পশু কল্যাণ আইন আৰু এছ পি চি এৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৱাহাটীত কৰ্মশালা সম্পূৰ্ণ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
কৰ্মশালাখন চলি থকা অৱস্থাত
কৰ্মশালাখন চলি থকা অৱস্থাত
গুৱাহাটী
 
বুধবাৰে হিউমেন ছ’চাইটি ইণ্টাৰনেশ্যনেল/ইণ্ডিয়া (এইচ এছ আই)ৰ সহযোগত এনাজৰী নামৰ এটা বেচৰকাৰী সংস্থাই নামনি অসমৰ জিলাসমূহৰ বিষয়াসকলৰ মাজত সংবেদনশীলতা আৰু পশু কল্যাণ আইন আৰু এছ পি চি এ (Society for the Prevention of Cruelty to Animals) স্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে পদক্ষেপৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে পশু কল্যাণ আইন বিষয়ক দিনজোৰা কৰ্মশালা আয়োজন কৰে। অসমৰ গুৱাহাটীৰ পশু চিকিৎসা সন্মিলন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই কৰ্মশালাখন।
 
প্ৰায় ৭০ জন অংশগ্ৰহণকাৰীয়ে দিনজোৰা কৰ্মশালাত অংশগ্ৰহণ কৰে। উপস্থিত সকলৰ ভিতৰত কামৰূপ (মেট্ৰ') আৰু কামৰূপ (গ্ৰাম্য)ৰ প্ৰতিখন থানাৰ এজনকৈ আৰক্ষী বিষয়াৰ লগতে নামনি অসমৰ ৯ খন জিলা -- বাকছা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও, ধুবুৰী, কামৰূপ (মেট্ৰ’), কামৰূপ (গ্ৰাম্য), আৰু উদালগুৰি জিলাৰ পশু চিকিৎসা বিষয়া (ডি ভি অ') উপস্থিত থাকে। কৰ্মশালাত অসমৰ উপ-আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তইও উপস্থিত থাকে।
 
 
অনুষ্ঠানত এছ পি চি এৰ আইনসমূহৰ ক্ষেত্ৰসমূহ, এম ভি আইনৰ গুৰুত্বপূৰ্ণ ধাৰাসমূহৰ ওপৰত আলোকপাত কৰা হয় আৰু বধ গৃহৰ নিয়ম আৰু বিভিন্ন বিভাগ আৰু কেছ সম্পত্তি ৰক্ষণাবেক্ষণ আদিৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়। পশু কল্যাণৰ সৈতে জড়িত আইনসমূহৰ দ্বাৰা সকলোকে জ্ঞান প্ৰদান কৰা হয় আৰু সজাগ কৰা হয়। এইদৰে এইচ এছ আইৰ সৈতে এনাজৰীয়ে পশু কল্যাণৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰথম পদক্ষেপ লৈ ভৱিষ্যতে এনে সভা অনুষ্ঠিত কৰিবলৈ আৰু অধিক দয়ালু আৰু দায়িত্বশীল সমাজ এখনৰ প্ৰসাৰৰ উমৈহতীয়া লক্ষ্যত উপনীত হ’বলৈ আগ্ৰহী। শেষত অসমৰ পৰা প্ৰতিখন জিলালৈ এনে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰতিখন থানাৰ পৰা অন্ততঃ এজনকৈ আৰক্ষী বিষয়াক পশু কল্যাণৰ প্ৰশিক্ষণ দিয়া দেখিবলৈ আশা কৰিছে এনাজৰীয়ে। এনাজৰীয়ে প্ৰতিখন জিলাতে এজনকৈ ন’ডেল বিষয়া নিযুক্তি দিয়াৰ আশাও কৰিছে। এনে কৰ্মশালা নতুন আৰক্ষী বিষয়াৰ প্ৰতিটো গোটত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন।
 
এনাজৰী হৈছে সামাজিক পৰিৱৰ্তন সৃষ্টিৰ বাবে চেষ্টা কৰা বিভিন্ন পদক্ষেপ আৰু পৰিৱৰ্তনকাৰীক প্ৰচাৰ কৰা এক অলাভজনক মঞ্চ।