নতুন দিল্লী
২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক বলপূৰ্বকভাবে ক্ষমতাচ্যুত কৰাৰ পিছত বাংলাদেশত হিংসাত্মক ন্যায় বহিৰ্ভূত হত্যাৰ ঢৌ দেখা গৈছে। ৪১ গৰাকী আৰক্ষী বিষয়াকে ধৰি কমেও ৬৩৭ জন লোকক নৃশংসভাৱে হত্যা (মব লিংচিং) কৰা হৈছিল।
আচৰিত কথাটো হ'ল ২০২৩ চনত বাংলাদেশত মব লিংচিঙৰ (জনতাৰ দ্বাৰা কৰা হত্যা) দ্বাৰা মাত্ৰ ৫১ টা হত্যাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ অৰ্থ হ'ল যে শ্বেইখ হাছিনাৰ বলপূৰ্বক ভাবে ক্ষমতাচ্যুত কৰাৰ পিছত দেশখনত এই হত্যাৰ ঘটনা ১২ গুণ বৃদ্ধি পাইছে।
কানাডাৰ গ্ল'বেল চেণ্টাৰ ফৰ ডেমক্ৰেটিক গৱৰ্ণেন্স (জিচিডিজি) ৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত এই তথ্য প্ৰকাশ পাইছে। "Broken trust; Rising Rage- Bangladesh Complete A Year of Mob Rule and Violence" নামৰ এই প্ৰতিবেদনত ২০২৪ চনৰ আগষ্ট আৰু ২০২৫ চনৰ জুলাইৰ মাজত জনতাৰ হিংসাত নিহত হোৱা ৬৩৭ জন লোকৰ ফটো, নাম আৰু বিৱৰণ দিয়া হৈছে।
২০২৪ চনৰ আগষ্ট মাহৰ বৃহৎ জন-বিদ্ৰোহৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক ১৫ বছৰীয়া শাসনৰ পৰা বলপূৰ্বক ভাবে ক্ষমতাচ্যুত কৰে আৰু তাৰ পিছত দেশখনত ৰাজনৈতিক বিশৃংখলাৰ সৃষ্টি হয়। তাৰ পিছতে এই হত্যাৰ ঢৌ আৰম্ভ হৈছিল। দেশখনত সৃষ্টি হোৱা ৰাজনৈতিক শূন্যতা আৰু ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ দুৰ্বলতাই আইনৰ শাসন ব্যৱস্থাক গুৰুতৰভাৱে প্ৰভাৱিত কৰে, যাৰ ফলত নাগৰিকসকলে নিজেই ন্যায় বিচাৰ কৰিব ধৰে।
প্ৰতিবেদনখনত কোৱা হৈছে যে ২০২৪ চনৰ ২৪ আগষ্ট তাৰিখে জেচোৰৰ 'দ্য জুবাইৰ হোটেল'ত ২৪ জন লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল, আনহাতে ২৫ আগষ্টত নাৰায়ণগঞ্জৰ ৰূপগঞ্জ অঞ্চলৰ 'গাজী টায়াৰ'ৰ ভিতৰত ১৮২ জন লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল। সংবাদ মাধ্যমৰ ওপৰত থকা কঠোৰ চেন্সৰশ্বিপৰ বাবেই অধিকাংশ ভুক্তভোগীৰ পৰিচয় আৰু বিৱৰণ ৰাজহুৱা কৰিব পৰা হোৱা নাছিল। 'সংবাদ মাধ্যমৰ ওপৰত থকা কঠোৰ চেন্সৰশ্বিপৰ বাবে আমি সকলো হত্যাৰ সম্পূৰ্ণ সংখ্যা লাভ কৰিব পৰা নাছিলো।'
বাংলাদেশৰ দৃশ্য
প্ৰতিবেদনখনত কোৱা হৈছে, "ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰে নৃশংসতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে। প্ৰশাসনে 'শূন্য সহনশীলতা'ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু দেশজুৰি আইনগত সজাগতা আৰু সামূহিক আৰক্ষী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
বৃহৎ পৰিমাণৰ গণহত্যাৰ সত্ত্বেও, খুব কম সংখ্যক লোকৰ ওপৰত হে বিচাৰ কৰা হৈছে বা দোষী সাব্যস্ত কৰা হৈছে। সমালোচকসকলে কয় যে চৰকাৰে আইন মানি চলাৰ পৰিৱৰ্তে ক্ষমতা লাভ কৰাতহে অধিক গুৰুত্ব দিছে। ইয়াৰ ফলত জনসাধাৰণে প্ৰতিষ্ঠানসমূহৰ ওপৰত আস্থা হেৰুৱাইছে। যাৰ ফলত হিংসা পুনৰ বৃদ্ধি পাব পাৰে। জনতাৰ হিংসাৰ ফলত বাংলাদেশৰ বহুতো জনগোষ্ঠীৰ লোক মানসিকভাৱে হতাশাগ্ৰস্ত হৈছে।
বাংলাদেশৰ অধিকাংশ লোকে দৈনন্দিন ভয়ত বাস কৰে। পিতৃ-মাতৃয়ে নিজৰ সন্তানক অকলে ঘূৰি ফুৰিবলৈ নিদিয়ে। কৰবাত ওলাই গ'লেই চিন্তিত হয়। দোকানীসকল ৰাজনীতিৰ বিষয়ে আলোচনা কৰোঁতে সাৱধান হয়। শেহতীয়া 'চাউথ এছিয়ান নেটৱৰ্ক অন ইকনমিক মডেলিঙ (SANEM) ৰ এক সমীক্ষাত দেখা গৈছে যে ৭১% লোকে ভাৱে যে জনতাৰ হিংসা এতিয়া তেনেই সাধাৰণ আৰু ৪৭% লোকে ৰাজনৈতিক লক্ষ্য হৈ পৰি আক্ৰমণৰ সন্মুখীন হ'ব বুলি ভয় কৰে।
যদিহে বাংলাদেশে আৰক্ষীৰ সংস্কাৰ, ন্যায়ালয়ৰ স্বাধীনতা, ভুল তথ্য নিয়ন্ত্ৰণ আৰু নাগৰিক শিক্ষাৰ প্ৰসাৰৰ দৰে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন নকৰে, তেন্তে জনতাৰ হিংসা (মব লিংচিং) দেশখনত স্থায়ী সমস্যা হৈ পৰিব পাৰে।
যেতিয়া চৰকাৰী প্ৰতিষ্ঠানবোৰ বিফল হয়, তেতিয়া জনতাৰ মাজত হিংসা বাঢ়ি যায়। বাংলাদেশে এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্মুখীন হৈছে: দেশখনত আইনৰ শাসন পুনৰ স্থাপন কৰিব পাৰিবনে ? নে কোন জীয়াই থাকিব আৰু কোন মৰিব সেয়া জনতাই নিৰ্ণয় কৰিব ?
বাংলাদেশৰ হিংসাত্মক দৃশ্য
প্ৰতিবেদনখনত দাবী কৰা হৈছে যে নিহতসকলৰ তালিকাখন অসম্পূৰ্ণ, কাৰণ বাংলাদেশ আৰক্ষীয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰা নাছিল, সম্ভৱতঃ সংবাদ মাধ্যমৰ ওপৰত থকা চেন্সৰশ্বিপ আৰু সহযোগিতাৰ অভাৱৰ বাবে।
হিংসাৰ বৃদ্ধিৰ কাৰণ হ'ল ৰাষ্ট্ৰঃৰ নিয়ন্ত্ৰণৰ দুৰ্বলতা, আইনৰ শাসনৰ অৱনতি আৰু ৰাজনৈতিক অস্থিৰতা। চৰকাৰৰ পতনৰ ফলত ক্ষমতাৰ শূন্যতা সৃষ্টি হয়, ন্যায়িক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা হ্ৰাস পায়।
আৰক্ষী দুৰ্বল হৈ পৰিছে। আদালত কাৰ্যক্ষম নোহোৱা হৈছে। স্থানীয় নেতাসকলক লক্ষ্য কৰি লোৱা হৈছে। জনতাই নিজেই আইন পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে। একালত নিৰাপদ হোৱা ৰাজহুৱা স্থানবোৰ এতিয়া সন্দেহ, গুজৱ বা ৰাজনৈতিক প্ৰতিশোধৰ ভিত্তিত জনসাধাৰণক হত্যা কৰা ঠাই হৈ পৰিছে।
যদিও বহু ঘটনা চুৰি বা নিৰ্যাতনৰ অভিযোগেৰে আৰম্ভ হৈছিল। কিন্তু হিংসাৰ এক বৃহৎ অংশ ৰাজনৈতিক বা ধৰ্মীয় চিন্তাধাৰাৰ আভাস আছিল।
স্থানীয় মানৱাধিকাৰ সংগঠনসমূহৰ মতে, ২০২৪ চনৰ আগষ্টৰ পৰা জনতাৰ হাতত নিহত হোৱা ৭০ শতাংশৰো অধিক লোক পূৰ্বৰ শাসকীয় আৱামী লীগ দল বা ইয়াৰ ছাত্ৰ আৰু শ্ৰমিক শাখাৰ আছিল।
দেশখনত সংখ্যালঘু, বিশেষকৈ হিন্দু আৰু আহমদিয়া মুছলমানসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। সামাজিক মাধ্যমত অসত্য তথ্য প্ৰকাশৰ ভিত্তিত প্ৰায়েই তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু এই সকলো অভিযোগৰ কোনো প্ৰমাণ নাছিল।
হিংসাৰ উত্তেজনা ইমানেই বৃদ্ধি পাইছিল যে, হিন্দু সমাজকৰ্মী লাল চান্দ ছেগক ২০২৫ চনৰ ৯ জুলাই তাৰিখে মিটফৰ্ড হাস্পতালৰ বাহিৰত ৰাজহুৱা স্থানত হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাণ্ডটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ সম্প্ৰচাৰিত হৈছিল, যাৰ ফলত সমগ্ৰ দেশতে ভয় আৰু ক্ষোভৰ জোৱাৰ উঠিছিল।
প্ৰতিবেদনখনত কোৱা হৈছে যে ছ'চিয়েল মিডিয়া এক দুধৰি তৰোৱাল হিচাপে পৰিগণিত হৈ পৰিছে, যিয়ে এফালে অন্যায়ৰ উন্মোচন কৰে আৰু আনফালে ঘৃণা আৰু ভয় বৃদ্ধি কৰে।
ভুৱা তথ্য আৰু উত্তেজনাপূর্ণ বিষয়বস্তুৱে দ্ৰুতভাবে জনতাক হিংসাত্মক হ'বলৈ উৎসাহিত কৰিছে। তাৰ বাবেই এনে ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
চট্টগ্রামৰ এটা ভুৱা ফেচবুক পোষ্টে এক ভয়ংকৰ হিংসাৰ সৃষ্টি কৰিছিল। যিটো পোষ্টত এজন হিন্দু পুৰুষে কোৰানক অপবিত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে। যাৰ ফলত দুজন লোকৰ মৃত্যু হয় আৰু কেইবাটাও ঘৰ জ্বলাই দিয়া হয়। পৰৱৰ্তী সময়ত পোষ্টটো ভুৱা বুলি প্ৰমাণিত হ'ল যদিও দুজনৰ মৃত্যু আৰু ব্যপক ক্ষতিসাধন হ'ল।