ১৯৮৪ চনত কংগ্ৰেছৰ টিকটত ছিৱানৰ পৰা, আৰু পুনৰ ১৯৯৬ চনত সমতা পাৰ্টিৰ টিকটত গোপালগঞ্জৰ পৰা। তেওঁ বিহাৰ বিধান পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিধায়িনী দললৈ নিৰ্বাচিত হোৱাৰ পৰাই তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু এই কাৰ্য্যৰ বাবে কাৰাদণ্ডৰ সন্মুখীন হৈছিল। ২০০৪ চনৰ ১০ জুলাইত আব্দুল গাফুৰৰ পাটনাত মৃত্যু হয়।
 
জাফেৰ শ্বৰীফঃ
 
কৰ্ণাটকৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আছিল জাফেৰ শ্বৰীফ। কেন্দ্ৰত তেওঁ আছিল এক শক্তিশালী কণ্ঠ। কংগ্ৰেছৰ বিভাজনৰ পিছত ইন্দিৰা গান্ধীক সমৰ্থন কৰিছিল জাফেৰ শ্বৰীফে। ৰে’ল মন্ত্ৰী হিচাপেও তেওঁৰ বহু কৃতিত্ব আছে।
 
জাফেৰ শ্বৰীফ
 
ৰেল মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত সমগ্ৰ দেশৰ বহু ছিংগল গজ ৰেলপথ উন্নীত কৰা হৈছিল। ইয়াৰ ফলত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় মন্ত্ৰী হৈ পৰিছিল। কেন্দ্রীয় চৰকাৰে যেতিয়া আর্থিক সংকটৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ ৰেলৱেত স্ক্ৰেপ (scrap) বিক্ৰী কৰি ২০০০ কোটি টকা সংগ্ৰহ কৰিছিল। এই ধন ৰেলপথ উন্নীতকৰণত ব্যৱহাৰ কৰা হৈছিল। ভাৰতীয় ৰে’লৱেৰ উন্নয়নৰ বাবে আজিও দেশে তেওঁক স্মৰণ কৰে।
 
আছাদুদ্দিন ওৱাইছিঃ
 
আছাদুদ্দিন ওৱাইছি আজি ভাৰতৰ এগৰাকী পৰিচিত ৰাজনৈতিক আৰু জনপ্ৰিয় মুছলমান নেতা। তেওঁ তেলেংগানাৰ ওৱাইছি পৰিয়ালৰ ৰাজনৈতিক উত্তৰাধিকাৰৰ ৰক্ষক আৰু সৰ্বভাৰতীয় মজলিছ-ই-ইত্তহাদ-উল-মুছলিমিন (AIMIM)ৰ তৃতীয়গৰাকী ৰাষ্ট্ৰীয় সভাপতি। 
 
আছাদুদ্দিন ওৱাইছি
 
আছাদুদ্দিন ওৱাইছিৰ পূৰ্বে তেওঁৰ ককাক আছাদুদ্দিনে ১৯৯৪ চনত অন্ধ্ৰ প্ৰদেশ বিধানসভাত চাৰমিনাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনৈতিক অভিষেক ঘটায়। সেই সমষ্টিটোৰ পৰা ১৯৬৭ চনৰ পৰা তেওঁৰ দলটোৱে জয়লাভ কৰি আহিছে।
 
ইয়াৰ পিছত ২০০৪ চনত লোকসভাত হায়দৰাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰা ওৱাইছিৰ পিতৃ চুলতান চালাহুদ্দিন ওৱেছিয়ে অসুস্থতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে। ওৱাইছিয়ে লোকসভাত প্ৰৱেশ কৰি এতিয়ালৈকে পাঁচবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে। তেওঁ কেৱল ভাৰতীয় মুছলমানৰ কণ্ঠ হোৱাই নহয়, টু-নেচন তত্ত্বৰ কঠোৰ বিৰোধিতাৰ বাবে পাকিস্তানৰ প্ৰবল বিৰোধীও। 
 
শেহতীয়াকৈ অপাৰেচন সেন্দুৰৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক অভিযানত ভাৰতৰ শক্তিশালী কণ্ঠ হিচাপে ওৱাইছিয়ে আত্মপ্ৰকাশ কৰিছে। ২০১৩ চনৰ অক্টোবৰত ওৱাইছিক সংসদ ৰত্ন বঁটা (Gem of Parliamentarians) প্ৰদান কৰা হৈছিল। তেওঁৰ বুদ্ধিমত্তাৰ বাবে সকলো মিত্ৰ আৰু বিৰোধীয়ে ওৱাইছিক সন্মান কৰে।
 
নাজমা হেপতুল্লাহঃ
 
পূৰ্বে কংগ্ৰেছৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল যদিও নাজমা হেপতুল্লাই পিছত বিজেপিত যোগদান কৰে। তেওঁ ১৯৮০, ১৯৮৬, ১৯৯২, আৰু ১৯৯৮ চনত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু ৰাজস্থানক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ কংগ্ৰেছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬ বছৰ ধৰি তেওঁ ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।
 
নাজমা হেপতুল্লাহ
 
২০০৪ চনত বিজেপিত যোগদান কৰাৰ পিছত নাজমা হেপতুল্লাই ২০০৭ চনত দলৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ২০০৭ চনৰ আগষ্ট মাহত তেওঁ দেশৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও হামিদ আনছাৰীৰ হাতত পৰাস্ত হয়। নৰেন্দ্ৰ মোদী চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নাজমা হেপতুল্লাই ২০১৬ চনৰ পৰা ২০২১ চনলৈ মণিপুৰৰ ১৬ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
ইয়াৰ মাজতে তেওঁ ২০১৭ চনত জামিয়া মিলিয়া ইছলামিয়াৰ চ্যান্সেলৰ হিচাপে নিযুক্তি লাভ কৰে। এগৰাকী বলিষ্ঠ আৰু প্ৰভাৱশালী ৰাজনীতিবিদ হিচাপে পৰিচিত মহিলাগৰাকীয়ে সমগ্ৰ কেৰিয়াৰত ভাৰতীয় ৰাজনীতিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
 
মহছিনা কিডৱাইঃ
 
উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ মহছিনা কিডৱাই হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী বিশিষ্ট নেত্ৰী। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পদবী গ্ৰহণ কৰি তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথমে উত্তৰ প্ৰদেশৰ মীৰাট সমষ্টিৰ পৰা ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হোৱা কিডৱাইয়ে সপ্তম আৰু অষ্টম লোকসভাৰ আসনো অক্ষুণ্ণ ৰাখিছিল। ২০০৪ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যসভাত তেওঁ ছত্তীশগড়ক প্ৰতিনিধিত্ব কৰিছিল।
 
মহছিনা কিডৱাই
 
উল্লেখযোগ্য যে জৰুৰীকালীন অৱস্থাৰ পিছত সমগ্ৰ দেশতে কংগ্ৰেছে ব্যাপক পৰাজয়ৰ সন্মুখীন হোৱাৰ সময়ত মহছিনা কিডৱাইয়ে নিৰ্বাচনত জয়লাভ কৰি এগৰাকী শক্তিশালী আৰু দৃঢ় ৰাজনৈতিক ব্যক্তি হিচাপে চিহ্নিত হৈছিল।
 
(আৱাজ-দ্য ভইচ, উৰ্দুৰ সম্পাদক মনছুৰুদ্দিন ফাৰিদীৰ দ্বাৰা সংগৃহীত)