কেন্সাৰ প্ৰতিৰোধী নতুন ঔষধৰ পেটেণ্ট লাভ কৰিলে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে

Story by  atv | Posted by  Munni Begum • 1 d ago
এ এম ইউৰ অধ্যাপক ফাৰুক আৰ্জমণ্ড আৰু কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্টৰ প্ৰমাণ পত্ৰ
এ এম ইউৰ অধ্যাপক ফাৰুক আৰ্জমণ্ড আৰু কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্টৰ প্ৰমাণ পত্ৰ
 
আলিগড়
 
ঐতিহ্যমণ্ডিত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ৰূপান্তৰ ঘটাব পৰা নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট লাভ কৰিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক ফাৰুক আৰ্জমাণ্ড, ডাঃ জিনাত আফছান আৰু অধ্যাপক ছৰটাজ টাবাচ্ছুমে প্ৰস্তুত কৰা এই ঔষধ ব্যয়বহুল আৰু ইয়াৰ মানৱ শৰীৰৰ ওপৰত পাৰ্শ্বক্ৰিয়া একেবাৰে নূন্যতম।
 
১৯৬টা গৱেষণামূলক প্ৰকাশন আৰু ৭ হাজাৰৰো অধিক উদ্ধৃতিৰে অগ্ৰণী বিজ্ঞানী অধ্যাপক ফাৰুক আৰ্জমাণ্ডে ৪২টা এইচ-সূচকাংক (H-index) লাভ কৰিছে, যিয়ে বিজ্ঞান সমাজত তেওঁক এক উচ্চ আসন দিছে। 
 
অধ্যাপক ফাৰুক আৰ্জমাণ্ডে বিগত সময়ছোৱাত চি আৰ এছ আই ব্ৰঞ্জৰ পদক (CRSI Bronze Medal), আই এছ চি বি মহিলা বিজ্ঞানী বঁটা (ISCB Women Scientist Award), এ এম ইউৰ শ্ৰেষ্ঠ গৱেষক বঁটা (AMU's Best Researcher Award) আদিৰ দৰে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ে নতুনকৈ পেটেণ্ট কৰা কেন্সাৰ বিৰোধী ঔষধৰ সহ-আৱিষ্কাৰক ডাঃ জিনাত আফছান আৰু অধ্যাপক ছৰটাজ টাবাচ্ছুম সমন্বয় ৰসায়ন বিজ্ঞান আৰু ঔষধ বিকাশ (coordination chemistry and drug development)ৰ অগ্ৰণী ব্যক্তি। তেওঁলোকৰ দক্ষতা আৰু অভিজ্ঞতাই ঔষধৰ গঠন আৰু প্ৰস্তুতি অধিক উন্নত আৰু ফলপ্ৰসূ কৰি তুলিছে।
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক মহম্মদ ৰেহান
 
ইফালে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক মহম্মদ ৰেহানক IEEE Power and Energy Society Hingorani Award 2025-ৰ বাবে নিৰ্বাচিত কৰা হৈছে। 
 
সৌৰ ফটোভল্টিক ব্যৱস্থা (solar photovoltaic systems)ৰ বিকাশ আৰু প্ৰয়োগৰ ক্ষেত্ৰত কৰা ব্যতিক্ৰমী কামৰ বাবে তেওঁক এইদৰে সন্মান জনোৱা হৈছে। নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অনন্য আৰু বহনক্ষম অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক এই বঁটা প্ৰদান কৰা হয়।
 
বৰ্তমান অধ্যাপক ৰেহানে ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (এন আই এছ ই)ৰ সঞ্চালক প্ৰধান আৰু ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বি আই এছ)ৰ সৌৰ পি ভি কমিটিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰযুক্তি আৰু নীতি দুয়োটাকে প্ৰভাৱিত কৰি তেওঁ ভাৰতৰ স্বচ্ছ শক্তিৰ পৰিৱৰ্তনত মূল ভূমিকা পালন কৰে। 
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তেওঁ বৃহৎ পৰিসৰৰ সৌৰশক্তি স্থাপন অভিযানৰ নেতৃত্ব দিছে, যাৰ ফলত শিক্ষা প্ৰতিষ্ঠানৰ চৌহদটো সেউজ শক্তি আৰু বহনক্ষমতাৰ বাবে এক আৰ্হি কেন্দ্ৰ হৈ পৰিছে।
 
তেওঁৰ এই কামে প্ৰমাণ কৰে যে শিক্ষানুষ্ঠানসমূহে পৰিৱেশ সচেতনতা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰে। ২০২৫ চনৰ ৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ আই আই টি হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া আইইইই ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন পাৱাৰ চিষ্টেমছ (IEEE International Conference on Power Systems (ICPS))ত এই বঁটা প্ৰদান কৰা হ’ব।