মামণি বাইদেউৰ মানৱতাৰ বাণীয়ে অসমবাসীক চিৰদিনে উদ্বুদ্ধ কৰিব

Story by  atv | Posted by  Munni Begum • 1 Years ago
মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী
 
ড° হাফিজ আহমেদ
 
কবিতা, চুটিগল্প, প্রবন্ধ, অনুবাদ সাহিত্য আদি সাহিত্য কৰ্মৰে অসমীয়া সাহিত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত সুপ্রতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা আৰু নিজৰ কৰ্মৰাজিৰে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত শান্তি-সম্প্রীতি স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰা মামণি ৰয়ছম গোস্বামীয়ে চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ প্ৰায় এটা যুগেই পাৰ হ'ল। কিন্তু তেওঁৰ সাহিত্য-কৃতি তথা কৰ্মৰাজিয়ে আমাৰ দৰে শত-সহস্ৰজনক গুণমুগ্ধ কৰি ৰাখিছে, ভবিষ্যতেও ৰাখিব।
 
মামণি বাইদেউৰ জীৱন কালত আৰু তেওঁৰ দেহাৱসানৰ পিচতো তেওঁৰ সাহিত্য তথা কৰ্মৰাজিৰ বিভিন্নজনে বিভিন্নধৰণে মূল্যায়ন কৰিছে, বর্তমানেও কৰি আছে। তেওঁৰ সাহিত্য-কৃতি আৰু জীৱনৰ নানা দিশ সাম্প্রতিক কালত গৱেষকসকলে পোহৰলৈ আনিছে। কিন্তু মামণি বাইদেউৰ এগৰাকী গুণমুগ্ধ হিচাপে তেওঁৰ সাহিত্য আৰু কৰ্মৰাজিৰ মাজত প্রতিফলিত মানৱপ্রেমেহে আমাক সর্বাধিক আকৃষ্ট কৰিছে।
 
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মামণি ৰয়ছম গোস্বামী
 
দক্ষিণ কামৰূপৰ আমৰাংগা সত্ৰত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনে শেষ পর্যায় পোৱা এক অশান্ত সময়ত ইন্দিৰা গোস্বামীৰ জন্ম। জন্মভূমি গাঁৱৰ মাজেৰে বৈ যোৱা জগলীয়া নৈ আৰু তাৰ চৌকাষৰ খেতিপথাৰৰ অপৰূপ সৌন্দর্যই কণমানি ইন্দিৰাক যেনেকৈ মুগ্ধ কৰিছিল, সেইদৰে জাত-পাতৰ বিভাজনে কোঙা কৰা সেই সময়ৰ সামন্তবাদী সমাজ ব্যৱস্থাত দৰিদ্র, বিশেষকৈ বিধৱা নাৰী আৰু দুখিনী বান্দীহঁতৰ চৰম যন্ত্রণাদায়ক জীৱনেও একলা-দুকলাকৈ বাঢ়ি অহা ইন্দিৰাৰ মনত সাঁচ বহুৱাইছিল। 
 
পিচলৈ গৈ স্বামী মাধৱেন ৰয়ছমৰ লগত ভাৰতৰ বিভিন্ন প্রান্তত ঘুৰি ফুৰি তেওঁ প্রত্যক্ষ কৰিছে নিৰ্মাণকাৰ্যৰ লগত জড়িত শ্রমিক-কর্মচাৰীৰ দুখ-যন্ত্রণাময় জীৱন। স্বামীৰ মৃত্যুৰ পিচত বৃন্দাবনলৈ গৱেষণাৰ বাবে গৈছে তেওঁ- কিদৰে এমুঠি অন্নৰ বাবে অসহায় বিধৱাসকলৰ কোনোবা এগৰাকী ৰূপান্তৰ হৈছে পুৰুষৰ ভোগৰ সামগ্ৰীলৈ, কোনোবাগৰাকীৰ হাতত নিজৰ জীৱনৰ শেষকৃত্য সমাপনৰ বাবে হাতত ধন জমা নথকা বাবে সেই দুৰ্ভগীয়া নাৰীক বেমাৰী অৱস্থাত মৃত্যুবৰণ কৰিবলৈ ৰাজপথলৈ উলিয়াই দিয়া হৈছে- এইবোৰ দুখজনক ঘটনাও প্রত্যক্ষ কৰিছে তেওঁ। 
 
দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা অৱস্থাত শিখবিৰোধী সংঘৰ্ষৰ ভয়াৱহ ৰূপেও তেওঁক বিচলিত কৰিছে। যন্ত্রণাক্লিষ্ট মানৱ জীৱনৰ এনে বৈচিত্র্যময় অভিজ্ঞতাই মামণিক ৰূপান্তৰ কৰিছে মানৱতাবাদৰ সপক্ষে থিয় দিয়া এগৰাকী অক্লান্ত যুঁজাৰুৰূপে। নিজৰ জীৱনৰ ঘাত-প্রতিঘাতক পাহৰি নিপীড়িত, বঞ্চিতজনৰ বন্ধুৰূপে থিয় দিছে তেওঁ। 
 
মামনি বাইদেউৱে নোবেল বঁটা বিজয়ী ভি.এছ নাইপলৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰাৰ এক মূহুৰ্ত
 
তদুপৰি মামণি ৰয়ছম গোস্বামীয়ে জন্মগ্রহণ কৰা সু-সংস্কৃত, ধর্মপৰায়ণ পৰিয়ালৰ পৰাই লাভ কৰিছিল হিন্দু ধৰ্মৰ মানৱীয় গুণাৱলীৰ সম্ভেদ। সেইদৰে শ্বিলঙৰ 'পাইন মাউণ্ট' স্কুলত পঢ়ি থাকোতেই তেওঁ যীশুৰ অমৰবাণীসমূহ হৃদয়ংগম কৰি, যীশুৱে মানৱ জাতিৰ বাবে কৰা চৰম ত্যাগৰ প্রতি এক অনামী আকর্ষণ অনুভৱ কৰিছিল। আব্দুল মান্নান নামৰ অগ্রজ বন্ধু এগৰাকীয়ে উপহাৰ দিয়া কোৰান অধ্যয়ন কৰি ইছলামৰ শান্তি আৰু মানৱতাৰ শিকনিৰ প্ৰতিও আকৃষ্ট হৈছিল মামণি। 
 
সকলো ধৰ্মৰ মূল যে মানৱতা, সেয়া হৃদয়ংগম কৰি লৈছিল হৃদয়ৰ তপস্বিনীয়ে। জীৱনত লাভ কৰা এনে অভিজ্ঞতাবোৰৰ প্ৰভাৱ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত স্পষ্টভাৱেই প্রতিফলিত হৈছে। এই কথা তেওঁ আত্মজীৱনী 'আধালেখা দস্তাবেজ'ত আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে। মামণি বাইদেৱে এই প্রসংগত কৈছে, 'I try to write from the direct experiences of my life. I only mould these experiences with my imagination.'
 
নিজৰ জীৱনকালত মানৱতাৰ পতন প্রত্যক্ষ কৰা মামণি বাইদেউৰ ৰচনাত, তেওঁৰ উপন্যাস আৰু চুটি গল্পবোৰত শোষিত, নিপীড়িত, যন্ত্রণাক্লিষ্ট মানৱৰ প্রতি সেয়ে এক গভীৰ সহানুভূতি প্রস্ফুটিত হোৱা দেখা যায়। বৃন্দাবনৰ পটভূমিত ৰচনা কৰা 'নীলকণ্ঠী ব্ৰজ' আৰু দক্ষিণ কামৰূপৰ আমৰাংগা সত্ৰৰ পটভূমিত ৰচিত 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা'- এই দুয়োখন উপন্যাসৰে বিষয়বস্তু হৈছে কঠোৰ বৈধব্যব্ৰতৰ দ্বাৰা পিষ্ট দুৰ্ভগীয়া বিধৱাৰ মানৱীয় আবেগ-অনুভূতি, প্রেম আৰু দৈহিক বাসনা সংক্রান্তীয় সংঘাত, প্রতিঘাত আৰু প্রতিবাদ। 'নীলকণ্ঠী ব্ৰজ'ৰ সৌদামিনী আৰু 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা'ৰ গিৰিবালাৰ জৰিয়তে ঔপন্যাসিকে পুৰুষতান্ত্রিক, সামন্তবাদী সমাজে মানুহ হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত নাৰী হৃদয়ৰ মৰ্মান্তিক বেদনা প্রকাশ কৰিছে। 
 
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সৈতে মামণি ৰয়ছম গোস্বামী
 
নাৰীৰ ওপৰত চলা সামাজিক অবিচাৰ, শোষণ আৰু বঞ্চনাৰ বিপক্ষে মামণি বাইদেউৰ এনে প্রতিবাদক তেওঁৰ মানৱতাবোধৰে এক অংশ বুলি গণ্য কৰিব পাৰি। সেইদৰে 'চীনাবৰ সোঁত' আৰু 'মামৰে ধৰা তৰোৱাল' নামৰ উপন্যাস দুখনতো শ্রমিক জীৱনৰ শ্ৰম-দৰিদ্রতা, লঘু-লাঞ্ছনা, প্রেম- বাসনা, হাঁহি-কান্দোনৰ ছবি প্রতিফলিত হৈছে। একেধৰণৰ পটভূমিতে লেখা, 'অহিৰণ' নামৰ উপন্যাসতো ছেগা-চোৰোকাকৈ শ্ৰমিকৰ দুর্বিষহ জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছে। 'তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাত' শিখবিৰোধী সংঘৰ্ষৰ সময়ত মানৱতাৰ চৰম পতনৰ মাজতো কিদৰে ব্যতিক্রমী দুই-চাৰিগৰাকী ব্যক্তিয়ে মানৱতাৰ বন্তি প্রজ্বলিত কৰি ৰাখিছিল, তাৰ চিত্র ঔপন্যাসিকে অংকন কৰিছে। 
 
মামণি ৰয়ছমৰ তুলিকাৰে সৃষ্ট দৰিদ্ৰ, যন্ত্রণাপীড়িত চৰিত্ৰবোৰ বাহ্যিক দৃষ্টিত নীৰস আৰু কর্কশ যেন লাগিব পাৰে। কিন্তু তেওঁলোকৰ প্রেম-প্রীতি, আশা-সপোন শেষ হৈ যোৱা নাই। মানুহৰ বিফলতা আৰু নিষ্ঠুৰতাৰ মাজতো লুকাই থকা মানৱতাৰ সুৰক পৰম সহানুভূতিৰে প্ৰকাশ কৰিছে। মিলিটাৰী কেম্পত দেহদান কৰিবলৈ বাধ্য হোৱা সোণীৰ বাবে ৰৈ থাকে শিৱান্না। চীনাবৰ সোঁতে উটুৱাই লৈ যায় তাইৰ পাক-পংকিলতা। হৰ্শূল চাহাবে শ্রমিক নাৰী কদমৰ কেঁচুৱাটোক বুকুৰ আপোন কৰি লয়, কোম্পানীৰ ধোবা আজিজ মিঞাৰ মকবৰা সাজি দিবলৈ আগবাঢ়ি আহে এইজন চাহাবেই। ধর্মঘটৰ নিষ্ফলতাৰ পিচত অনাহাৰী-নিৰাশ্রয় হৰিজনৰ দলটোক বাট দেখুৱায় মানৱতাৰ মুখপাত্র শম্ভু পাছোৱানে।
 
উপন্যাসৰ দৰে মামণি বাইদেউৰ চুটিগল্পতো আছে মানৱতাৰ প্ৰতি গভীৰ অনুকম্পা তথা সহানুভূতি। ড° হীৰেন গোহাঁইৰ ভাষাৰে ক'বলৈ গ'লে, 'মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ গল্পত অহৰহ সন্ধান কৰিছে মানৱতা আৰু প্ৰেমৰ। 'পৰশু পাতৰৰ নাদ' গল্পটোত ৰক্তপিপাসু সুদখোৰ কাবুলী ৰহমতেও অপ্রত্যাশিতভাৱে প্রদর্শন কৰিছে মানৱীয় অনুকম্পা আৰু সহৃদয়তা। 'বৰফৰ ৰাণী' গল্পত মানৱীয় সহানুভূতি শিলাময় চহৰৰ বুকুত এটি নিজৰাৰ ধাৰ যেন।'
 
মামণি ৰয়ছম গোস্বামীক শেষ শ্ৰদ্ধাঞ্জলি অৰ্পন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ
 
কিন্তু মামণি ৰয়ছম গোস্বামীৰ প্রেম অকল মানৱ প্ৰেমৰ মাজতেই সীমাবদ্ধ নাছিল। ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ দৰে ভগৱানসৃষ্ট প্রতিটো জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনিৰ প্ৰতিয়েই তেওঁৰ আছিল অপৰিসীম মমতা। মামণি বাইদেৱে যেনিবা বিশ্বাস কৰিছিল ৱৰ্ডছৱৰ্থৰ অদ্বৈতবাদী দর্শনত। এই দর্শনমতে ভগৱানৰ প্ৰতিটো সৃষ্টিৰ মাজতেই তেৰাৰ অস্তিত্ব বিদ্যমান বুলি। চৰাই-চিৰিকটিৰ প্ৰতি থকা তেওঁৰ অপৰিসীম সহানুভূতিৰ কথা জানিব পাৰি তেওঁৰ দিল্লীৰ তলাবন্ধ ঘৰৰ পাকঘৰৰ মজিয়াত পৰি মৰি থকা কপৌ এজনীৰ মৃত্যুত তেওঁ অনুভৱ কৰা অসীম যন্ত্রণাৰ পৰা। আকৌ কামাখ্যা মন্দিৰৰ পীঠত তেওঁৰ মংগল কামনা কৰি ক'লা পঠা এটা বলি দিয়াৰ পৰত নিশ্চিন্ত মনে ঘাঁহ খাই থকা বলিৰ পশুটোৰ বাবেও তেওঁৰ হৃদয়ে ছটফটাইছিল। বলি হৈ যোৱাৰ পিচত মামণিৰ নয়নেৰে ধাৰাসাৰে লোতক বাগৰিছিল। হুকহুকাই কান্দি দিছিল তেওঁ। 
 
এনে নির্মম অভিজ্ঞতাই মামণিক পিচলৈ জীৱ-জন্তুপ্রেমী, বলি-বিধান বিৰোধী এগৰাকী লেখিকালৈ ৰূপান্তৰ কৰিছিল। লিখি উলিয়াইছিল, 'ছিন্নমস্তাৰ মানুহটো' নামৰ বলি- বিধানবিৰোধী উপন্যাসখন। প্রকাশৰ লগে লগে উপন্যাসখনে সৃষ্টি কৰিছিল তুমুল বিতৰ্কৰ। কাৰণ উপন্যাসখনত ঔপন্যাসিকে শক্তিপীঠ কামাখ্যাত চলা বলি-বিধানৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। মামণি বাইদেউৰ কৰ্মৰাজিৰ বিশ্লেষণ কৰিলেই তেওঁৰ মানৱতাবাদী অন্তৰখন জলজল-পটপটকৈ প্রকাশিত হৈ পৰে। 
 
জাতি-ধর্ম-বর্ণ নির্বিশেষে অসংখ্যজন তেওঁৰ দ্বাৰা উপকৃত হৈছে। কাষ চাপি অহা প্ৰতিগৰাকী লোককে তেওঁ সহৃদয় বান্ধৱৰূপে আঁকোৱালি লৈছে। নিজৰ জন্মভূমি গাঁওখন, তাৰ মানুহবোৰক তেওঁ কেতিয়াও পাহৰি যোৱা নাই নিজ গাঁৱত প্রতিষ্ঠিত হাইস্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুৰাগী কৰি তুলিবলৈ ১৯৬৮ চনতে পিতৃ উমাকান্ত গোস্বামীৰ নামত এক ন্যাস গঢ়ি তুলিছিল এই ন্যাসৰ জৰিয়তে বর্তমানেও বিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্রতিবছৰে পুৰস্কৃত কৰি থকা হৈছে। 
 
মামণি ৰয়ছম গোস্বামীৰ কেইখনমান গ্ৰন্থৰ বেটুপাত
 
নিজৰ খুৰাকৰ লগত চাইকেলত উঠি বৰিহাট বজাৰলৈ যাওঁতে শতচ্ছিন্ন কাপোৰ এদ'মৰ মাজত কুষ্ঠৰোগী এজনক দেখি এইগৰাকী মহীয়সীৰ প্ৰাণে কান্দি উঠিছিল। পিতৃৰ নামত নিজ গাঁৱত এনে অসহায় বোমাৰীসকলৰ বাবে এখনি চিকিৎসালয় গঢ়ি তোলাৰ সপোন দেখিছিল। ২০০৮ চনত নেদাৰলেণ্ড চৰকাৰৰ পৰা পোৱা প্রিন্সিপাল প্রিন্স ক্ল'জ লৰিয়েট' পুৰস্কাৰৰ ধন চল্লিশ লাখ টকা আমৰাংগাত থকা চৰকাৰী চিকিৎসালয়খনৰ আধুনিকীকৰণৰ বাবে দান কৰে।
 
এইগৰাকী মহীয়সীৰ মানৱতাৰ পৰশ আমাৰ দৰে নিঃকিনৰ ক্ষেত্ৰতো পৰিছে। সৌভাগ্যবশতঃ মামণিবাৰ জন্মভূমি গাঁওখনত প্রতিষ্ঠিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিচত তেওঁৰ অনেক লেখাৰ পৃষ্ঠভূমি আমৰাংগা অঞ্চল তথা জগলীয়া নৈখনেই নহয়, লেখিকাৰ সৈতেও আমাৰ এক আন্তৰিক সম্বন্ধ গঢ়ি উঠিছিল। এই সম্বন্ধই এসময়ত গৈ আন্তৰিক, পাৰিবাৰিক সম্পৰ্কলৈ ৰূপান্তৰ হৈছিল। 
 
২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰাৰ পিচত তেওঁক অভিনন্দন জনাইছিলো। ফ্রন্টলাইন আলোচনীত বাইদেৱে জ্ঞানপীঠ বঁটা লাভ কৰা বাবে আনন্দ প্রকাশ কৰি এখন দীঘলীয়া পত্র লিখিছিলো মামণিবাই আমাৰ এই কার্যত সন্তুষ্টি প্রকাশ কৰিছিল ২০০১ চনত দিল্লী বিশ্ববিদ্যালয়ত বাইদেউৰ নিজা বিভাগত খালী হোৱা শিক্ষক পদৰ বাবে আবেদন জনাবলৈ বাইদেৱে আমাক অনুপ্রাণিত কৰিছিল। উক্ত পদৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলৈ গৈ বাইদেউৰ সৈতে দিল্লীত অন্তৰংগভাৱে পাৰ কৰিছিলো কেইবাটাও দিন। 
 
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকসকলৰ সৈতে মামণি ৰয়ছম গোস্বামী
 
সেই সময়তে বাইদেউৰ নামত উৎসর্গিত আমাৰ সাম্প্রদায়িকতাবিৰোধী গল্প সংকলন 'খিৰিকীখন মেলি দিয়া' বাইদেউৰ হাতত অর্পণ কৰিছিলোঁ। 'ভাল কাম কৰিছা। ধর্ম-জাত-পাতৰ নামত দেশখনত চলা সকলো প্ৰকাৰৰ অন্যায়-অত্যাচাৰৰ বিপক্ষে যুঁজি যোৱা'- মামণি বাইদেৱে আমাক আশীর্বাদ দিছিল। আমি অনুপ্রাণিত হৈছিলো। দিল্লীৰ পৰা উভতি আহোতে ভাই-বোৱাৰী আৰু ভতিজীলৈ উপহাৰ পঠিয়াই দিছে। 
 
তাৰ পিচত দিল্লী, গুৱাহাটী বা আমৰাংগা য'তেই লগ পাইছো, আমাৰ লেখা-মেলাৰ কথা সুধিছে, পৰিয়ালৰ প্ৰতিজন সদস্যৰে খা-খবৰ লৈছে নিজৰ পৰম আত্মীয়ৰ দৰেই। অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু বিকাশৰ বাবে কাম কৰিবলৈ অনুপ্রাণিত কৰিছে। মামণি বাইদেউ আজি আমাৰ মাজত নাই। কিন্তু তেওঁ শিকাই থৈ যোৱা মানৱতাৰ বাণীয়ে আমাক চিৰদিনেই উদ্বুদ্ধ কৰিব। 
 
(লেখক এগৰাকী কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। মামণি ৰয়চম গোস্বামীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি এই লেখাটি প্ৰকাশ কৰা হৈছে।)