গিৰিজা শংকৰ শুক্লা/ বাৰেলী
বাৰেলীৰ এখন ঘন জনবসতিপূৰ্ণ গাঁও হাজিয়াপূৰ। য'ত গাঁওবাসীয়ে সহজ-সৰলভাৱে সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশত বসবাস কৰে। সম্পূৰ্ণ গাঁৱলীয়া জীৱন-যাপনেৰে দিন অতিবাহিত কৰা গাঁওখনত সূচনা হৈছে ডিজিটেল বিপ্লৱৰ। গাঁওখনত কোনো ষ্টাৰ্ট-আপ নাই, কাঁচৰ বিল্ডিং থকা আই টি পার্ক নাই। তথাপিও গাঁওখনৰ সাধাৰণ অধিকাংশ লোকেই নিজৰ প্ৰতিভা আৰু কৰ্মৰে কোটি টকা উপাৰ্জন কৰে।
এই হাজিয়াপূৰ গাৱঁৰ গাঁওবাসীয়ে দিনটো কঠোৰ পৰিশ্ৰম কৰি ২০০-৪০০ থকা উপাৰ্জন কৰি ঘৰলৈ উভটিছিল। কিন্তু বৰ্তমান তেওঁলোকৰ ইউটিউব চেনেল আৰু সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত কোট-কোটি অনুসৰণকাৰী আছে। গাঁওখনৰ ডিজিটেল তাৰকাসকলৰ কাহিনী কোনো চলচ্চিত্ৰৰ কাহিনীতকৈ কম নহয়।
জাভেদ হুছেইনৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্ব'ট
১/ জাভেদ হুছেইন: শ্ৰমিকৰ পৰা কমেডি ৰজালৈ
এসময়ত দৈনিক মজুৰি কৰা শ্ৰমিক জাভেদ হুছেইন আজি এজন বিখ্যাত ইউটিউবাৰ। হাজিৰা কৰি ২০০-৩০০ টকা উপাৰ্জন কৰিছিল, এতিয়া তেওঁৰ চেনেল @javedhussain665 ত ৫৬ লাখ চাবস্ক্ৰাইবাৰ আছে।
পূৰ্বতে অকলে কমেডি স্কিট বনোৱা জাভেদে বৰ্তমান নিজৰ এটা দলক প্ৰতিনিধিত্ব কৰে। তেওঁ নিজৰ চেনেলটোত বহু কেইগৰাকী নিবনুৱাক কামত নিয়োজিত কৰিছে। জাভেদে কয়; "মই কেতিয়াও ভবা নাছিলো যে এই কামটো মোৰ কাৰণে পেছা হৈ পৰিব। আজি এইটোৱে মোৰ পৰিচয়।"
মভিন চাচাৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্ব'ট
২/ মভিন চাচা: ভঙা-চিঙা সংগ্ৰহ কৰাৰ পৰা ইউটিউবলৈ যাত্ৰা
৬৫ বছৰীয়া মভিন আনছাৰীয়ে আগতে ভঙা-চিঙা সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল। ২০২২ চনত তেওঁ 'চাচা' নামেৰে এটা ইউটিউব চেনেল আৰম্ভ কৰে। ইউটিউবত তেওঁক ৭ লাখ চাবস্ক্ৰাইবাৰ গোটাবলৈ বেছি সময় নালাগিল।
মভিন আনছাৰীয়ে কয়, "মোৰ জীৱনত মই বহুত দুখ দেখিছো। এতিয়া মই ভিডিঅ'বোৰত মোৰ হাঁহিৰ উজ্জ্বলতা প্ৰকাশ কৰো। ভিডিঅ'ৰ পৰা পোৱা ধনেৰে মই মোৰ কন্যাক বিয়াও পাতি দিলোঁ।"
ঈশান আলীৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্ব'ট
৩/ ঈশান আলী: নিবনুৱা এম বি এৰ পৰা ইউটিউব ছুপাৰষ্টাৰলৈ
এম বি এ আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতক ঈশান আলীয়ে চাকৰি নাপাই @IshaanAli11 নামৰ চেনেলটো আৰম্ভ কৰিছিল। আজি তেওঁৰ ৩.৬ কোটি (৩৬ মিলিয়ন) চাবস্ক্ৰাইবাৰ আছে আৰু তেওঁ ভাৰতৰ শীৰ্ষ কন্টেন্ট ক্ৰিয়েটৰসমূহৰ ভিতৰত অন্যতম।
তেওঁৰ কনিষ্ঠ ভাতৃ আদিল আলীৰো এটা চেনেল আছে, যাৰ ১২ লাখ চাবস্ক্ৰাইবাৰ আছে। তেওঁলোকৰ দেউতাক চাইকেল মেকানিক আছিল। দেউতাকে ঘৰ এটাও সাজিব পৰা নাছিল। কিন্তু এতিয়া দুয়োজন ভাতৃয়ে একেলগে কোটি টকা উপাৰ্জন কৰি আছে।
ঈশানে কয়, "মোৰ সপোন আছিল যে মানুহে ছলমান খানৰ চাৰিওফালে যিদৰে গোট খায়, তেনেকৈ মোৰ চাৰিওফালে গোট খাব লাগে। এতিয়া সেই সপোন বাস্তৱায়িত হৈছে।"
আৰ্ছাদ আলীৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্ব'ট
৪/ আৰ্ছাদ আলী : চিত্ৰকাৰৰ পৰা কমেডীলৈ
২৩ বছৰীয়া আৰ্ছাদ আলীয়ে আগতে দেৱালত ছবি আঁকি দিনটোত ৪০০-৫০০ টকা উপাৰ্জন কৰিছিল। আজি তেওঁ নিজৰ চেনেল @OfficialArshadAli11 ত চুটি কৌতুক ভিডিঅ' বনায় আৰু তেওঁৰ ১০ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। তেওঁ কয়, "মানুহে হাঁহে। মোৰ দৰ্শকসকলে সুখী হয় আৰু সেইটোৱেই মোৰ প্ৰকৃত উপাৰ্জন।"
৫/ আকাশ কুমাৰঃ সাংবাদিকতাৰ পৰা ইউটিউবলৈ
২৯ বছৰীয়া আকাশ কুমাৰ এজন প্ৰশিক্ষিত সাংবাদিক, যিয়ে মূলসুঁতিৰ সংবাদ মাধ্যমত কাম নাপালে। তেওঁ ফেচবুক আৰু ইউটিউবত আৰম্ভ কৰিছিল ‘দ্য গালি মহল্লা শ্ব’, য’ত তেওঁ গ্ৰাম্য আৰু অৱহেলিত অঞ্চলৰ সমস্যাৰ বাতৰি প্ৰকাশ কৰে।
এতিয়া তেওঁৰ ভিডিঅ’বোৰে প্ৰতিদিনে ১০ লাখতকৈ অধিক ভিউজ লাভ কৰে। তেওঁ কেৱল এই মাধ্যমৰ জৰিয়তে উপাৰ্জন কৰাই নহয় ৰাইজৰ কণ্ঠস্বৰ হৈ পৰিছে। আকাশে কয়, "আগতে মই মিডিয়া হাউচবোৰক দেখুৱাব বিচাৰিছিলো যে মই এজন ভাল ৰিপ'ৰ্টাৰ, সেয়ে এতিয়া মানুহে মোৰ শ্ব'টো অনুসৰণ কৰে।"
আকাশ কুমাৰৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্ব'ট
হাজিয়াপুৰৰ এই কাহিনীবোৰ কেৱল সফলতাৰ নিদৰ্শন নহয়। এই সফলতাৰ কাহিনীসমূহৰ দ্বাৰা বুজিব পাৰি যে ডিজিটেল ইণ্ডিয়া এতিয়া কেৱল কাৰিকৰী শব্দ নহয়, ই বাস্তৱ হৈ পৰিছে। ইয়াৰ দ্বাৰা ভঙা-চিঙা বেপাৰী, পেইণ্টাৰ, শ্ৰমিক আৰু নিবনুৱা যুৱক-যুৱতী - সকলোৱে স্মাৰ্টফোন আৰু ইণ্টাৰনেটক নিজৰ দক্ষতাৰ মঞ্চ কৰি তুলিব পৰিছে।।
আজি চহৰৰ অধিকাংশ মানুহে ভাল দৰমহা পোৱা চাকৰি লাভৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ এই এই সৰু অঞ্চলটোৰ এই লোকসকলে নিজৰ মোবাইল কেমেৰাৰে কোটি কোটি চাবস্ক্ৰাইবাৰেৰে নিজৰ পৃথিৱী সৃষ্টি কৰিছে। হাজিয়াপুৰ এতিয়া কেৱল বৰেলীৰ এলেকা নহয়, ভাৰতৰ ডিজিটেল বিপ্লৱৰ নতুন মুখ হৈ পৰিছে।