শ্ববে বৰাত আৰু ইয়াৰ মহত্ব

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  মৌলানা নুৰুল আমিন কাছিমী
 
শ্বাবান মাহৰ ১৫ তাৰিখৰ পৱিত্ৰ ৰাতিটোক শ্ববে বৰাত বুলি কোৱা হয়। এই শ্ববে বৰাতৰ পৰাই মুছলমানসকলে ৰোজা ৰাখিবৰ বাবে মানসিকভাৱে প্রস্তুত তথা প্রতিশ্রুতিবদ্ধ হয়। এই শ্ববে বৰাত বা শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটোৰ ফজীলত অপৰিসীম। হাদীছত আহিছে- 'যিজনে শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটো বিশ্বাস আৰু আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে উজাগৰে থাকি ঈবাদত বন্দেগী কৰিব তেওঁৰ পূৰ্বৰ গুনাহবোৰ ক্ষমা কৰি দিয়া হব।' 
 
শ্ববে বৰাতৰ নিশাক গৌৰৱময় নিশা বুলি অভিহিত কৰা হৈছে। সেই নিশাৰ এক বিশেষ মৰ্যাদা আছে বুলি বিভিন্ন ৰেৱায়তত বৰ্ণিত হৈছে। শ্ববে বৰাত সন্দৰ্ভত আমাৰ সমাজত অতিৰিক্ততা আৰু বিচ্ছিন্নতা দুয়োটাই পৰিলক্ষিত হয়। কিছুমানে এই ৰাতিক বৰকতময় বুলি বিশ্বাস কৰে আন কিছুমানে মত পোষণ কৰে যে শ্ববে বৰাত ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত নহয়। তেওঁলোকৰ মতে শ্বাবানৰ ১৪ তাৰিখৰ নিশাৰ কোনো ফজিলত ছহীহ হাদীছৰ দ্বাৰা সমৰ্থিত নহয়। 
 
হায়দৰাবাদৰ এটা পৰিয়ালে আপোনজনৰ কবৰত চাকি জ্বলাইছে
 
শ্ববে বৰাতৰ মৰ্যাদা সম্পৰ্কে কিছুমান হাদীছ আছে যদিও, সেইবোৰ ভুৱা আৰু ভিত্তিহীন বুলি তেওঁলোকে মত পোষণ কৰিব বিচাৰে। আকৌ কিছুমান মানুহ অলপ বেছি সাৱধানতাৰ সৈতে কয় যে শ্বাবানৰ ১৪ তাৰিখ ৰাতিৰ মৰ্যাদা হাদীছৰ দ্বাৰা প্ৰমাণিত আছে। কিন্তু সেই ৰাতিৰ কোনো আমল নবীৰ পৰা প্ৰমাণিত হোৱা নাই। 
 
শ্ববে বৰাতৰ দিনা অৰ্থাৎ ১৪ শ্বাবানৰ দিনা অসমীয়া মুছলমান সমাজত বহু নীতি নিয়ম প্ৰচলিত হৈ আহিছে। গাঁও অঞ্চলত শ্ববে বৰাত উপলক্ষে ঘৰে ঘৰে ৰুটী হালোৱা আদি বিশেষ খাদ্যৰ আয়োজন কৰা আৰু বিতৰণ কৰা হয়, মছজিদ, ঘৰ দোকানত ধূপ জ্বলোৱা হয়। মছজিদৰ ইমাম চাহাবে ঘৰে ঘৰে গৈ পৱিত্ৰ কুৰআন পাঠ কৰি দোৱা কৰে। পিছদিনা ৰোজা ৰাখে, শ্ববে বৰাতৰ আমলৰ মনোভাৱৰে ৰাতি কবৰ জীয়াৰত কৰা হয়। কিন্তু একাংশ লোকৰ মতে এয়া কোনো শ্বৰীয়ত সন্মত কৰ্ম নহয়।  
 
শ্ববে বৰাতৰ নিশা পিতৃৰ সৈতে পুত্ৰই নামাজ পঢ়া এক দৃশ্য
 
শ্ববে বৰাতৰ ফজিলত বা মহত্ব : শ্ববে বৰাতৰ ফজিলত সম্পর্কে একাধিক ৰেৱায়ত হাদীছ শ্বৰীফ সমূহত আহিছে। এটি ৰেৱায়তত আহিছে, শ্বাবানৰ ১৪ তাৰিখৰ ৰাতি আল্লাহে সমগ্ৰ সৃষ্টিৰ ফালে কৰুণাৰ দৃষ্টিৰে চায়। মুশ্বৰিক আৰু উম্মতত বিভেদ সৃষ্টিকাৰী ব্যতীত সকলোকে সেই ৰাতি ক্ষমা কৰি দিয়ে। -ছহীহ ইবনি হিব্বান: ৫৬৬৫; চুআবুল ইমান: ৩৮৮৩, বায়হাকি। 
 
বিশিষ্ট ইমাম সকলেও শ্ববে বৰাতৰ ফজিলত সম্পৰ্কে মন্তব্য আগবঢ়াইছে: 
 
শ্বাইখুল ইছলাম ইবনু তাইমিয়া (ৰাহ.) এ কৈছে শ্বাবানৰ ১৪ তাৰিখৰ ৰাতিৰ গুৰুত্ব আছে, কিন্তু তেওঁ সন্মিলিতভাৱে মছজিদত জাগি থকা ভিত্তিহীন বুলি তেওঁ মত পোষণ কৰিছে। তৎসত্বেও তেওঁ শ্ববে বৰাতক এক ফজীলত পূৰ্ণ ৰাতি বুলি মত পোষণ কৰিছে। -আল ফাতাওয়াল কুবৰা: ১/১৩০১, ইবনু তায়িমিয়া। 
 
ইমাম ইবনু আমিৰ আলহাজ ছানআনি মালিকি ৰাহ. এ কয়,' শ্ববে বৰাতৰ মৰ্যাদা যদিও শ্ববে কদৰৰ দৰে নহয়; কিন্তু এই ৰাতিৰ বহুত মৰ্য্যদা আৰু কল্যাণ আছে। -আল মাদখাল: ১/২৯৯ 
 
শ্ববে বাৰাতৰ দিনা শ্ৰীনগৰৰ এখন কবৰস্থানৰ এটা দৃশ্য
 
শ্বাবান তথা শ্ববে বৰাতৰ ৰোজা ৰখাটোও যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ। সেয়ে আমাৰ সমাজত শ্বাবান মাহ আৰু শ্ববে বৰাতৰ দিনা পুৰুষ মহিলা সকলোৱে ৰোজা ৰখাৰ প্ৰচলন আছে। ছহীহ বুখাৰীত উল্লেখ আছে যে ৰছুল (ছ:) এ শ্বাবানত বেছি বেছি নফল ৰোজা ৰাখিছিল, সেয়ে এই মাহত নফল ৰোজা ৰাখিব পাৰি। আৰু এটা বিষয় মন কৰিবলগীয়া যে আল্লামা ইবনু ৰজব হাম্বলি (ৰাহ). এ কৈছে, 'শ্বাবানৰ ১৫ তাৰিখে ৰোজা ৰখাত অসুবিধা নাই। কিয়নো, ১৫ তাৰিখ হৈছে " আইয়ামে বিজ"- ৰ অন্তৰ্ভুক্ত। প্ৰত্যেক মাহৰ সেই তাৰিখত অথবা আইয়ামে বিজৰ ৰোজা ৰখা চুন্নত।  
 
শ্ববে বৰাত উপলক্ষে আমাৰ দেশত বিশেষ পদ্ধতিৰে নামাজ আদায় কৰা হয়। কোৱা বাহুল্য যে সেই নামাজসমূহৰ বিশেষ ফজিলত আছে। কিন্তু এটা বিষয় ভালকৈ মনত ৰাখিব লগীয়া যে শ্ববে বৰাত উপলক্ষে বিশেষ নামাজৰ ফজিলত ছহীহ হাদিছৰ দ্বাৰা ইয়াৰ প্ৰমাণ পোৱা নাযায়। 
 
মুছলমান ধৰ্মালম্বী লোক সকলে শ্ববে বৰাতৰ নিশা নামাজ পঢ়া এক দৃশ্য
 
সেয়ে শ্ববে বৰাতৰ ৰাতি বিশেষ পদ্ধতিৰে নামাজ পঢ়াত গুৰুত্ব নিদি যিমান পাৰে নফল নামাজ পঢ়া, তছবিহ পাঠ কৰা, কোৰআন তিলাৱাত কৰা আৰু তৌবাহ ইস্তেগফাৰ কৰা উচিত। সমূহীয়াভাৱে নামাজ নপঢ়ি সুকীয়াভাৱে নফল নামাজ, যেনে চালাতুল তাওৱা, চালাতুল হাজত, তাহিয়াতুল ওজু, তাহাজ্জুদ আদি পঢ়া উচিত। 
 
শ্ববে বৰাত সংক্ৰান্ত কিছুমান ভিত্তিহীন বৰ্ণনা: 

শ্ববে বৰাত উপলক্ষে নামাজৰ কেইবাটাও বিশেষ পদ্ধতি আমাৰ সমাজত বহুলভাৱে প্ৰচলিত। তাৰে কেইটামান ভুৱা ফজিলত উদাহণস্বৰূপে তলত উল্লেখ কৰা হ'ল- 
 
১। শ্ববে বৰাতৰ ৰাতি যিয়ে ১ হাজাৰ বাৰ ছুৰাহ ইখলাছ পাঠ কৰি ১০০ ৰাকাত নামাজ পঢ়িব তেওঁক, মৃত্যুৰ আগত ৩০ জন ফিৰিস্তাই সপোনত জান্নাতৰ শুভবাৰ্তা দিব। ৩০ জন স্বৰ্গদূত তথা ফিৰিস্তাই নৰকৰ পৰা মুক্তিৰ শুভবাৰ্তা দিব। ৩০ টা ভুলৰ পৰা তেওঁক সুৰক্ষিত ৰখা হ'ব আৰু ১০ জন স্বৰ্গদূতে তেওঁৰ শত্ৰুৰ চক্ৰান্ত বিফল কৰিব।
 
শ্ববে বাৰত উপলক্ষে হায়দৰাবাদৰ মক্কা মছজিদ সজাই তোলা হৈছে
 
২। হজৰত আলি (ৰা:) ৰ পৰা বৰ্ণিত ৰাছুল (ছ:) ক দেখিছোঁ শ্ববে বৰাতত ১৪ ৰাকাত নামাজ পঢ়ি বৈঠকত তেওঁ ১৪ বাৰ ছুৰাহ ফাতিহা, ১৪ বাৰ ছুৰাহ ইখলাছ, ১৪ বাৰ ছুৰাহ ফালাক আৰু নাছ পাঠ কৰিলে তাৰ পিছত আয়াতুলকুৰছী আৰু ‘লাকাদ জা-আকুম’ আয়াত এবাৰ পাঠ কৰিলে।
 
যেতিয়া ৰাচুল (ছ:) এ নামাজ শেষ কৰিলে, তেতিয়া তেওঁক সেই নামাজ সম্পৰ্কে সুধিলো উত্তৰত তেওঁ ক'লে ‘যি কোনোৱে এনেকৈ নামাজ পঢ়ে, তেওঁ ২০ বছৰৰ হজ্জৰ পুৰস্কাৰ আৰু ২০ বছৰৰ মোহিত ৰোজাৰ পুৰস্কাৰ পাব। সেইদিনা যিয়ে ৰোজা ৰাখিব, তেওঁ ৬০ বছৰ ৰোজাৰ পুৰস্কাৰ পাব ইত্যাদি।  
 
শ্ববে বৰাতৰ নিশা পবিত্ৰ কোৰান পাঠ কৰিছে শিশুসকল
 
ওপৰত উল্লেখিত ভুৱা অস্তিত্বহীন আৰু বহুতো হাদিছৰ বৰ্ণনা আছে আৰু বহুতো ধৰণৰ বিশেষ পদ্ধতিৰে নামাজ আদায় কৰাৰ কথা আৰু বিশেষ ফজিলত বৰ্ণনা কৰা হয় এই আটাইবোৰেই তথ্যহীন। ইছলামত ভুৱা হাদিছৰ কোনো স্থান নাই। সেয়ে কিবা তথ্য নথকা আমল কৰাত সাৱধানতা অৱলম্বন কৰা অত্যন্ত জৰুৰী। 
 
গতিকে শ্ববে বৰাতৰ ফজিলত নিশ্চয় আছে। বছৰটোৰ কোনোদিন মছজিদৰ দুৱাৰ নগচকা জনেও শ্ববে বৰাতৰ ৰাতি আল্লাহৰ নৈকট্য বিচাৰি মছজিদলৈ যায়। গতিকে এই ৰাতিটোৰ ইবাদতৰ বাবে জনসাধাৰণক উৎসাহিত কৰা উচিত। কিন্তু এই ৰাতিৰ ক্ষেত্ৰত অতিৰঞ্জিত কৰাও শ্বৰীয়ত সন্মত নহয়। আহক এই ৰাতিটো আমি সকলোৱে আল্লাহৰ সন্তুষ্টি লাভ আৰু বিশ্ব শান্তিৰ বাবে ইবাদত বন্দেগী আৰু দোৱা প্ৰাৰ্থনা কৰোঁ।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)