দয়াৰাম বশিষ্ঠ / ফৰিদাবাদ (হাৰিয়ানা)
হাৰিয়ানাৰ ফৰিদাবাদ, যাক সততে 'হাৰিয়ানাৰ মেনচেষ্টাৰ' বুলি কোৱা হয়। ইয়াৰ ঔদ্যোগিক সজীৱতা আৰু দিল্লীৰ সৈতে সংলগ্ন ভৌগোলিক গুৰুত্বৰ বাবে ই দেশৰ দ্ৰুতগতিত বিকাশশীল চহৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কিন্তু এই ঔদ্যোগিক চহৰখনৰ আঁৰৰ এটা সত্য বাৰে বাৰে পোহৰলৈ আহিছে। সন্ত্ৰাসবাদী আৰু অপৰাধীসকলৰ বাবে এই চহৰখন দীৰ্ঘদিন ধৰি এক নিৰাপদ আশ্ৰয়স্থল হৈ আছে। শেহতীয়াকৈ ডাঃ মুজাম্মিল শ্বাকিলৰ ঘটনাই এই সত্যক পুনৰবাৰ উদঙাই দিছে।
জম্মু-কাশ্মীৰ আৰু ফৰিদাবাদ আৰক্ষীয়ে যৌথভাৱে ধৌজ অঞ্চলত এক বৃহৎ অভিযান চলাই আল-ফালাহ চিকিৎসা বিশ্ববিদ্যালয়ত কৰ্মৰত চিকিৎসক মুজাম্মিলক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ পৰা প্ৰায় ২,৯০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
ডাঃ মুজাম্মিল শ্বাকিল আৰু আল - ফালাহ বিশ্ববিদ্যালয়
আৰক্ষীৰ মতে, এই বিস্ফোৰকসমূহত এমোনিয়াম নাইট্ৰেট, ৰাইফল, গোলাবাৰুদ, ৱায়াৰ, চাৰ্কিট, টাইমাৰ আৰু ৰিমোট কন্ট্ৰ'লৰ দৰে যন্ত্ৰপাতি অন্তৰ্ভুক্ত আছিল, যিবোৰে কোনো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰৰ ইংগিত দিয়ে।
চিকিৎসকৰ পৰা সন্ত্ৰাসবাদীলৈ যাত্ৰা
ডাঃ মুজাম্মিল শ্বাকিলে আল - ফালাহ বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল। তেওঁৰ গ্ৰেপ্তাৰে কেৱল চোৰাংচোৱা সংস্থাসমূহকেই হতবাক কৰা নাই, বৰঞ্চ বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ কাম-কাজক লৈও প্ৰশ্ন উত্থাপন কৰিছে যে, এজন উচ্চ শিক্ষিত ব্যক্তিয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িত হৈ জৈছ-এ-মহম্মদ আৰু গজৱ-উল-হিন্দৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কেনেদৰে যোগাযোগ স্থাপন কৰিব পাৰে।
আৰক্ষীৰ সূত্ৰৰ মতে, অক্টোবৰ মাহত জম্মু-কাশ্মীৰৰ নৌগাম অঞ্চলত এটা নিষিদ্ধ সংগঠনৰ সৈতে জড়িত পোষ্টাৰ লগোৱাৰ ঘটনা পোহৰলৈ আহিছিল। ঘটনা তদন্তৰ সময়ত ডাঃ মুজাম্মিলৰ নাম পোহৰলৈ আহে। ইয়াৰ পিছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ফৰিদাবাদ আৰক্ষীৰ সহায়ত তেওঁক আটক কৰে। জেৰাৰ সময়ত তেওঁ ফৰিদাবাদৰ ফতেহপুৰ টাগা গাঁৱত বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে।
দেওবাৰে দুয়োখন ৰাজ্যৰ আৰক্ষীৰ দলে যৌথ অভিযান চলাই গাঁওখনৰ এটা ঘৰৰ পৰা ২৫৬৩ কেজি বিস্ফোৰক সামগ্ৰী, এটা এ কে ৫৬ ৰাইফল, এটা ক্ৰিংকভ এছাল্ট ৰাইফল, দুটা অটোমেটিক পিষ্টল, ৮৪ টা কাৰ্টুজ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। সামগ্ৰীসমূহ জব্দ কৰাৰ পিছতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
ফৰিদাবাদঃ সন্ত্ৰাসবাদীৰ নতুন আশ্ৰয়স্থল
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, ফৰিদাবাদ দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী আৰু অপৰাধী গোটৰ বাবে এক নিৰাপদ আশ্ৰয়স্থল হৈ আহিছে। ঘন ঔদ্যোগিক এলেকাসমূহৰ জনবসতি, দিল্লীৰ ওচৰত থকা আৰু ভাড়াঘৰৰ সহজ সুবিধাৰ বাবে সন্ত্ৰাসবাদীয়ে ইয়াত আত্মগোপন কৰি আশ্ৰয় লৈ থাকিব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
ফৰিদাবাদত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা এইটো প্ৰথম ঘটনা নহয়। ২০২৫ চনৰ মাৰ্চ মাহত পালি গাঁৱৰ পৰা আব্দুল ৰেহমান নামৰ এজন সন্ত্ৰাসবাদীক টিউবৱেল কক্ষত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০০৬ চনৰ মে' মাহত বল্লভগড়ৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদী আবু হামজাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা তিনি কিলোগ্ৰাম আৰ ডি এক্স আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।
২০০৫ চনত নয়ডা আৰক্ষীয়ে দুবছৰ ধৰি ফৰিদাবাদৰ পৰা নেটৱৰ্ক চলোৱাৰ কথা স্বীকাৰ কৰা সন্ত্ৰাসবাদী হানিফক গ্ৰেপ্তাৰ কৰিছিল। ২০০১ চনত দিল্লী আৰক্ষীয়ে এছ জি এম নগৰ অঞ্চলৰ এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল, যিজনে টেক্সি চালকৰ ৰূপ লৈ সংসদ আক্ৰমণৰ সৈতে জড়িত কাম-কাজত জড়িত আছিল।
এই ঘটনাবোৰে স্পষ্টকৈ প্ৰমাণ কৰে যে, ফৰিদাবাদৰ উদ্যোগিক কেন্দ্ৰ আৰু অস্পষ্ট পথবোৰ সন্ত্ৰাসবাদীৰ কৌশলগত আশ্ৰয়স্থল হৈ পৰিছে।
জম্মু-কাশ্মীৰ সংযোগ আৰু চিকিৎসকৰ ভূমিকা
ডাঃ মুজাম্মিলৰ গ্ৰেপ্তাৰৰ ঘটনাই শিক্ষিত যুৱক-যুৱতী সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত হোৱাৰ নতুন ভাবুকিৰ ওপৰত আলোকপাত কৰিছে। তদন্তত প্ৰকাশ পাইছে যে, ছাহাৰানপুৰত গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত সন্ত্ৰাসবাদী ডাঃ আদিল আহমেদ ৰাথেৰে দিয়া তথ্যৰ জৰিয়তে মুজাম্মিলৰ আত্মগোপন স্থানৰ সন্ধান কৰা হৈছে।
আৰক্ষীৰ সূত্ৰৰ মতে, মুজাম্মিলে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল ফতেহপুৰ টাগাৰ এটা কোঠা ভাড়াত লৈছিল “নিজৰ সামগ্ৰী মজুত কৰাৰ” অজুহাতত, য’ত তেওঁ বিস্ফোৰক জমা কৰিছিল। ইফালে তদন্তত এগৰাকী মহিলা চিকিৎসকৰ নামো পোহৰলৈ আহিছে, যাৰ গাড়ীত অস্ত্ৰ-শস্ত্ৰ থকা দেখা গৈছে। এজেন্সীসমূহে এতিয়া এই নেটৱৰ্কৰ সৈতে তেওঁৰ সংযোগৰ তদন্ত কৰি আছে।
৮০০ আৰক্ষী নিয়োগ আৰু নিবিড় অভিযান
ফৰিদাবাদ আৰক্ষী আয়ুক্ত সতেন্দ্ৰ গুপ্তাই জনোৱা মতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ সহায়ত ১২ দিন পূৰ্বে এক গোপন সূত্ৰৰ ভিত্তিত ডাঃ মুজাম্মিলক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ এই তথ্যৰ পিছতে ফতেহপুৰ টাগা গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।
প্ৰতিনিধিত্বমূলক ছবি
তেওঁ কয় যে, উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে ৩৬০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, এটা কেণ্টপ এছাল্ট ৰাইফল, পাঁচটা মেগজিন, ৯১টা লাইভ কাৰ্টুজ, আৰু কেইবাটাও ছুটকেছ। সমগ্ৰ অভিযানত ৮০০ জনীয়া আৰক্ষী জোৱানৰ দলে অঞ্চলটোত অবিৰতভাৱে তালাচী অব্যাহত ৰাখিছে।
ফৰিদাবাদ: অপৰাধ আৰু সন্ত্ৰাসৰ মাজত আৱদ্ধ ঔদ্যোগিক নগৰী
ফৰিদাবাদত কেৱল সন্ত্ৰাসবাদীয়েই নহয়, অসংখ্য সংগঠিত অপৰাধী চক্ৰৰো বাসস্থান। শেহতীয়াকৈ আৰক্ষীয়ে কুখ্যাত নীৰজ ফৰিদপুৰীয়া চক্ৰৰ সদস্য কুলদীপ ত্যাগীক গ্ৰেপ্তাৰ কৰে, যিয়ে দলটোক ধন, আত্মগোপন স্থান, আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল।
ঔদ্যোগিক সম্প্ৰসাৰণ, নিষিদ্ধ যাতায়ত, আৰু দিল্লীৰ ওচৰত থকাৰ বাবে চহৰখন আইন-শৃংখলাজনিত সমস্যাৰ সন্মুখীন হৈছে। চোৰাংচোৱা সংস্থাসমূহৰ মতে, সন্ত্ৰাসবাদী সংগঠনসমূহে চহৰখনক "অপাৰেচনেল বেক বেছ" হিচাপে ব্যৱহাৰ কৰিছে — য'ৰ পৰা তেওঁলোকে দিল্লী, জয়পুৰ, লক্ষ্ণৌৰ দৰে চহৰত কাৰ্য্যকলাপ চলাব পাৰে।
ফৰিদাবাদৰ নিৰাপত্তাৰ ওপৰত এক বৃহৎ প্ৰশ্ন
ডাঃ মুজাম্মিল শ্বাকিলক গ্ৰেপ্তাৰ কৰাৰ পিছত স্পষ্ট হৈ পৰিছে যে, সন্ত্ৰাসবাদী নেটৱৰ্ক এতিয়া কেৱল এটা অঞ্চল বা শ্ৰেণীতে সীমাবদ্ধ হৈ থকা নাই। আনকি শিক্ষিত আৰু পেছাদাৰী ব্যক্তিসকলো এই ফান্দত পৰিছে। এই ঘটনাই হাৰিয়ানাৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰাই নহয়, এই প্ৰশ্নও উত্থাপন কৰিছে যে, আমাৰ উদ্যোগিক চহৰৰ ভিতৰতে এটা নিৰৱ সন্ত্ৰাসবাদী নেটৱৰ্কে মূৰ দাঙি উঠিছে নেকি?
সম্প্ৰতি আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই বিষয়টোৰ সম্পূর্ণ তদন্তত নিয়োজিত হৈ আছে৷ কিন্তু এই সমগ্ৰ ঘটনাই নিশ্চিতভাৱে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে, ফৰিদাবাদ এতিয়া কেৱল উদ্যোগৰ চহৰ নহয়, নিৰাপত্তা সংস্থাৰ চকুত পৰা এক স্পৰ্শকাতৰ চহৰত পৰিণত হৈছে, য’ত উন্নয়নৰ জিলিকনিৰ আঁৰত আত্মগোপন কৰা ছাঁবোৰ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ।