নেহৰুৰ ভাৰতৰ ৰত্ন 'মণিপুৰ' কিয় আজি অগ্নিগৰ্ভা?

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইম্ফলত এখন সভাত সভাপতিত্ব কৰাৰ এক দৃশ্য
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইম্ফলত এখন সভাত সভাপতিত্ব কৰাৰ এক দৃশ্য
  পল্লব ভট্টাচাৰ্য

মেইটেইসকলক অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ পদক্ষেপৰ বিৰুদ্ধে মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউএম) আয়োজন কৰা জনজাতি সংহতি ৰেলীৰ ফলত মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিয়ে ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা ৰাজ্যখনত বিদ্যমান গুৰুতৰ বিভাজনসমূহৰ এক সুস্পষ্ট প্ৰমাণ।      

প্ৰথম বিভাজন হ’ল ব্ৰিটিছ ভাৰতৰ পৰা ৰাজ্যখনৰ অধিগ্ৰহণ। ব্ৰিটিছ শাসনৰ দিনত মণিপুৰ ৰাজকীয় ৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল আৰু ১৯৩০ চনৰ শেষৰ ফালে ৰাজকীয় ৰাজ্যখনে ব্ৰহ্মদেশৰ সলনি ভাৰতীয় সাম্ৰাজ্যৰ অংশ হ'বলৈ অগ্ৰাধিকাৰ দিয়াৰ বাবে ব্ৰিটিছ প্ৰশাসনৰ সৈতে আলোচনা কৰিছিল। সেই সময়ত ব্ৰহ্মদেশৰ স্বাধীনতা সংগ্ৰাম দুৰ্বল কৰি তুলিবলৈ ইংৰাজে ১৯৩৫ চনত ভাৰতৰ পৰা বাৰ্মাক পৃথক কৰিছিল। ১৯৪৭ চনৰ ১১ আগষ্টত মহাৰাজ বুঢ়াচন্দ্ৰই ভাৰতত যোগদান কৰিবলৈ ইনষ্ট্ৰুমেণ্ট অৱ এক্সেচন'ত স্বাক্ষৰ কৰিছিল। ১৯৪৯ চনৰ ২১  ছেপ্টেম্বৰত তেওঁ ৰাজ্যখন ভাৰতৰ লগত একত্ৰিত কৰি একত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু এই কাৰ্য্যৰ পিছত মণিপুৰৰ বিভিন্ন গোটসমূহে এই চুক্তিৰ বিৰুদ্ধাচৰণ কৰি এই কাৰ্য্য সহমত অবিহনে আৰু জোৰ-জবৰদস্তিৰ অধীনত সম্পূৰ্ণ কৰা বুলি অভিযোগ কৰিছিল। ইয়াৰ ফলত মেইটেই বিদ্ৰোহৰ বিকাশ ঘটিছিল।

দ্বিতীয়  বিভাজনটো হ’ল ৰাজ্যখনৰ জনগাঁথনি। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ জনসংখ্যাৰ ৪১.৩৯ শতাংশ হিন্দু, ৪১.২৯ শতাংশ খ্ৰীষ্টান, ৮.৩৯ শতাংশ মুছলমান, আৰু বাকীসকল হৈছে জৈন , বৌদ্ধ ধৰ্মালম্বী লোক। মুঠ ২৮.৬ লাখ জনসংখ্যাৰ ভিতৰত জনজাতীয় (এছ টি) জনসংখ্যা ১১.৬৭ লাখ আৰু ইয়াৰ অধিকাংশয়ে খ্ৰীষ্টান।  

তৃতীয়তে, জনসংখ্যাৰ ৫৩ শতাংশ মেইটেইসকলে গঠন কৰা উপত্যকা অঞ্চলত সীমাবদ্ধ হৈ আছে, যি ৰাজ্যখনৰ অঞ্চলৰ প্ৰায় ১০ শতাংশ। জনসংখ্যাৰ প্ৰায় ৬৪ শতাংশ উপত্যকাত বাস কৰে আৰু তেওঁলোকক ৪০ জন বিধায়কে প্ৰতিনিধিত্ব কৰে। কিন্তু ৰাজ্যখনৰ ৯০ শতাংশ ভূ-খণ্ডৰ পাহাৰীয়া অঞ্চলত মাত্ৰ ২০ জন বিধায়ক আছে৷ নগা আৰু কুকি জনজাতিৰ মেইতেয়ীসকলৰ বিৰুদ্ধে ই এক সহজাত অভিযোগ আৰু সংঘৰ্ষৰ মূল কাৰণ।  
 

 

ইম্ফলত হিংসাত্মক ঘটনাৰ সময়ত ৫ জন দৃষ্টিহীন শিক্ষাৰ্থীক উদ্ধাৰ অসম ৰাইফলছৰ
 
 
চতুৰ্থতে, মণিপুৰৰ ভৌগোলিক অৱস্থানক নিৰিক্ষন কৰি পণ্ডিত নেহৰুৱে ইয়াক জুৱেল অৱ ইণ্ডিয়া বুলি আৰু লৰ্ড আৰৱিনে ভাৰতৰ চুইজাৰলেণ্ড বুলি বৰ্ণনা কৰিছিল। এফালে মিজোৰাম, অসম আৰু নাগালেণ্ড আৰু আনফালে ম্যানমাৰৰ ৩৫২ কিলোমিটা সীমান্তৰ সৈতে অতি কৌশলগতভাৱে অৱস্থিত মনিপুৰ। সীমান্তৰ কাষত বাস কৰা জনজাতিসকলক ভিছাৰ নিষেধাজ্ঞা অবিহনে সীমান্তৰ ওপৰেৰে ১৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ অনুমতি দিয়া হয় আৰু ইয়াক ফ্ৰী মুভমেণ্ট ৰেজিম (এফএমআৰ) বুলি অভিহিত কৰা হয়। সীমান্তৰ সিপাৰৰ কুকিসকলে এই পৰিস্থিতিৰ সুযোগ লৈ অনুপ্ৰৱেশত  সহায় কৰিছে আৰু ফলস্বৰূপে কুকি সম্প্ৰদায়ে তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰি পৃথক ৰাজ্যৰ দাবী শক্তিশালী কৰিছে।

মণিপুৰৰ অনুসূচিত জনজাতি দাবী সমিতিয়ে ২০১২ চনৰ পৰাই মেইটেইসকলক এছ টিৰ মৰ্যাদা বিচাৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ দাবীৰ ভিত্তি আছিল যে ১৯৪৯ চনত ৰাজ্যৰ একত্ৰীকৰণৰ পূৰ্বে মেইটেইসকলক জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল। সম্প্ৰদায় আৰু তেওঁলোকৰ পৈতৃক ভূমি, পৰম্পৰা, সংস্কৃতি আৰু ভাষা ৰক্ষা কৰিবলৈ এই মৰ্যাদাৰ প্ৰয়োজন।           কুকিঅনুপ্ৰৱেশকাৰীৰ (ম্যানমাৰৰ পৰা) আক্ৰমণৰ বাবে মেইটেই আৰু তেওঁলোকৰ সংস্কৃতি বিপদাপন্ন হৈ আহিছে।  

৫৩ শতাংশ জনসংখ্যাৰ মেইটেইসকলক পাহাৰত (ভূমিৰ ৯০ শতাংশ) ভূমি ক্ৰয় কৰিবলৈ দিয়া নহয়। আনহাতে জনজাতীয় লোকসকলে পাহাৰৰ লগতে উপত্যকাতো ভূমি ক্ৰয় কৰিব পাৰে। উপত্যকাত ভূমিৰ বাবে হোৱা হুলস্থুলৰ ফলত ইয়াৰ সংকুচন ঘটিছে। নাগালিমৰ ভাবুকিও তেওঁলোকৰ ধাৰণাত ডাঙৰকৈ হোৱা দেখা গৈছে আৰু দীৰ্ঘম্যাদীভাৱে সম্প্ৰদায়টো হ্ৰাস হৈ গৈছে। তেওঁলোকে লগতে দাবী কৰে যে তেওঁলোকৰ জনসংখ্যা ১৯৫১ চনত ৫৯ শতাংশৰ পৰা ৪৪ শতাংশলৈ (২০১১ চনৰ লোকপিয়ল) হ্ৰাস পাইছিল। ২০০৬ চনৰ পৰা আৰম্ভ হোৱা নগা-কুকি-জোমি জনজাতিসকলৰ বাবে ছবছৰীয়া আই এল পি আন্দোলন আৰু এফ এম আৰ-য়ে তেওঁলোকক সংখ্যালঘুলৈ হ্ৰাস পোৱাৰ সন্দেহক ইন্ধন যোগাইছিল - যেনেকৈ ১৯৭৯-১৯৮৫ চনৰ অসম আন্দোলনত অসমীয়াৰ আৱেগৰ পুনৰ উত্থান ঘটিছিল।

আনহাতে জনজাতীয় লোকসকলে মেইটেইসকলক এচ্  টি কৰাৰ দাবী বিবেচনা কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আন্দোলন কৰিছে কাৰণ ইয়াৰ ফলত মেইটেইসকলে তেওঁলোকৰ শ্ৰেষ্ঠত্বৰ বাবে কুকিসকল ক্ষতিগ্ৰস্থ হৈ পৰিব - যিটো আৱেগক মূল ভাৰতৰ মীনাসকলৰ বিৰুদ্ধে হোৱা আবেগেৰে তুলনা কৰিব পাৰি।মেইটেইসকলে ইয়াৰ উত্তৰত কয় যে কুকিসকলে ৰাজ্যখনৰ প্ৰায়বোৰ প্ৰশাসনিক পদ দখল কৰি আছে। 
 
মণিপুৰৰ গণ হিংসাৰ বলি হোৱা লোকসকলক অসম ৰাইফলছ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে
 
কুকিসকলৰ মতে, অনুচ্ছেদ ৩৭১চি-ৰ অধীনত তেওঁলোকৰ সাংবিধানিক সুৰক্ষাৰ বিপৰীতে চুৰাচান্দপুৰ-খৌপুম সুৰক্ষিত বনাঞ্চলৰ ৩৮ খন গাঁৱত মণিপুৰ চৰকাৰে বসতি স্থাপনকাৰীসকলক অবৈধ বেদখলকাৰী হিচাপে গণ্য কৰি উচ্ছেদ অভিযান চলাইছে। মণিপুৰ চৰকাৰেও কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে অভিযান স্থগিত চুক্তি প্ৰত্যাহাৰ কৰিছে।

হিংসাৰ বিস্ফোৰণৰ সময়ত কেন্দ্ৰৰ পৰা কোনো সক্ৰিয় ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ হ’ব পাৰে কৰ্ণাটক নিৰ্বাচনত নেতাসকলৰ ব্যস্ততা, যিয়ে মেইটেইসকলৰ আৱেগক আঘাত হানিছে। তেওঁলোকে অনুভৱ কৰিছে যে মূল ভূখণ্ডৰ নেতাসকল প্ৰান্তীয় আকাংক্ষাৰ প্ৰতি অসংবেদনশীল।
 
ভাৰত চৰকাৰে অৱশ্যে পৰিস্থিতিৰ মুকাবিলা কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে  -১৯৮৬ চনৰ এজন অভিজ্ঞ আইপিএছ (অৱসৰগ্ৰস্ত) বিষয়া কুলদীপ সিঙক  উপদেষ্টা হিচাপে নিয়োগ কৰা , পৰিস্থিতি-নিয়ন্ত্ৰন কৰিবলৈ, অতিৰিক্ত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া ভ্ৰমণ, সকলো অংশীদাৰৰ সৈতে আলোচনা আৰম্ভ কৰা আদিৰ কথা এইক্ষেত্ৰত উল্লেখনীয় ।

বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে তলত দিয়া পদক্ষেপসমূহ লোৱাতো সময়ৰ আহ্বান: 

১. ১৯৬৫ চনৰ লোকুৰ সমিতি, ২০০২-০৪ চনৰ ভুৰিয়া আয়োগ আৰু অধ্যাপক ভাৰ্জিনিয়াছ খাখাৰ অধীনৰ ২০১৩ চনৰ উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শৰ ভিত্তিত মেইটেইসকলৰ এছ টি মৰ্যাদাৰ দাবীৰ মূল্যাঙ্কন কৰা।

২. মুখ্যতঃ জনজাতীয় আৰু মেইটেই জনসাধাৰণক একেলগে জড়িত কৰি বাণিজ্য, পৰ্যটন, কৃষি আদিৰ দৰে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ ভাৰত চৰকাৰে আৰম্ভ কৰা আৰু এক্ট ইষ্ট নীতি সক্ৰিয় কৰা, যাতে ইজনে আনজনৰ ওপৰত  নিৰ্ভৰশীল হৈ এই পদক্ষেপসমূহ  গতিশীল কৰিব পাৰে। অৱশ্যে এই কাৰ্যৰ বাবে সময়ৰ প্ৰয়োজন, কিন্তু দীৰ্ঘম্যাদী সময়ত এই পদক্ষেপ সফল হোৱাতো নিশ্চিত।

৩. অসমৰ দৰে আফস্পা ক্ৰমান্বয়ে প্ৰত্যাহাৰ।  

৪. সীমান্ত অঞ্চলত অনুপ্ৰবেশৰ অধিক নিৰীক্ষণ আৰু নিয়ন্ত্ৰন।

(লেখক অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ)