নতুন দিল্লী
কোৰিয়া গণৰাজ্যত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ কূটনীতিবিদ অসম সন্তান গৌৰাংগলাল দাসক৷ বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে।
১৯৯৯ চনৰ বেটচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া দাস বৰ্তমান মন্ত্ৰালয়ত যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে তেওঁ অতি সোনকালে ছিউলত নতুন দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
দক্ষিণ কোৰিয়াত থকা ভাৰতীয় দূতাবাসেও সামাজিক মাধ্যম এক্সত এই ঘোষণা কৰে। দূতাবাসে কয়, ‘‘গৌৰাংগলাল দাসক কোৰিয়া গণৰাজ্যত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে।’’
বৰ্তমান অমিত কুমাৰে দক্ষিণ কোৰিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
চলিত মাহৰ আৰম্ভণিতে দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চো হ্যুনে নতুন দিল্লী ভ্ৰমণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল ৷ ভ্ৰমণৰ সময়ত চোৱে ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে দিল্লীত ৰাষ্ট্ৰদূত হিচাপে থকা কাৰ্যকালৰ কথা সোঁৱৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে।
সংবাদ সংস্থা এ এন আইৰ আগত চোৱে কয়, ‘‘দিল্লীলৈ ঘূৰি আহিবলৈ পাই বৰ ভাল লাগিছে। দহ বছৰৰ আগতে মই এই চহৰখন ভ্ৰমণ কৰিছিলো আৰু ভাৰতীয় সংস্কৃতিৰ গভীৰতা আৰু ইয়াৰ মানুহৰ উষ্ম আতিথ্যত আপ্লুত হৈছিলো। ভাৰতত কোৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছিলো। সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যি উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল তাৰ সাক্ষী হৈছিলো। এতিয়া যোৱা দহ বছৰত আৰু অধিক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাইছো। গতিকে ইয়ালৈ উভতি আহি মোৰ বন্ধুসকলক দেখা পাই মই বৰ সুখী হৈছো।’’
২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা জয়শংকৰৰ সৈতে পূৰ্বৰ বৈঠকৰ কথা সুঁৱৰি তেওঁ কয় যে দুয়োজনে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় আৰু আঞ্চলিক আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল।
ভাৰত আৰু কোৰিয়া গণৰাজ্যই ১৯৭৩ চনৰ ১০ ডিচেম্বৰত কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ বিপৰীতে ১৯৬২ চনত কনছুলাৰ সম্পৰ্ক স্থাপন কৰে। ২০১০ চনত এই সম্পৰ্কক ‘‘কৌশলগত অংশীদাৰিত্ব’’ ৰ স্তৰলৈ উন্নীত কৰা হয় আৰু ২০১৫ চনত প্ৰধানমন্ত্ৰী মোদীৰ ছিউল ভ্ৰমণৰ সময়ত পুনৰ ‘‘বিশেষ কৌশলগত অংশীদাৰিত্ব’’ লৈ উন্নীত কৰা হয়৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনত দুয়োখন দেশে কেইবাটাও অনুষ্ঠানৰ জৰিয়তে কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছিল।