২৬/১১ কাণ্ডৰ ১৫ বছৰ পিছত সন্ত্ৰাসবাদ আৰু পাকিস্তানক মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি অধিক সৱল হৈছে

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আশা খোচা / নতুন দিল্লী

২৬ নৱেম্বৰত মুম্বাইত ১০ জন পাকিস্তানী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ১৫ বছৰৰ পাছত ভাৰতত আৰু ভাৰতৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। ২৬/১১ৰ ঘটনাই সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ ন’-ননচেন্স নীতি আৰু পাকিস্তানৰ প্ৰতি থকা দেশখনৰ স্থিতি স্পষ্ট কৰি তুলিছিল, যাৰ ফলত সন্ত্ৰাসবাদৰ ভাবুকিৰ ভয়াৱহতাৰ সন্দৰ্ভত সাধাৰণ ভাৰতীয় নাগৰিকৰ ধাৰণা সলনি হৈছিল।
 
এই ঘটনাই সীমাৰ সীপাৰৰ পৰা ঘটি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি ভাৰতৰ শিথিল দৃষ্টিভংগীৰ অন্ত পেলাইছিল আৰু পাকিস্তানক স্বাভাৱিক বন্ধু বুলি থকা ধাৰণাবোৰ দূৰ কৰিছিল। ইছলামাবাদৰ সৈতে বন্ধুত্ব কৰিবলৈ পৰ্যাপ্ত কাম নকৰাৰ বাবে নতুন দিল্লীক সমালোচনা কৰাসকলকো এই সন্ত্ৰাসবাদী কাণ্ডই একাষৰীয়া কৰি পেলায়, বিশেষকৈ ৱাগাহ সীমান্তত মমবাতি জ্বলোৱাৰ দৰে প্ৰতীকী ইংগিতত নিয়োজিতসকলৰো মাত বন্ধ কৰে।
 
পূৰ্বৰ কথাবোৰলৈ মন কৰিলে কথাটো অৰ্থহীন যেন লাগে, কিন্তু এইটো সঁচা যে চৰকাৰে যেন ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ মৌলিক প্ৰয়োজনীয়তাক স্বীকাৰ কৰিবলৈ ২৬/১১ৰ ট্ৰেজেডীলৈকে ৰৈ আছিল। এনে বিলম্ব এনেকুৱা দেশত সংঘটিত হৈছে, যিখন দেশে পূৰ্বে পঞ্জাৱৰ যন্ত্ৰণাদায়ক আৰু ৰক্তাক্ত বিদ্ৰোহ আৰু কাশ্মীৰত বিচ্ছিন্নতাবাদী শক্তিসমূহৰ কূটাঘাতৰ সাক্ষী হৈছে। 
 
২৬/১১ৰ পিছৰ পৰিণতিৰ ফলত কেইবাটাও উল্লেখযোগ্য পৰিঘটনা ঘটিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) প্ৰতিষ্ঠা কৰাটোৱেই আছিল প্ৰথম স্পষ্ট ফলাফল। দ্বিতীয়তে, ভাৰতৰ বিৰুদ্ধে পাকিস্তানে কৰা কাৰ্যক লৈ জনসাধাৰণৰ ধাৰণাৰ লক্ষণীয় পৰিৱৰ্তন ঘটিছিল। তৃতীয়তে, ভাৰত চৰকাৰে সন্ত্ৰাসবাদক বিশ্বব্যাপী সমস্যা হিচাপে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দৃঢ় কৰিলে।
 
ভাৰত আৰু ইয়াৰ জনসাধাৰণে এনে ঘটনাৰ প্ৰতি কেনেদৰে দৃষ্টি নিক্ষেপ কৰিছিল তাৰ পৰিৱৰ্তনত ২৬/১১ৰ ঘটনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দৃষ্টিভংগীৰ পৰিৱৰ্তনে ভাৰতক দৃঢ় আৰু সশস্ত্ৰ কাৰ্য্যৰ প্ৰয়োজন হোৱা ডাঙৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ অক্ষম ৰাষ্ট্ৰ বুলি প্ৰচলিত ধাৰণাটোক দূৰ কৰি পেলালে। ভাৰতীয় এজনৰ সৈতে বিবাহিত আৰু দিল্লীত বাস কৰা এজন বিদেশী সাংবাদিকৰ কথা মনত আছে, তেওঁ সুধিছিল যে ভাৰতে সন্ত্ৰাসবাদীক চম্ভালিবলৈ ইজৰাইলৰ কমাণ্ডোক আমন্ত্ৰণ জনাইছিল নেকি। 
 
তেওঁ টিভিত দেখা সেই দৃশ্যটোৰ কথা কৈছিল, য’ত এন এছ জিৰ কমাণ্ডো নৰিমান পইণ্টৰ চাবাদ হাউছৰ চাদত নামি আহিছিল। এই ঘটনাত পাকিস্তানী সন্ত্ৰাসবাদী এজন ৰাব্বি আৰু তেওঁৰ পত্নীক হত্যা কৰিছিল। তেওঁলোকৰ সহায়িকা ছামান্থাই অলৌকিকভাৱে তেওঁলোকৰ সদ্যজাত সন্তানৰ সৈতে ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল।
 
সেনা, এন এছ জি, আৰু আৰক্ষীয়ে এখন চিকিৎসালয়, ৰেলৱে ষ্টেচন, এখন ৰেষ্টুৰেণ্ট, ইহুদী কেন্দ্ৰ, আৰু তাজমহল পেলেচকে ধৰি দুখন বিলাসী হোটেলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ দায়িত্ব লোৱাৰ লগে লগে বিশ্বই টেলিভিছন কভাৰেজৰ জৰিয়তে ভাৰতৰ শক্তি-সামৰ্থ দেখিবলৈ পায়।
 
নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু অধিক দৃঢ় হয়। এই নীতিৰ অধীনতেই মোদীয়ে হামাছৰ সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়া প্ৰথমজন নেতা হিচাপে পৰিগণিত হয়। ইজৰাইলৰ পৰা আক্ৰমণৰ বলি হোৱা গাজাৰ জনসাধাৰণৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰা আগশাৰীৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত তেওঁৰ চৰকাৰো আছিল। 
 
২৬/১১ৰ পৰিঘটনাৰ সময়তো ভাৰতবাসীৰ মাজত পূৰ্বে কেতিয়াও নেদেখা এক ঐক্যবদ্ধ পৰিৱেশ দেখিবলৈ পোৱা যায়। সাধাৰণ মুম্বাইকাৰসকলে পথৰ দাঁতিত মৌনভাৱে থিয় হৈ সন্ত্ৰাসবাদীৰ সৈতে যুঁজি থকা আৰক্ষীক খাদ্য-চাহ আগবঢ়োৱা, নিহতসকলৰ শান্তিৰ বাবে মমবাতি জ্বলোৱা আৰু মাৰ্চ কৰা যুৱক-যুৱতী, আৰু নাগৰিকে ইজনে সিজনক সহায় কৰা ছবিয়ে বিভক্ত ভাৰতৰ পশ্চিমীয়া কু-সংস্কাৰক ছিন্নভিন্ন কৰি পেলালে।
 
সেইদিনাৰ পৰাই ভাৰতীয়সকলে সীমান্ততেই হওক বা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে হওক, সৈনিকসকলৰ প্ৰতি আটাইতকৈ বেছি শ্ৰদ্ধাশীল হৈ আহিছে। সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দি প্ৰাণ আহুতি দিয়া সৈনিকৰ অন্ত্যেষ্টিক্ৰিয়াত দেশবাসী আজি আৱেগিক হৈ পৰে আৰু স্বতঃস্ফূতভাৱে সকলো ওলাই আহি বীৰ সেনা জোৱানক শেষ শ্ৰদ্ধা জনায়।
 
৯/১১ৰ সাত বছৰৰ পাছত সংঘটিত হোৱা ২৬/১১ আক্ৰমণৰ পৰিণতি উল্লেখযোগ্য। ই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহৰ সন্মুখীন হোৱাৰ বিশ্বব্যাপী সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছিল। ইয়াৰ ফলত পশ্চিমীয়া দেশসমূহে পাকিস্তানক অভূতপূৰ্বভাৱে বিচ্ছিন্ন কৰি পেলায়, যাৰ ফলত ১৯৪৭ চনত জন্ম গ্ৰহণ কৰা পাকিস্তানে বিশ্বৰ পৰা লাভ কৰা সমৰ্থনৰ এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিল।
 
সন্ত্ৰাসবাদী বিত্তীয় সাহায্যক সমৰ্থন কৰা কাঠামোৰ বাবে পাকিস্তানে ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চৰ (এফ এ টি এফ) তীব্ৰ নিৰীক্ষণৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁলোকক ৪ বছৰৰ বাবে এফ এ টি এফৰ গ্ৰে লিষ্টত ৰখা হয়। এই সময়ছোৱাত ইছলামাবাদৰ বিশ্বব্যাপী বিশ্বাসযোগ্যতা হ্ৰাস পায় আৰু দেশখন একপ্ৰকাৰ দেওলীয়া হৈ পৰে। প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰে পাকিস্তানৰ ক্ষেত্ৰত "আলোচনা আৰু সন্ত্ৰাস একেলগে আগবাঢ়িব নোৱাৰে"ৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰে।
 
মাজে মাজে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা চলোৱাৰ পিছতো শেষত মোদীয়ে পাকিস্তানৰ প্ৰতি সম্পূৰ্ণ উদাসীনতাৰ নীতি গ্ৰহণ কৰে। কিন্তু পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্ৰক্সি যুদ্ধৰ বাবে সন্ত্ৰাসবাদী ব্যৱহাৰ কৰাত অটল হৈ থাকে। উল্লেখযোগ্য যে পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নিৰ্ধাৰণ কৰা তৃতীয় সৰ্বাধিক সংখ্যক সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী গোটক আশ্ৰয় দিছে, ভাৰত আৰু আমেৰিকাৰ মাজত তথ্যৰ সহযোগিতাই এই মূল্যায়নত অৰিহণা যোগাইছে। নিষিদ্ধ সন্ত্ৰাসবাদীসকলৰ ভিতৰত আছে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড চৈয়দ হাফিজ।
 
পাকিস্তানে ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ চলোৱাৰ পৰা বিৰত নাথাকিল। ইয়াৰ উদাহৰণ হৈছে– উৰি, পাথানকোট, আৰু পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ।
 
পাকিস্তানৰ ভিতৰত সোমাই বালাকোটেত ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ ফলত দেশখনৰ সামৰিক কৌশলত যথেষ্ট পৰিৱৰ্তন ঘটিছিল। পাকিস্তানী সেনাই এক আভ্যন্তৰীণ নথিত স্বীকাৰ কৰিছে যে এই আক্ৰমণে দক্ষিণ এছিয়াত যুদ্ধৰ ধাৰণা সলনি কৰি দিলে। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল যে পাৰমাণৱিক ভাবুকিয়েও ভাৰতক প্ৰতিহত কৰিব নোৱাৰে। 
 
ইয়াৰ পিছতে বিদায়ী সেনাধ্যক্ষ কামাৰ জাভেদ বাজৱাই ভাৰতৰ সৈতে শান্তি স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে, যাৰ ফলত নিয়ন্ত্ৰণ ৰেখাত (এল অ’ চি) স্থায়ী যুদ্ধবিৰতিৰ সৃষ্টি হয়। অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু উগ্ৰবাদৰ আগতীয়া ভাবুকিৰ সন্মুখীন হৈ বহু চিন্তাশীল পাকিস্তানে তেওঁলোকৰ ছ’চিয়েল মিডিয়া প’ডকাষ্টত শুনা মতে ভাৰতৰ বিৰোধী স্থিতি কিছু পৰিমাণে ন্যায্য বুলি স্বীকাৰ কৰিছে। এই স্বীকৃতি পাকিস্তানে সন্ত্ৰাসবাদক ৰাষ্ট্ৰ নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ ইতিহাসৰ পৰাই উদ্ভৱ হৈছে।


শেহতীয়া খবৰ