বাংলাদেশৰ অস্থিৰ পৰিস্থিতিয়ে ভাৰত তথা অসমক কিদৰে প্ৰভাৱিত কৰিব

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 1 Months ago
বাংলাদেশৰ অস্থিৰ পৰিস্থিতি আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
বাংলাদেশৰ অস্থিৰ পৰিস্থিতি আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
 
  পল্লৱ ভট্টাচাৰ্য
 
বাংলাদেশত হিংসাত্মক ৰূপ ধাৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচীৰ সূচনা হৈছিল ২০২৪ চনৰ জুলাই মাহত। চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সংৰক্ষণ ব্যৱস্থা অনুসৰি, ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ প্ৰবীণ সৈনিকৰ পৰিয়ালৰ বাবে ৩০% পৰ্যন্ত চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।
 
মূলতঃ দেশখনৰ যুৱ প্ৰজন্মই এই সংৰক্ষণ ব্যৱস্থাক বৈষম্যমূলক বুলি গণ্য কৰি কয় যে, ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সমৰ্থকসকলহে অসমতাপূৰ্ণভাৱে উপকৃত হ'ব। ১৬ জুলাইত ছাত্ৰ প্ৰতিবাদকাৰী, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ সমৰ্থক কৰ্মীৰ মাজত সংঘৰ্ষৰ ফলত পৰিস্থিতি হিংসাত্মক হৈ পৰে। আৰক্ষীয়ে কন্দুৱা গেছ, ৰবৰৰ গুলী ব্যৱহাৰ কৰিছিল, দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দি কাৰ্ফিউ জাৰি কৰিছিল, ইণ্টাৰনেট আৰু মোবাইল ডাটা ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছিল।
 
বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ এক দৃশ্য
 
ইফালে, বাংলাদেশ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰবীণ সৈনিকৰ পৰিয়ালৰ কোটা ৫% লৈ হ্ৰাস কৰে আৰু ৯৩% মেধাৰ ভিত্তিত তথা বাকী ২% সংখ্যালঘু জনগোষ্ঠী, তৃতীয় লিংগৰ ব্যক্তি, আৰু শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হয়। তথাপিও জনসাধাৰণৰ মাজত অশান্তি আৰু অসন্তুষ্টি বৰ্তি থাকিল আৰু ই ক্ৰমান্বয়ে বাঢ়ি গ’ল। হিংসাত্মক ঘটনাত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে, প্ৰায় ১৫০০ লোক আহত হৈছে।
 
প্ৰতিবাদকাৰীসকল হিংসাত্মক হৈ উঠাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী হাছিনাই ইণ্টাৰনেটৰ নিষেধাজ্ঞা পুনৰ আৰোপ কৰে। তেওঁ প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল, যদিও ছাত্ৰ নেতাসকলে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে। এই হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ বাবে শাসকীয় আৱামি লীগ দলে বিৰোধী দলসমূহক জগৰীয়া কৰাৰ বিপৰীতে বিৰোধী দলসমূহে এই কথা অস্বীকাৰ কৰে। অৱশ্যে বিৰোধীয়ে হাছিনাৰ পদত্যাগৰ বাবে প্ৰতিবাদকাৰীৰ দাবীক সমৰ্থন কৰে।
 
এনে এক অস্থিৰ সময়তে ৫ আগষ্ট সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰা বুলি খবৰ ওলাইছে। দেশখনৰ সামৰিক বাহিনীৰ মূৰব্বী ৱাকাৰ-উজ-জামানে অন্তৱৰ্তীকালীন সামৰিক চৰকাৰ গঠনৰ প্ৰতিশ্ৰুতি দি শান্তিৰ আহ্বান জনাইছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে। সূত্ৰসমূহে প্ৰকাশ কৰিছে যে সেনাই প্ৰতিবাদকাৰীৰ পক্ষ ল’ব পাৰে। সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ সৈতে মিলি যোৱাৰ ইংগিত প্ৰকাশ পাইছে, যিয়ে সম্ভাৱ্য সামৰিক অধিগ্ৰহণৰ ইংগিত দিছে। সেনা প্ৰধানগৰাকীয়ে মন্তব্য কৰে যে সামৰিক বাহিনীয়ে সদায় জনসাধাৰণৰ কাষত থিয় দিব।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শ্বেখ হাছিনা
 
অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰভাৱঃ
 
অৰ্থনৈতিক দুৰ্দশাঃ প্ৰতিবাদে অন্তৰ্নিহিত অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত প্ৰভাৱ পেলাব। ইয়াৰ ভিতৰত অন্যতম প্ৰভাৱসমূহ এইধৰণৰ-ৰপ্তানি হ্ৰাস পোৱা, বিদেশী ভাণ্ডাৰ হ্ৰাস পোৱা আৰু যুৱ স্নাতকসকলৰ বাবে গুণগত চাকৰিৰ অভাৱ।

অনিশ্চিত ভৱিষ্যতঃ এই পৰিস্থিতিয়ে বাংলাদেশৰ বাবে এক জটিল সন্ধিক্ষণ কঢ়িয়াই আনিব। এইবোৰে দেশখনৰ সামৰিক অভ্যুত্থান আৰু ৰাজনৈতিক অস্থিৰতাৰ ইতিহাসক প্ৰতিধ্বনিত কৰিছে।
 
উল্লেখ্য যে, ১৯৭৫ চনৰ ১৫ আগষ্টত বাংলাদেশৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানক সামৰিক অভ্যুত্থানত হত্যা কৰাৰ ফলত দেশখনত ধাৰাবাহিকভাৱে সামৰিক অভ্যুত্থান আৰু ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই অস্থিৰ পৰিস্থিতিয়ে দেশখনৰ ইতিহাস গঢ় দিছে। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা আৰু সম্ভাৱ্য সামৰিক অধিগ্ৰহণে ভাৰতত আৰু বিশেষকৈ অসমত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

এই প্ৰভাৱবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’লঃ
 
১) সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশঃ অস্থিৰতাৰ ফলত ভাৰত-বাংলাদেশ সীমান্তৰ সিপাৰে অনুপ্ৰৱেশ বৃদ্ধি পাব পাৰে, কাৰণ মানুহে দেশখনত অস্থিৰতাৰ সন্মুখীন হৈ নিৰাপত্তা আৰু অৰ্থনৈতিক সুস্থিৰতা বিচাৰি চুবুৰীয়া ৰাজ্য তথা দেশলৈ পলায়ন কৰিব। পশ্চিম বঙ্গৰ বিজেপি নেতাএগৰাকীৰ মন্তব্য যে প্ৰায় ১ কোটি বাংলাদেশৰ হিন্দুলোকে ভাৰতত অনুপ্ৰবেশৰ সম্ভাৱনা বিদ্যমান আৰু CAA আইনৰ প্ৰৱৰ্তনৰ বাবে ভাৰতে তেওঁলোকক গ্ৰহন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ- এই উক্তি খিলঞ্জীয়াৰ মাজত বিদ্বেষ সৃষ্টি কৰাতো ধুৰূপ। ইতিমধ্যে ভাৰতে সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। ইয়াৰদ্বাৰা আমি অবৈধ অনুপ্ৰৱেশ বৃদ্ধিৰ উদ্বেগ অনুভৱ কৰিব পাৰো। 
 

বাংলাদেশী প্ৰতিবাদকাৰীয়ে শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভঙাৰ এক দৃশ্য
 
২) অৰ্থনৈতিক আৰু বাণিজ্যিক বিঘিনিঃ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই দ্বিপাক্ষিক বাণিজ্যত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত অৰ্থনৈতিক সম্পৰ্কত প্ৰভাৱ পৰিব। বাণিজ্যৰ বাবে ব্যৱহাৰ কৰা বন্দৰ আৰু স্থলপথসমূহে বাধাৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত বাংলাদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ভাৰতীয় ব্যৱসায়ীসকলৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। 
 
৩) আঞ্চলিক নিৰাপত্তাক লৈ চিন্তাঃ বাংলাদেশত অস্থিৰ শাসন ব্যৱস্থাই ভাৰতৰ শত্ৰু গোটৰ কাৰ্যকলাপ বৃদ্ধি কৰি ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। বাংলাদেশৰ আভ্যন্তৰীণ সংঘাতৰ বাবে হয়তো ভাৰতক অধিক শক্তিশালী চোৰাংচোৱা আৰু নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন হ’ব।
 
৪/ কূটনৈতিক সম্পৰ্কঃ বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশৰ পৰিৱৰ্তনে ইয়াৰ বৈদেশিক নীতিৰ পৰিৱৰ্তন ঘটাব পাৰে, যাৰ ফলত ভাৰত-বাংলাদেশৰ সম্পৰ্কত প্ৰভাৱ পৰিব। অঞ্চলটোত আন্তৰিক সম্পৰ্ক আৰু প্ৰভাৱ বজাই ৰাখিবলৈ ভাৰতে নিজৰ কূটনৈতিক স্থিতি সযতনে নিয়ন্ত্ৰণ কৰিব লাগিব।
 
অসমৰ বাবে প্ৰভাৱঃ
 
১) অসমত ঐতিহাসিকভাৱে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশৰ প্ৰভাৱ আছেই। বৰ্তমানৰ অস্থিৰতাই এই বিষয়টোক আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে, যাৰ বাবে সীমান্তৰক্ষী বাহিনীয়ে সজাগ পদক্ষেপ ল’ব লাগিব।
 
অসম-বাংলাদেশ সীমান্ত
 
২) ঐতিহাসিকভাৱে বাংলাদেশ জাতীয়তাবাদী দলে (BNP) ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ অসম (ULFA)ৰ দৰে বিদ্ৰোহী গোটক সহায় আগবঢ়াই আহিছে। বিএনপিৰ প্ৰভাৱ ঘূৰি অহা বা শাসন ব্যৱস্থাৰ শূন্যতাই হয়তো এই গোটসমূহক সাহসী কৰি তুলিব, যাৰ ফলত অসমত দেশ বিৰোধী কাৰ্যকলাপ বৃদ্ধি পাব পাৰে।
 
৩) বাংলাদেশত ৰাজনৈতিক উত্তাল পৰিস্থিতি আৰু উগ্ৰপন্থী ফৈদৰ সম্ভাৱ্য উত্থানে ভাৰতীয় মুছলমানসকলৰ কিছু অংশৰ মাজত বিশেষকৈ অসমত মৌলবাদৰ সূচনা কৰিব পাৰে। অসমৰ মুছলমান জনসংখ্যাৰ এক উল্লেখযোগ্য অংশৰ শিপা পূৰ্বৰ পূব পাকিস্তানত থকাৰ বাবে বাংলাদেশত যিকোনো উগ্ৰবাদ বা সাম্প্ৰদায়িক উত্তেজনাৰ প্ৰত্যক্ষ প্ৰভাৱ ইয়াত পৰিব পাৰে।

কৌশল আৰু ল'বলগীয়া ব্যৱস্থা
 
১) সীমান্তৰ কাৰ্যকলাপ অধিক ফলপ্ৰসূভাৱে নিৰীক্ষণ কৰিবলৈ ড্ৰ’ন আৰু চেন্সৰৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি শত্ৰুপক্ষৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্ত সুৰক্ষা বৃদ্ধি কৰা উচিত।
 
২) অৰ্থনৈতিক আৰু মানৱীয় সাহায্যঃ যদিও শৰণাৰ্থীৰ আগমনৰ সম্ভাৱনা ক্ষীণ তথাপি আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু থকা উচিত। বাণিজ্যিক বিঘিনি লাঘৱ কৰিবলৈ অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখা আৰু অস্থিৰতাৰ ফলত প্ৰভাৱিত ব্যৱসায়ীসকলক সহায় কৰাটো সময়ৰ আহ্বান।
 
৩) মৌলবাদ-বিৰোধী পদক্ষেপঃ অসম আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ মুছলমান সম্প্ৰদায়ক জড়িত কৰিবলৈ সম্প্ৰদায়ৰ প্ৰচাৰ কাৰ্যসূচী(community outreach programs) বৃদ্ধি কৰা। মৌলবাদ বিৰোধী কাৰ্যসূচী ৰূপায়ণ আৰু মৌলবাদী মতাদৰ্শই যাতে যুৱ প্ৰজন্মৰ মাজত শিপাই যাব নোৱাৰে, তাৰ বাবে স্থানীয় নেতাসকলৰ সৈতে একেলগে কাম কৰিব লাগিব।
 
চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত মেট্ৰ’ ষ্টেচনত কান্দি থকা অৱস্থাত শ্বেখ হাছিনা
 
৪) পাকিস্তান আৰু চীনৰ দৰে দেশসমূহে যাতে অশান্ত পৰিস্থিতিৰ লাভালাভ আদায় কৰিব নোৱাৰে, তাৰ বাবে ভাৰতে কূটনৈতিক সম্পৰ্ক সম্প্ৰসাৰিত কৰিব লাগিব। বাংলাদেশত সৃষ্টি হোৱা অভাৱনীয় সংকটৰ সময়ত আমি ৰাজনৈতিক তত্ত্ববিদ হান্না এৰেণ্টৰ (Hannah Arendt) এষাৰ কথা মনত ৰখাটো অতি প্ৰয়োজন হ'ব। তেওঁ কৈছিলঃ "আটাইতকৈ উগ্ৰ বিপ্লৱীজন বিপ্লৱৰ পিছদিনা ৰক্ষণশীল হ'ব”।
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)