Mon May 19 2025 9:27:00 PM
  • Follow us on
  • Subcribe

মহম্মদ আছিকৰ শিৰত জিলিকিল মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ মুকুট

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Years ago
মহম্মদ আছিকৰ শিৰত জিলিকিল মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ মুকুট
মহম্মদ আছিকৰ শিৰত জিলিকিল মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ মুকুট
 
মুম্বাই

মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ বিজয়ী হৈছে মাংগালোৰৰ ২৪ বছৰীয়া প্ৰতিভাৱান যুৱক মহম্মদ আছিক। ছ'নী টিভিৰ জনপ্ৰিয় ৰন্ধন-প্ৰকৰণ অনুষ্ঠান মাষ্টাৰচেফ ইণ্ডিয়াৰ মেগা ফাইনেলত আছিকে নাম্বি জেচিকা আৰু ৰুখছাৰ ছাইদক পৰাস্ত কৰিবলৈ সক্ষম হয়। নাম্বিয়ে প্ৰথম ৰাণাৰ্ছ-আপ আৰু ৰুখছাৰ ছাইদে দ্বিতীয় ৰাণাৰ্ছ-আপৰ সন্মান অৰ্জন কৰে। 
 
মাষ্টাৰচেফ ইণ্ডিয়াৰ পাকঘৰৰ শোভা বৃদ্ধি কৰাৰ পূৰ্বে আছিকে নিজাকৈ জুচৰ দোকান চলাইছিল। তাত তেওঁ ৰন্ধন কলাৰ প্ৰতি থকা প্ৰেম আৰু নিজৰ সৃষ্টিশীল দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু অনন্য সুন্দৰ ৰেচিপিৰে তেওঁৰ গ্ৰাহকসকলক আপ্লুত কৰিছিল। মাষ্টাৰচেফৰ বিগত ছিজনত যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছতো এইবাৰ তেওঁ দৃঢ়তাৰে প্ৰত্যাৱৰ্তন কৰি বিজয়ীৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয়। 

এই সাফল্যৰ পিছত মহম্মদ আছিকে এক বিবৃতিত কয়, "মাষ্টাৰচেফ ইণ্ডিয়াত মই যি স্মৰণীয় যাত্ৰা কৰিছো তাৰ বাবে সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ হৈ থাকিম। এলিমিনেচনৰ সন্মুখীন হোৱাৰ পৰা আৰম্ভ কৰি ট্ৰফী দাঙি ধৰালৈকে প্ৰতিটো মুহূৰ্ত আছিল মোৰ বাবে এক গভীৰ শিক্ষা। এই অভিজ্ঞতাই মোৰ জীৱনটোক সম্পূৰ্ণৰূপে নতুন ৰূপ দিছে, আৰু এই সন্মানীয় খিতাপ জয় কৰাটো মোৰ বাবে সপোন যেন লাগি আছে। যোৱা ছিজনত অলপৰ বাবে বাদ পৰাৰ পিছত অধিক শক্তিশালী দৃঢ়তাৰে উভতি অহাটো মোৰ বাবে কঠিন আছিল যদিও মই নিজকে সম্পূৰ্ণৰূপে ৰন্ধন-প্ৰকৰণ কলাৰ প্ৰতি উৎসৰ্গা কৰিলোঁ।"

“এই জয় কেৱল মোৰ নহয়; ই প্ৰতিজন সপোন দেখা মানুহৰ বাবে যিয়ে নিজৰ আকাংক্ষা পূৰণ কৰিবলৈ যিকোনো বাধাক প্ৰত্যাহ্বান জনায়। বিচাৰক চেফ বিকাশ খান্না, ৰণবীৰ, আৰু পূজা, সহযোগী প্ৰতিযোগী, দৰ্শক, আৰু পাকঘৰত প্ৰতিটো দিনৰ লগে লগে মোক ভাল প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰা সকলো বিখ্যাত চেফৰ প্ৰতি মোৰ অপৰিসীম কৃতজ্ঞতা।"-আছিকে কয়।
 
উল্লেখ্য যে, মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ অনুষ্ঠানটো ছ'নীলাইভ (SonyLiv)ত সম্প্ৰচাৰ হৈ আছে।