ইছলামবাদ
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে কয় যে ভাৰতে কেতিয়াও দুয়োখন দেশৰ মাজত হোৱা বিষয়সমূহৰ ওপৰত কোনো তৃতীয় পক্ষৰ মধ্যস্থতাত সন্মতি দিয়া নাছিল, যাৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অপাৰেচন সেন্দুৰৰ পিছত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰা বুলি কৰা দাবীক প্ৰত্যক্ষভাৱে নাকচ কৰে।
আল জাজিৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দাৰে কয় যে ভাৰতে কেতিয়াও কোনো তৃতীয় পক্ষৰ মধ্যস্থতাত সন্মতি দিয়া নাছিল।
দাৰৰ উত্তৰ আহিছিল যেতিয়া সোধা হৈছিল, "ভাৰতৰ সৈতে কোনো আলোচনা চলি আছে নেকি? ইয়াৰ লগত কোনো তৃতীয় পক্ষ জড়িত আছে নেকি? তৃতীয় পক্ষৰ জড়িততাৰ বাবে আপুনালোকৰ মুকলি সন্মতি আছেনে?" ইয়াৰ উত্তৰত দাৰে কয়, "আমি তৃতীয় পক্ষৰ জড়িততাক আপত্তি নকৰো, কিন্তু ভাৰতে ইয়াক দ্বিপাক্ষিক বিষয় বুলি স্পষ্টভাৱে উল্লেখ কৰি আহিছে। আমি দ্বিপাক্ষিক বিষয় বুলি কোনো আপত্তি নকৰো, কিন্তু সন্ত্ৰাসবাদ, বাণিজ্য, অৰ্থনীতি, জম্মু-কাশ্মীৰৰ, এই সকলোবোৰ বিষয়ৰ ওপৰত যিবোৰ আমি আগতে আলোচনা কৰিছো, ব্যাপক আলোচনা হ'ব লাগে।"
তেওঁ লগতে কয় যে আমেৰিকাৰ জৰিয়তে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আহিছিল, লগতে ভাৰত আৰু পাকিস্তানৰ মাজত নিৰপেক্ষ স্থানত আলোচনা হ’ব বুলিও পৰামৰ্শ দিয়া হৈছিল। দাৰে আৰু প্ৰকাশ কৰে যে যেতিয়া পাকিস্তানে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক ট্ৰাম্পৰ মধ্যস্থতাকাৰী দাবীৰ বিষয়ে সুধিছিল, তেতিয়া তেওঁ স্পষ্ট কৰিছিল যে ভাৰতে সদায় ইয়াক “দ্বিপাক্ষিক বিষয়” বুলি কৈ আহিছে।
"২৫ জুলাইত ৱাশ্বিংটনত যেতিয়া মই ৰুবিঅ'ক লগ পাইছিলো তেতিয়া মই তেওঁক সুধিছিলো যে আলোচনাৰ কি হ'ল। তেওঁ কয় যে ভাৰতে কয় যে এইটো এটা দ্বিপাক্ষিক বিষয়।"
দাৰে লগতে কয় যে পাকিস্তানে আলোচনা কৰিব বিচাৰিলেও ভাৰতে ইচ্ছা নকৰালৈকে ই সম্ভৱ নহয়।
তেওঁ লগতে কয়, "যদি কোনো দেশে আলোচনা বিচাৰে তেন্তে আমি সুখী...দুয়োপক্ষই মানি ললেহে ই সম্ভৱ হ'ব। ভাৰতে সংলাপ হোৱাটো ইচ্ছা নকৰালৈকে আমি আলোচনা কৰিবলৈ জোৰ কৰিব নোৱাৰো।"
ভাৰতে সদায় তৃতীয় পক্ষৰ জড়িততাক অস্বীকাৰ কৰা বুলি দাৰে স্বীকাৰ কৰাটোৱে ট্ৰাম্পে বাৰে বাৰে কৰা দাবী যে তেওঁ চাৰিদিনীয়া আক্ৰমণ আৰু প্ৰতিআক্ৰমণৰ পিছত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছিল, মিছা কথা বুলি উদঙাই দিয়ে। তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত ট্ৰাম্পে বাৰে বাৰে যুদ্ধবিৰতিৰ কৃতিত্ব দাবী কৰি আহিছে। ভাৰতে অৱশ্যে তৃতীয় পক্ষৰ কোনো মধ্যস্থতা নাছিল বুলি কয় আৰু অপাৰেচন সেন্দুৰৰ অংশ হিচাপে ভাৰতৰ অদম্য প্ৰতিআক্ৰমণৰ পিছত পাকিস্তানে যুদ্ধবিৰতিৰ বাবে অনুৰোধ কৰাতহে বুজাবুজিত উপনীত হয়।
দুয়োখন দেশে আনুষ্ঠানিকভাৱে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰাৰ আগতেই, ১০ মে’ত ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছিল। তেওঁ লিখিছিল, “আমেৰিকাৰ মধ্যস্থতাত দীঘলীয়া নিশাৰ আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছো। সাধাৰণ জ্ঞান আৰু মহান বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ বাবে দুয়োখন দেশকে অভিনন্দন। এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ!”
ভাৰতে সদায় কৈছিল যে ১০ মে’ত পাকিস্তানে নিজৰ ডি জি এম অ’ৰ জৰিয়তে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল আৰু ভাৰতে ইয়াত সন্মতি দিছিল। ভাৰত-পাক বিষয়ত তৃতীয় পক্ষৰ কোনো ধৰণৰ জড়িততাৰ সম্ভাৱনা ভাৰতে নাকচ কৰাই নহয়, পাকিস্তানৰ সৈতে যিকোনো আলোচনা কেৱল সন্ত্ৰাসবাদৰ ওপৰত হ’ব পাৰে বুলিও স্পষ্ট কৰি দিছিল।
ট্ৰাম্পৰ ছ’চিয়েল মিডিয়া পোষ্টৰ কিছু সময়ৰ পাছতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি কয় যে পাকিস্তানে ভাৰতলৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতহে দুয়োপক্ষই যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছিল।
সংবাদমেলত মিশ্ৰীয়ে কয়, "পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে বিয়লি ৩:৩৫ বজাত ভাৰতৰ সামৰিক অভিযান সঞ্চালক প্ৰধানক ফোন কৰে। আজি বিয়লি ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ দুয়োপক্ষই স্থল আৰু আকাশ আৰু সাগৰীয় সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব বুলি তেওঁলোকৰ মাজত সহমতত উপনীত হয়। বুজাবুজি কাৰ্যকৰী কৰিবলৈ দুয়োপক্ষকে নিৰ্দেশনা দিয়া হৈছে।"
পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কয় যে দুয়োখন ৰাষ্ট্ৰই “গলীচালনা বন্ধ আৰু সামৰিক ব্যৱস্থাৰ ক্ষেত্ৰত বুজাবুজি কৰিছে”।
১০ মে’ৰ পৰা ট্ৰাম্পে বাৰে বাৰে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব দাবী কৰি আহিছে আৰু দাবী কৰি আহিছে যে যদিহে “তেওঁলোকে যুঁজি থাকে” তেন্তে তেওঁৰ দেশে এই দুয়োখন ৰাষ্ট্ৰৰ হৈতে বাণিজ্য নকৰাৰ ভাবুকি দিছিল।