প্লাষ্টিকক সোণলৈ ৰূপান্তৰ কৰা কাশ্মীৰৰ এখন গাওঁ

Story by  atv | Posted by  Munni Begum • 4 Months ago
উপ-ৰাজ্যপাল মনোজ সিনহাৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ বাবে ৰাজ্যিক বঁটা লাভ কৰিছে  গাওঁবুঢ়া ফাৰুক আহমেদ গণাই
উপ-ৰাজ্যপাল মনোজ সিনহাৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ বাবে ৰাজ্যিক বঁটা লাভ কৰিছে গাওঁবুঢ়া ফাৰুক আহমেদ গণাই
 
অনন্তনাগ 
 
দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত সাদিৱাৰা গাঁৱত প্লাষ্টিকক সোণলৈ ৰূপান্তৰ কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে।  সাদিৱাৰা গাঁৱৰ পঞ্চায়তে "প্লাষ্টিক দিয়ক, সোণ লওঁক" (প্লাষ্টিক ডো সোনা লো) নামৰ এক ব্যতিক্ৰমী অভিযান আৰম্ভ কৰিছে। য'ত নিৰ্দিষ্ট পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা জমা কৰা যিকোনো ব্যক্তি পুৰস্কাৰ হিচাপে একোটাকৈ সোণৰ মুদ্ৰা প্ৰদান কৰি অহা হৈছে।  
 
সাদিৱাৰা হৈছে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত এখন প্লাষ্টিক-মুক্ত গাওঁ। 'প্লাষ্টিক দিয়ক, সোণ লওঁক' শীৰ্ষক অভিযানটো সাদিৱাৰা গাঁৱৰ গাওঁবুঢ়া ফাৰুক আহমেদ গণাইৰ আৰম্ভ কৰিছিল। এই অভিযানে সকলো ঠাইতে যথেষ্ট আগ্ৰহ আৰু সজাগতা সৃষ্টি কৰিছে। তেলেংগানা চৰকাৰেও শেহতীয়াকৈ এই অভিযান অনুকৰণ কৰা পৰিলক্ষিত হৈছে। তেলেংগানা চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক প্লাষ্টিকৰ বিনিময়ত ৰূপৰ মুদ্ৰা প্ৰদান কৰাৰ এক আঁচনি আৰম্ভ কৰিছে। 
 
প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰা বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস ফাৰুক আহমেদ গণাইৰ
 
পেছাত এগৰাকী অধিবক্তা সাদিৱাৰাৰ গাওঁবুঢ়া ফাৰুক আহমেদ গণাই কয়, "আমাৰ মাতৃভূমিৰ প্ৰতি আমাৰ দায়িত্ব আছে বা মই কওঁ যে এইটো আমাৰ ধৰ্ম।" গণাই সদায় কামলৈ যাওঁতে বাটত প্লাষ্টিকৰ আৱৰ্জনা তথা অন্যান্য আৱৰ্জনা তুলি লোৱাৰ বাবে লগত এডাল লাঠি আৰু কাপোৰৰ এখন মোনা কঢ়িয়াই লৈ ফুৰে। তেওঁৰ এই কাৰ্য্যৰ প্ৰতি থকা সমৰ্পণে অন্যন্য গাঁওবাসীক এই অভিযানত সম্পূৰ্ণ হৃদয়েৰে যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। 
 
সাদিৱৰাক প্লাষ্টিকমুক্ত গাঁও হিচাপে গঢ়ি তোলাৰ বাবে গণাইৰ অভিযান চাৰি বছৰ পূৰ্বে আৰম্ভ হৈছিল। তেওঁ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰাৰ এই ব্যতিক্ৰমী কৌশল উদ্ভাৱন কৰিছিল। সাদিৱাৰাৰ বাসিন্দাসকলে উৎসাহেৰে এই কাৰ্য্যত যোগদান কৰিছে আৰু তেওঁলোকৰ সামূহিক প্ৰচেষ্টাৰ ফলত জানুৱাৰী মাহত গাঁওখনক আনুষ্ঠানিকভাৱে প্লাষ্টিকমুক্ত গাওঁ বুলি ঘোষণা কৰা হৈছে।  
 
প্লাষ্টিক জমা কৰি সোনৰ মুদ্ৰা লাভ কৰা কাশ্মীৰৰ দুগৰাকী ব্যক্তিৰ সৈতে ফাৰুক আহমেদ গণাই
 
সমগ্ৰ ভাৰততে প্লাষ্টিক প্ৰদূষণ এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ ফলত নদী, জলভাগ আৰু নিষ্কাশন ব্যৱস্থাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। গৰুৰ দৰে জীৱ-জন্তুবোৰ প্ৰায়ে বৃহৎ পৰিমাণৰ প্লাষ্টিক সেৱন কৰি আহিছে। যাৰ বাবে সিহঁতৰ বিভিন্ন পেটৰ সমস্যাত ভোগা দেখা যায় আৰু ৰোগৰ চিকিৎসাৰ বাবে পশু চিকিৎসকৰ প্ৰয়োজন হয়। গণাইৰ অভিযানে মানুহক দায়িত্বশীলভাৱে আৱৰ্জনা নিষ্কাশনক উৎসাহিত কৰি আহিছে আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি এই সমস্যাটোক সমাধান কৰিছে।  
 
প্ৰথম অৱস্থাত ২০০ কিলোগ্ৰাম প্লাষ্টিকৰ আৱৰ্জনা জমা কৰাৰ বাবদ একোটা সোণৰ মুদ্ৰা প্ৰদান কৰা হৈছিল। গণাইৰ পত্নী শ্ববনম ফাৰুকে তেওঁৰ মেহৰৰ (বিয়াৰ পিছত এগৰাকী মুছলমান পত্নীক দিয়া ধনৰাশি) ধনেৰে প্ৰথমটো সোণৰ মুদ্ৰাৰ পৃষ্ঠপোষকতা কৰাৰ প্ৰস্তাৱ দিছিল। পিছত সমাজৰ পৰা লাভ কৰা সঁহাৰিৰ বাবে গণাইয়ে ২.৫ কুইণ্টল প্লাষ্টিক আৱৰ্জনা বিনিময়ত একোটাকৈ সোণৰ মুদ্ৰা আগবঢ়াই এই অভিযান আগবঢ়াই লৈ গৈছিল। এই বছৰৰ ৭ মে'ত গাওঁখনত প্ৰথমটো বঁটা বিতৰণ কৰা হৈছিল আৰু অনুষ্ঠানটোত সমাজকৰ্মী আৰু চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছিল।
 
স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা প্ৰভাৱিত ফাৰুক আহমেদ গণাইয়ে বাট-পথৰ পৰা পেলনীয়া প্লাষ্টিক পৰিষ্কাৰ কৰি থকাৰ এক দৃশ্য
 
সোণৰ মুদ্ৰাটো সদিৱাৰাৰ শ্বৌকত হুছেইন আৰু ভেৰিনাগ তহচিলৰ গাৱাছ গাঁৱৰ গ্ৰাম পঞ্চায়তৰ উপ গাওঁবুঢ়া শ্বাহিদ হুছেইন ভট্টই লাভ কৰিছিল। চাকিল আহমেদ ৱানীক নগদ ৩০০০ টকা আৰু যুৱ ক্লাব সাদিৱাৰাৰ সভাপতি বছিৰ আহমেদ ৱানীক নগদ ২০০০ টকা পুৰষ্কাৰ হিচাপে প্ৰদান কৰা হৈছিল।  
 
৫২ বছৰীয়া ফাৰুক আহমেদ গণাই কাশ্মীৰ উপত্যকাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ সামাজিক পুনৰ্গঠন কেন্দ্ৰ কাশ্মীৰ নামৰ এটা বেচৰকাৰী সংগঠনো পৰিচালনা কৰি আহিছে। যাৰ জৰিয়তে তেওঁ বিশাখাপট্টনমৰ দৰে ঠাইতো পৰিষ্কা-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাত সহায় কৰিছে। বিশাখাপট্টনমত চৰণ কুমাৰ নামৰ এগৰাকী ব্যক্তিয়ে গণাই গাঁৱত আৰম্ভ কৰা একে ধৰণৰ কাৰ্যসূচী আৰম্ভ  কৰিছে।  
গণাই আৱাজ-দ্য ভইচ'ক কয় যে তেওঁ গাঁৱৰ পথত স্পীকাৰত ঘোষণা কৰি তেওঁৰ অভিযান আৰম্ভ কৰিছিল আৰু শীঘ্ৰেই গাওঁবাসীয়ে তেওঁৰ সৈতে যোগদান কৰিছিল আৰু গাওঁখনক প্লাষ্টিক মুক্ত কৰাটো সকলোৰে বাবে এক আবেগ হৈ পৰিছিল। 
 
গণাইৰ এই অভিযানৰ সফলতাই তেওঁক কেৱল কাশ্মীৰ উপত্যকাতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতো প্ৰেৰণাৰ উৎস হিচাপে গঢ়ি তুলিছে। আনকি তেওঁৰ এই প্ৰভাৱশালী কামবোৰ সাম্প্ৰতিক পৰিস্থিতিৰ কিতাপ আৰু আলোচনীসমূহৰ বিষয় হৈ পৰিছে। অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ইউ পি এছ চিৰ প্ৰাৰ্থীসকলক তেওঁৰ অভিজ্ঞতাৰ সন্দৰ্ভত প্ৰশ্ন সোধা হৈছে।  
 
প্লাষ্টিক ব্যৱহাৰত বাধা প্ৰদান কৰাৰ এক প্ৰয়াস ফাৰুক আহমেদ গণাইৰ
 
এই অভিযানৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ লগে লগে গণাইয়ে কেইবাটাও উদ্ভাৱনীমূলক পদ্ধতি প্ৰৱৰ্তন কৰিছে। তেওঁ গাঁওবাসীক ঘৰৰ ভিতৰত জাবৰৰ গাঁত সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে, আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰাটো নিশ্চিত কৰিছে। যিয়ে পৰিবেশ পৰিষ্কাৰ কৰি ৰখাত অৰিহণা যোগাই আহিছে। সকলো বয়সৰ লোকৰ সমৰ্থন আৰু আগ্ৰহে তেওঁৰ এই অভিযানৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিপৰীতে ছ’চিয়েল মিডিয়াই এই বাৰ্তা দূৰ-দূৰণিলৈ প্ৰচাৰ কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।  
 
ফাৰুক আহমেদ গণাই বিশ্বাস কৰিছিল যে "যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ নিদিওঁ, তেন্তে অহা ১০ বছৰৰ ভিতৰত আমি বিশুদ্ধ পানীৰ বাবে কোনো উৎস বা উৰ্বৰ ভূমি বিচাৰি নাপাম।"
তেওঁ আৱাজ-দ্য ভইচ'ক কয় যে সাদিৱাৰা গাঁৱৰ জনসংখ্যা ৪০০ৰ পৰা ৭০০০ তকৈও অধিক। বৰ্তমান মই সাদিৱাৰা গাঁৱৰ লোকসকলৰ মাজত এক বিশেষ পৰিৱৰ্তন দেখিছোঁ। " 
 
গণাইৰ এই প্ৰচেষ্টাই যথেষ্ট প্ৰশংসা লাভ কৰিছে। আনকি তেওঁৰ প্ৰচাৰ অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰে তেওঁৰ পঞ্চায়তক প্লাষ্টিক পচন যন্ত্ৰ প্ৰদান কৰি তেওঁলোকৰ পৰিৱেশৰ কামত সহায়ক হোৱাকৈ সমৰ্থন আগবঢ়াইছে।  
 
কাশ্মীৰৰ সাদিৱাৰা গাওঁবাসীয়ে অংশগ্ৰহণ কৰিছে চৰপঞ্চ ফাৰুক আহমেদ গণাৰ চাফাই আভিযানত
 
গণাই শৈশৱৰ কথা মনত পেলাই যে, তেওঁৰ পৰিয়ালে পানী অনা এসময়ৰ পৰিষ্কাৰ প্ৰাচীন নদীবোৰ বৰ্তমান সময়ত যথেষ্ট প্ৰদূষিত হৈ পৰিছে। যাৰ ফলত পৰিৱেশ সংৰক্ষণৰ অত্যন্ত জৰুৰী হৈ পৰিছে। 
 
ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গণাইয়ে সমগ্ৰ ভাৰতবৰ্ষত নিজৰ অভিযান সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে। তেওঁৰ স্বচ্ছতা আৰু পৰিৱেশৰ দায়বদ্ধতাৰ বাৰ্তা দেশৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। প্ৰয়োজন হ’লে তেওঁ ঘৰে ঘৰে গৈ প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ আৰু আগন্তুক প্ৰজন্মৰ বাবে বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিবলৈ কাম কৰি যাব।