দুবছৰৰ অন্তত হেঁপাহ পলুৱাই খাওঁক পূজাৰ মিঠাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুৱাহাটীৰ আগশাৰী মিঠাই প্ৰতিষ্ঠান জেবিছ আৰু ভাছিশ্ৰী
গুৱাহাটীৰ আগশাৰী মিঠাই প্ৰতিষ্ঠান জেবিছ আৰু ভাছিশ্ৰী
আৰিফুল ইছলাম / গুৱাহাটী
 
শেৱালিৰ সুবাস লৈ ধৰাৰ বুকুলৈ নামি আহিছে শাৰদীয় দুৰ্গোৎসৱ। চৌদিশে মাথো উছৱৰ মধু আলোড়ন। বিগত দুটা বছৰৰ বিৰতিৰ মূৰত উলহ-মালহেৰে পূজা উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী। আনন্দ-উল্লাসৰ এই উৎসৱত দূৰ্গা পূজা বুলি কলেই পূজা-অৰ্চনাৰ লগতে সকলোৰে মনলৈ আহে সুস্বাদু মিঠাইৰ কথা। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ চাহিদা পূৰণ কৰিবলৈ সাজু হৈছে গুৱাহাটীৰ আগশাৰীৰ মিঠাই প্ৰতিষ্ঠানসমূহ। পূজাৰ বাবে তেওঁলোকে গ্ৰাহকৰ বাবে প্ৰস্তুত কৰিছে বিশেষ মিঠাই।
 
বিগত দুটা বছৰত ক'ভিডে কাঢ়ি নিছিল পূজাৰ আনন্দ-উল্লাহ।  সমগ্ৰ দেশতে দুৰ্গাপূজা অনুষ্ঠিত হৈছিল অনুস্থূপিয়াকৈ। মিঠাই ব্যৱসায়ী সকলেও ভাল ব্যৱসায় কৰিব পৰা নাছিল। এইবাৰ দুৰ্গা যিহেতু ভালদৰে অনুষ্ঠিত কৰা হৈছে, সেয়েহে এইবেলি ভাল ব্যৱসায় কৰিবৰ বাবে সাজু হৈছে মিঠাই ব্যৱসায়ী সকলো। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীটো ডাঙৰ মিঠাই প্ৰতিষ্ঠান সমূহে গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে বিশেষ মিঠাইৰ প্ৰস্তুত কৰিছে।
 
 
আৱাজ-দ্য ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাষীশ্ৰী নামৰ মিঠাই প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী সৌৰভ শৰ্মাই কয়; "পূজাৰ সময়ত সুস্বাদু মিঠাইৰ যথেষ্ট চাহিদা বৃদ্ধি পাই। কিন্তু বিগত দুটা বছৰত আমি ব্যৱসায় কৰিবই নোৱাৰিলোঁ আৰু ক'ভিডৰ বাবে পূজা উলহ-মালহেৰে অনুষ্ঠিত কৰিব পৰা নাছিল। কিন্তু এইবাৰ যিহেতু উলহ-মালহেৰে পূজা অনুষ্ঠিত হৈছে, গতিকে আমিও আমাৰ গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিম। ৩ বছৰৰ অন্তত বজাৰ ভালদৰে মুকলি হৈছে গতিকে আমি গ্ৰাহকৰ চাহিদা পূৰণ কৰিব চেষ্টা কৰিম আৰু ভাল ব্যৱসায় হোৱাৰো আশা কৰিছোঁ।"
"প্ৰত্যেক বছৰে আমি পূজাৰ বাবে বিশেষ খাদ্য ৰাখোঁ। এইবাৰ পূজাৰ বাবে বিশেষ হৈছে ছানা ষ্টল। এই ষ্টল খনত বিভিন্ন ধৰণৰ ছানা আমি ৰাখিম। বঙালীসকলৰ ছানা বহুত প্রিয় আৰু গ্ৰাহকে দুৰ্গা পূজাৰ সময়ত ছানা বিচাৰে। লগতে এইবাৰ মাৱা বিশেষ মিঠাই আমি প্ৰস্তুত কৰিম। মাৱাৰ বিভিন্ন মিঠাই আমি প্ৰস্তুত কৰিম। বিশেষকৈ ক'ভিডৰ পিছত ড্ৰাই ফ্ৰুটছৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গতিকে ড্ৰাই ফ্ৰুটছৰ আমি বেলেগ বেলেগ পেকেজিং কৰি গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰিম। আগষ্ট মাহৰ পৰা একেবাৰে ফেব্ৰুৱাৰীলৈকে এটাৰ পিছত আনটো উৎসৱ আহি থাকে। গতিকে এইখিনি সময়ত আমাৰ ব্যৱসায় ভাল হয়। মই ভাবো এইখিনি সময়ত সকলো মিঠাই বা খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠান সমূহৰ ব্যৱসায় ভাল হয়", স্বত্বাধিকাৰী সৌৰভ শৰ্মাই কয়।
গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত অৱস্থিত জেবি'ছৰ মেনেজাৰ পুলক চৌধুৰীয়ে কয়; "জেবি'ছৰ পূজা বিশেষ বুলি ক'লে প্ৰথমতে আমি জিলাপীৰ কথা ক'ব লাগিব। পূজাৰ সময়ত আমি বিশুদ্ধ ঘিৰে জিলাপ বনাও। আমি তিনি প্ৰকাৰৰ পূজাৰ বিশেষ জিলাপী বনাও। ষ্ট্ৰবেৰী, লিচু আৰু পাইনাপল ফ্লেভাৰৰ আমি জিলাপী বনাও। জিলাপীৰ বাহিৰে অন্য দিনত আমাৰ যিবোৰ মিঠাই আৰু খাদ্য থাকে, সেইসমূহটো থাকিবই। বিগত দুটাবছৰটো ক'ভিডৰ বাবে পূজা ভালদৰে অনুষ্ঠিত নহ'ল। এইবাৰ যিহেতু তেনে কোনো কথা নাই, গতিকে এইবাৰ নিশ্চয় ভাল হ'ব বুলি আমি অনুমান কৰিছোঁ। পূজাৰ সময়ত সন্ধিয়াহলে অলপ বেছি ভিৰ হয়। আমাৰ ষ্টাফে সুন্দৰভাবে গ্ৰাহকৰ চাহিদা পূৰণ কৰে।"
 
বিভিন্ন প্ৰকাৰৰ মিঠাই
 
উল্লেখযোগ্য যে, হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত।
 
জিলাপী
 
ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।