আৱাজ দ্য ভইচ অসম ব্যুৰ
৫ উইকেটেৰে ভাৰতবাসীক আগতীয়াকৈ স্বাধীনতা দিৱসৰ উপহাৰ দিলে মহম্মদ চিৰাজে। মহম্মদ চিৰাজৰ বিস্ফোৰক বলিঙৰ সন্মুখত ধৰাসায়ী হ'ল ইংলেণ্ডৰ বেটিং লাইন-আপ। চিৰাজে ৫ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ৬ ৰানত জয়ৰ সোৱাদ দিলে ভাৰতক। খেলৰ পঞ্চম দিনা পৰিসংখ্যা স্পষ্ট আছিল। ১-৩ ত চিৰিজত পৰাস্ত হোৱাৰ আশংকা আছিল সকলোৰে। কিন্তু আচৰিত ভাৱে ২-২ ত চিৰিজ দ্ৰ কৰিবলৈ সক্ষম হয় শুভমন বাহিনীয়ে।
অভেলত অন্তিমখন টেষ্ট আৰু ছিৰিজ জিকিবলৈ ইংলেণ্ডক প্ৰয়োজন আছিল মাত্ৰ ৩৫ ৰান। টেষ্ট জিকি ছিৰিজ ড্ৰ’ কৰাৰ বাবে ভাৰতক প্ৰয়োজন আছিল ৪ টা উইকেটৰ। অৱশেষত ইতিহাস ৰচিলে ভাৰতে। পিছুৱাই থাকিও ড্ৰ’ কৰিলে ছিৰিজ। ড্ৰ’ৰে সমাপ্ত হ’ল তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী।
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টেষ্টৰ শৃংখলাৰ অন্তিমখন মেচ অনুষ্ঠিত হৈছিল অভেলত। অভেল টেষ্টৰ অন্তিম দিনা মহম্মদ ছিৰাজৰ ঘাতক বলিঙৰ সন্মুখত শিৰনত কৰিবলগীয়া হয় ইংৰাজ বাহিনীয়ে। ভাৰতৰ ৩৭৪ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত ইংলেণ্ডে তৃতীয় দিনৰ শেষত ইংলেণ্ডৰ স্ক’ৰ আছিল ৫০ ৰানত ১ উইকেট। ক্ৰীজত আছিল বেন ডাকেট আৰু অলি পোপ। চতুৰ্থ দিনা ঠাণ্ডা মগজুৰে বেটিং আৰম্ভ কৰে দুয়োগৰাকীয়ে। দেওবাৰে ইংলেণ্ডক দ্বিতীয়টো আঘাত দিয়াৰ বাবে কিছু অপেক্ষা কৰিবলগীয়া হয় ভাৰতে।
অৰ্ধশতক কৰাৰ পিছত প্ৰসিদ্ধ কৃষ্ণাৰ বলত আউট হয় ডাকেট। তাৰ পিছত অলী পোপৰ উইকেট পৰে। মহম্মদ ছিৰাজৰ ইন ছুইঙত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ইংলেণ্ডৰ অধিনায়কগৰাকী। ২৭ ৰান কৰি এলবিডব্লিউ আউট হয় অলী পোপ। ১০৬ ৰানত তৃতীয়টো উইকেট হেৰুৱায়।
ভাৰতীয় দলে মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ সহায়ত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম মেচত জয়লাভ কৰি ছিৰিজ ড্ৰ’ কৰে। ভাৰতৰ জয়ত বাধাৰ প্ৰাচীৰ হৈ পৰা গছ এটকিনছনক ক্লীন ব’ল্ড কৰি ছিৰাজে ইংলেণ্ডৰ ইনিংছ সমাপ্ত কৰে। ৩৬৭ ৰানত সম্পূৰ্ণ দলটো অলআউট হয় আৰু টীম ইণ্ডিয়াই ৬ ৰানত মেচখনত জয়লাভ কৰে।
খেল সমাপ্ত হোৱাৰ পিছত মহম্মদ চিৰাজে কয়; "সঁচাকৈ ক'বলৈ হ'লে, ই এক আশ্চৰ্যকৰ অনুভৱ আছিল। আমি প্ৰথম দিনাৰ পৰা কঠোৰ যুঁজ দিব চেষ্টা কৰি আছিলোঁ আৰু আজি এই ফলাফল পাই বৰ ভাল লাগিছে। আজি যেতিয়া মই শুই উঠিছিলোঁ, মই ভাবিছিলোঁ যে মই সেয়া কৰিব পাৰিম। যদি মই ব্ৰুকৰ কেটছটো ভালদৰে ল'লোহেঁতেন, তেন্তে আজি আমি নেখেলিলেও হ'লহেতেন। অৱশেষত সকলোবোৰ ঠিকেই হ'ল বাৰু। মই খেলৰ আগত এটা কথাই ভাবিছিলোঁ যে মই এই পৰ্য্যায় পোৱাৰ বাবে মোৰ পিতৃ আৰু মাতৃয়ে কিমান কষ্ট কৰিছে।"
উল্লেখযোগ্য যে, মহম্মদ চিৰাজৰ এই প্রদর্শনৰ বাবে সমগ্ৰ ভাৰতবৰ্ষ তথা অন্য দেশৰ ক্ৰিকেট অনুৰাগী তথা প্ৰাক্তন খেলুৱৈসকলেও যথেষ্ট প্ৰশংসা কৰিছে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকৰে সামাজিক মাধ্যমত মহম্মদ চিৰাজক ভাৰতৰ 'চুপাৰমেন' বুলি অভিহিত কৰিছে।