খাদ্য হৈছে আল্লাৰ উপহাৰ; ইয়াক নম্ৰতা আৰু সংযমেৰে গ্ৰহন কৰা উচিত

Story by  atv | Posted by  Munni Begum • 1 Years ago
খাদ্য হৈছে আল্লাৰ উপহাৰ ইয়াক নম্ৰতা আৰু সংযমেৰে গ্ৰহন কৰা উচিত
খাদ্য হৈছে আল্লাৰ উপহাৰ ইয়াক নম্ৰতা আৰু সংযমেৰে গ্ৰহন কৰা উচিত
আৱাজ দ্য ভইচ / গুৱাহাটী ব্যুৰো
 
ইছলামে মুছলমানলোকসকলক জীৱনৰ সকলো দিশৰ বিষয়ে নিৰ্দিষ্ট পৰামৰ্শ আগবঢ়াই আহিছে। ইছলামৰ এই পৰামৰ্শত খাদ্য, খাদ্যাভ্যাস আৰু আচৰণ অন্তৰ্ভুক্ত হৈ আছে। আমি গ্ৰহন কৰা খাদ্য নিজৰ বাবে বা উপভোগৰ বাবে প্ৰয়োজন নহয়, ই জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন। কিয়নো কোনো ব্যক্তিয়ে জীয়াই থকাৰ লগতে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰাৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য আৰু শাৰীৰিক শক্তি পুষ্টিকৰ খাদ্যৰ পৰাই আহৰণ কৰে। শাৰীৰিক সুস্থতা নিশ্চিত কৰাৰ উপৰিও আধ্যাত্মিক আৰু নৈতিক স্বাস্থ্যৰ বাবেও খাদ্য অতি আৱশ্যকীয়।   
 
কোৰাণত উল্লেখ আছে যে, সঠিক শাৰীৰিক আৰু আধ্যাত্মিক শক্তি লাভ কৰিবলৈ, কেৱল বৈধ (হালাল) আৰু স্বাস্থ্যকৰ (তায়িব) খাদ্য গ্ৰহণ কৰা উচিত। কোৰাণত কেৱল আইনী আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈহে আদেশ দিয়া হৈছে। হালালৰ অৰ্থ হৈছে বৈধভাৱে আহৰণ কৰা (চুৰি হোৱা খাদ্যৰ বিপৰীতে)। মাংসৰ ক্ষেত্ৰত ইছলামত কোৱা হৈছে যে কোনো এটা জন্তু বধ কৰিবলৈ অনুমোদিত পদ্ধতি অনুসৰণ কৰি কৰিব লাগে অৰ্থাৎ জন্তু এটাক বধ কৰোঁতে আল্লাৰ নাম প্ৰয়োগ কৰি কষ্ট কমোৱাৰ বাবে তীক্ষ্ণ চুৰি ব্যৱহাৰ কৰিব লাগে।  
ইছলাম ধৰ্মত খাদ্য গ্ৰহণ কৰাৰ পিছত প্ৰাৰ্থনা কৰাৰ এক নিয়ম আছে। প্ৰাৰ্থনাত "আলহামদুল লিল্লাহি ৰাব্বিল 'আলামিন। আল-হামদুলিলাহী আল-লাধি আত'আমানা ৱা চাকানা ৱা জা'আলানা মুছলিমিন। আল্লাহুম্মা কামা আত'আমতানা হালালান তায়িবান ফাজ'আলহু 'আউনান লানা 'আলা তা'আতিক" শীৰ্ষক দোৱা পঢ়া হয়। ইয়াৰ অৰ্থ হৈছে (বিশ্বৰ সকলো প্ৰশংসা আল্লাৰ বাবে। তেওঁৱে আমাক খুৱাই, আমাৰ তৃষ্ণা নিবাৰণ কৰা আৰু মুছলমান সকলে সকলো প্ৰশংসা আল্লাক কৰে। অ'আল্লাহ আপুনি আমাক হালাল খাদ্য খুৱাইছে, যিয়ে আমাক আপোনাৰ আজ্ঞা পালন কৰাত সহায় কৰিব)।
নিষিদ্ধ খাদ্যক "হাৰাম" বা বে-আইনী খাদ্য  বুলি কোৱা হয়। যিটো অবৈধভাৱে আহৰণ কৰা হয় বা সঠিকভাৱে বধ নকৰা জন্তুৰ মাংস, বা মাংসভোজী জন্তু বা গাহৰিৰ মাংস। এনে জন্তু আৰু চৰাইৰ ভিতৰত আছে গাহৰি, কুকুৰ, সিংহ, কুঁৱৰী, ঈগল, পোক, মাখি ইত্যাদি। তেজ তথা মৃত জন্তুৰ মাংস সেৱন কৰাটোও নিষিদ্ধ। ভোকৰ ফলত মৃত্যুৰ পৰা ৰক্ষা পাবলৈ যদি আন কোনো উপায় নাথাকে তেতিয়াহে মৃত বা নিষিদ্ধ জন্তুৰ মাংস ভক্ষণ কৰাৰ অনুমতি দিয়া হৈছে। ইছলামত সকলো সামুদ্ৰিক খাদ্যৰ গ্ৰহণৰ অনুমতি আছে। কিন্তু সকলো প্ৰকাৰ আৰু পৰিমাণত ইছলামত সুৰা নিষিদ্ধ কৰা হৈছে। 
 
সুস্বাদু খাদ্যৰ এখন বজাৰত একাংশ লোকে খাদ্য গ্ৰহণ কৰি থকা এক দৃশ্য
 
বে-আইনী খাদ্য গ্ৰহণ কৰা লোকসকলৰ চৰিত্ৰটো বিৰূপ প্ৰভাৱ পেলায়। গাহৰিৰ মাংস, মাংস খোৱা জন্তুৰ মাংস বা চুৰি কৰা খাদ্যৰ দৰে বেআইনী খাদ্য খালে কোনো এজন ব্যক্তিৰ আধ্যাত্মিক আৰু নৈতিক স্বাস্থ্যত আঘাত হানিব পাৰে। 
কোৰাণত গাখীৰ, খেজুৰ, আঙুৰ, মৌ, মাকৈ, শস্য, জলফাই, কিছুমান উদ্ভিদ আৰু পশুধনৰ দৰে কেইবাটাও খাদ্য সামগ্ৰী উল্লেখ কৰা হৈছে। কোৰাণত মাতৃৰ গাখীৰক তেওঁৰ কেঁচুৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ পুষ্টি হিচাপে উল্লেখ কৰা হৈছে। কেৱল ইমানেই  নহয় পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হ'লেও, এনে এটা ব্যৱস্থা কৰা উচিত যাতে মাতৃয়ে তেওঁৰ জীৱনৰ প্ৰথম দুবছৰৰ বাবে তেওঁৰ কেঁচুৱা সন্তানক স্তন্যপান কৰাব পাৰে আৰু তেওঁক এই সেৱাৰ বাবে পৰিশোধ কৰিব লাগিব।
খাদ্য গ্ৰহণৰ আৰম্ভণি আৰু শেষত আল্লাক ধন্যবাদ জনোৱাটো ইছলামত খোৱাৰ আচৰণৰ এক গুৰুত্বপূৰ্ণ অংশ। কোনো এজন ব্যক্তিয়ে খাদ্য গ্ৰহণ আল্লাৰ নামত আৰম্ভ কৰিব লাগে। ইছলামত কোৱা হৈছে যে, নবীজনে পূৰ্বে কৰাৰ দৰে, বিছমিল্লা হৱা'আলা বাৰাকাতলাহ (আল্লাৰ নামত আৰু তেওঁৰ আশীৰ্বাদত)। আল-হামদুলিল্লাহ আল্লাধি আত'আমানা ৱা চাকানা ৱা জা'ল-মুছলিমিন (সকলো ধন্যবাদ যিয়ে আমাক খুৱাইছিল আৰু আমাৰ তৃষ্ণা নিবাৰণ কৰি আহিছে, যিয়ে আমাক মুছলমান কৰি তুলিছে, অৰ্থাৎ যিসকলে তেওঁৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ কৰে)। 
 
ইছলামত একেখন থালত কেইবাজনো লোকে একত্ৰিত হৈ খাদ্য গ্ৰহণ কৰাৰ এক দৃশ্য
 
খাদ্য বা পানীয় খোৱাৰ ক্ষেত্ৰত অত্যাধিক খোৱা বা অপ্ৰত্যাশিত ভাৱে খৰধৰ কৰিব নালাগে। একাধিক লোকৰ সৈতে খাদ্য গ্ৰহণ কৰাৰ সময়ত, তেওঁৰ সন্মুখত থকা খাদ্য খাব লাগে আৰু তেওঁৰ আচৰণে আনক বিৰক্ত কৰিব নালাগে। খাদ্যৰ অপচয় কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। - কোৰাণত উল্লেখ কৰা আছে যে "আল্লাই কয়, অত্যাধিক অপচয় কৰিব নালাগে, ঈশ্বৰৰ প্ৰেম অপচয়ৰ বাবে নহয়"।  নবীয়ে কৈছিল যে এগৰাকী মুছলমান ব্যক্তিয়ে যদি টাইগ্ৰিছ নদীৰ পাৰত থিয় হৈ থাকে তেতিয়াও পানী অপচয় কৰিব নালাগে।  
খাদ্য খোৱাৰ ক্ষেত্ৰত কেতিয়াও খৰখেদা কৰিব নালাগে আৰু কোনো ব্যক্তিয়ে জোখাতকৈ অধিক খাদ্য গ্ৰহণ কৰিব নালাগে। নবীজনে আমাক আমাৰ পেটৰ মাত্ৰ এক তৃতীয়াংশ খাদ্য আৰু এক তৃতীয়াংশ তৰল ভৰ্তি কৰিবলৈ আদেশ দিছে আৰু বাকী এক তৃতীয়াংশ খালী ৰাখিব দিছিল। 
কোৰাণত উল্লেখ আছে যে, দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰিলে কেৱল উন্নতমানৰ খাদ্য বিতৰন কৰিব লাগে। যিকোনো সময়তে ঘৰলৈ আহা যিকোনো অচিনাকি লোকক খাদ্য তথা পানী আগবঢ়োৱাটো মুছলমানসকলৰ মাজত এক সাধাৰণ পৰম্পৰা। যদি এজন চুবুৰীয়া দৰিদ্ৰ হয় তেওঁলোকে খাদ্য খৰচ বহন কৰিব নোৱাৰে তেন্তে তেওঁলোকক দেখাকৈ অৰ্থাৎ মুকলিকৈ ঘৰলৈ মাংস আনিব নালাগে আৰু যদি কোনোৱে এনে খাদ্য মুকলিকৈ আনিব বিচাৰে তেন্তে তেওঁ  চুবুৰীয়াৰ সৈতে ভাগ বতৰা কৰা উচিত।
 
খাদ্য গ্ৰহণৰ আৰম্ভণি আৰু শেষত আল্লাক ধন্যবাদ জনোৱাটো ইছলামত খোৱাৰ আচৰণৰ এক গুৰুত্বপূৰ্ণ অংশ
 
প্ৰাপ্তবয়স্ক আৰু স্বাস্থ্যৱান মুছলমানসকলে প্ৰতি বছৰে ৰমজান মাহত ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈ উপবাস কৰিব লাগিব আৰু প্ৰতি সপ্তাহত সোমবাৰে আৰু বৃহস্পতিবাৰে উপবাস ৰখাৰ পৰামৰ্শ দিয়া হয় কিন্তু বাধ্যতামূলক নহয়। পানী আৰু  ঘাহঁনিৰ দৰে প্ৰাকৃতিক সম্পদবোৰ কোনো মাচুল নোলোৱাকৈ ব্যৱহাৰ কৰিব লগা সাধাৰণ সম্পত্তি। চমুকৈ কোৰাণত বাৰে বাৰে আমাক  উপদেশ আগবঢ়াইছে যে খাদ্য হৈছে ঈশ্বৰৰ উপহাৰ। আমি ইয়াক নম্ৰতা আৰু সংযমৰ সৈতে গ্ৰহণ কৰা উচিত আৰু ঈশ্বৰক তেওঁৰ দয়াৰ বাবে সদায় ধন্যবাদ জনোৱা উচিত।
 
(আজি বিশ্ব খাদ্য দিৱস উপলক্ষে এই প্ৰবন্ধটি প্ৰকাশ কৰা হৈছে)