বিশিষ্ট সাংবাদিক ডি এন বেজবৰুৱা লৈ ২০২৩ বৰ্ষৰ চুকাফা বঁটা

Story by  atv | Posted by  Munni Begum • 7 Months ago
বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা
বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা
 
গুৱাহাটী 
 
ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক, আধুনিক অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত অসম চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা প্ৰদান কৰি আহিছে। ২০২৩ বৰ্ষৰ চুকাফা বঁটাৰ বাবে বিশিষ্ট সাংবাদিক, সম্পাদক আৰু লেখক ধীৰেন্দ্ৰনাথ (ডি এন) বেজবৰুৱাক মনোনীত কৰা হৈছে। 
 
'দা ছেন্টিনেল' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাৰ জন্ম ১৯৩৩ চনত যোৰহাটত হৈছিল। ব্রিটেইনৰ পৰা স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰাৰ পাচত তেওঁ অধ্যাপকৰূপে কর্মজীৱন আৰম্ভ কৰিছিল। ১৯৮৩ চনত 'দা ছেন্টিনেল' কাকতৰ সম্পাদকৰূপে নির্বাচিত হয়। তেওঁ 'প্রান্তিক' আলোচনীৰ সৈতেও জন্মলগ্নৰে পৰা জড়িত আছিল। 
 
তেওঁ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বঁটা বিজয়ী 'মৃত্যুঞ্জয়', ড° ভবেন্দ্রনাথ শইকীয়াৰ গল্প সংকলন 'দা কেভার্ণ এণ্ড আদাৰ ষ্ট'ৰিজ' নামেৰে আৰু অসমৰ বহুকেইগৰাকী বিশিষ্ট কবিৰ কবিতা 'থ্রি স্কৰ-আছামিজ পয়েম' নামেৰে ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজি ইংৰাজী ভাষালৈ অনুবাদ কৰিও ধীৰেন্দ্র নাথ বেজবৰুৱাই সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াইছে। 
 
তেওঁ 'এডিটৰছ গীল্ড অৱ ইণ্ডিয়া'ৰ অধ্যক্ষৰ দায়িত্বও লাভ কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্রী সন্মানৰ লগতে সাংবাদিকতাৰ বাবে বি ডি গোৱেংকা বঁটা, 'পঞ্চজন্য উইকলি'ৰ নাচিকেতা সন্মান আৰু অনুবাদ সাহিত্যৰ বাবে কথা বঁটাও লাভ কৰিছে। উল্লেখ্য যে চুকাফা বঁটাত আছে তিনি লাখ টকাৰ লগতে এখন প্রশস্তি পত্ৰ আৰু অংগ বস্তু। অসম চৰকাৰৰ দ্বাৰা অহা বছৰৰ ১৭ জানুবাৰীত শিল্পী দিৱসৰ দিনা আয়োজিত অনুষ্ঠানত এই সন্মানীয় বঁটা প্রদান কৰা হ'ব।