দুৰ্গম অঞ্চলত ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে ছাবিনা চৰকাৰে

Story by  Munni Begum | Posted by  Munni Begum • 11 Months ago
 দুৰ্গম অঞ্চলত  ছাবিনা চৰকাৰে ছোৱালীবোৰৰ মাজত ছেনিটেৰী পেড যোগান ধৰাৰ এক দৃশ্য
দুৰ্গম অঞ্চলত ছাবিনা চৰকাৰে ছোৱালীবোৰৰ মাজত ছেনিটেৰী পেড যোগান ধৰাৰ এক দৃশ্য
 
মুন্নী বেগম / গুৱাহাটী 
 
মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত পৰিচ্ছন্নতাৰ অভাৱৰ বাবে বিভিন্ন গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। বহু ক্ষেত্ৰত মহিলাসকলে তেওঁলোকৰ সমস্যাবোৰ মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰাৰ ফলত তেওঁলোকে যোনি আৰু জৰায়ুৰ সংক্ৰমণ, পিচিঅ'ডি (পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম) ইত্যাদি ৰোগত আক্ৰান্ত হয়। তেনে ক্ষেত্ৰত ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে আগবাঢ়ি আহিছে ৰুৰেল ৱেলফেয়াৰ ছ'চাইটীৰ অধ্যক্ষ ছাবিনা সৰকাৰ।  
 
গুৱাহাটীৰ বাসিন্দা ছাবিনাই ২০১১ চনৰ পৰাই অসমৰ বিভিন্ন জিলাৰ বহু দুৰ্গম অঞ্চললৈ গৈ ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা সন্দৰ্ভত পুৰুষ তথা মহিলা উভয়ৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰি প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা আগবঢ়াই আহিছে। তেওঁ প্ৰথমে দিল্লীত ৰেড ক্ৰছ ছোছাইটীৰ সৈতে কাম কৰিছিল। তাৰ পিছত ২০০৯ চনত তেওঁ চাকৰি এৰিছিল আৰু সমাজ সেৱাৰ সৈতে জড়িত হৈ পৰে।  
 
ছেনিটেৰী পেড যোগান ধৰা এজাক যুৱতী
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথোপকথনত ছাবিনা সৰকাৰে কয়, "বহু ক্ষেত্ৰত  দেখা যায় যে আমাৰ ধৰ্মীয় সংখ্যালঘু কিছুমান পুৰণিকলীয়া নীতি নিয়ম তথা অন্ধ বিশ্বাসৰ বাবে মহিলাসকল ভুক্তভুগী হৈ আহিছে। অজিও এনে বহু অঞ্চল আছে যিসমূহত সজাগতাৰ অভাৱৰ বাবে মানুহে ছেনিটেৰী পেড কি হয় ভালদৰে নাজানে বা তেনে অঞ্চলত ছেনিটেৰী পেডৰ উপলব্ধতাৰ মান অতি নিম্ন হোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে তেনে অঞ্চলৰ মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত অতি অস্বাস্থ্যকৰ পৰিবেশত কিছুমান কাপোৰ ব্যৱহাৰ কৰিবলগীয়া হৈ আহিছে। যাৰ ফলত সেই মহিলাসকলৰ অধিকাংশৰে চৰ্মৰোগ, যোনি আৰু জৰায়ুৰ সংক্ৰমণ, পিচিঅ'ডি আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আহিছে, যি পিছলৈ কৰ্কট ৰোগলৈ পৰিৱৰ্তিত হয়।"   
 
সৰুৰে পৰা মানুহক সহায় কৰি ভালপোৱা ছবিনাই ২০০২ ৰ পৰা সমাজসেৱাৰ কাম অৰম্ভ কৰিছিল, যদিও ২০১১ চনৰ পৰা এই কামৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত হৈ পৰে তেওঁ। তেওঁ প্ৰথম অৱস্থাৰ পৰাই বিশেষকৈ মহিলাৰ স্বাস্থ্য তথা শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছিল।  প্ৰথমে তেওঁৰ নিজৰ গাঠিৰ ধন ব্যৱহাৰ কৰি মানুহক সহায় আগবঢ়াইছিল। পিছলৈ তেওঁৰ কামৰদ্বাৰা অনুপ্ৰাণিত হৈ বহু লোকে তেওঁক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে।  
 
ধৰ্মীয় সংখ্যালঘু অঞ্চলত ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ  সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে  ছাবিনা চৰকাৰে
 
ছাবিনাই কয়, "এনে বহু মহিলা আছে যিসকলে নিজৰ পৰিয়াল, স্বামী, সন্তান আদিক লৈয়ে ব্যস্ত হয় থাকে, তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰাৰ আহৰি নাথাকে। এনে পৰিস্থিতিত অধিকাংশ মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা অত্যাধিক ৰক্তক্ষৰণ, ৰজোনিবৃত্তি পিছত হোৱা অত্যাধিক ৰক্তক্ষৰণ, অত্যধিক পেট বিষ, আদি সমস্যাত ভূগি থাকে। যিবোৰ সচাৰচৰ জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ হয়। কিন্তু এই সকলোবোৰ তেওঁলোকে সাধাৰণভাৱে গ্ৰহণ কৰে আৰু আওকাণ কৰি চলে। এই সকলোবোৰৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ বাবে মই ৰাজ্যৰ বহু অঞ্চললৈ  চিকিৎসকৰ একোটাকৈ দল গৈছিলো আৰু মহিলাসকল স্বাস্থ্য পৰীক্ষাৰ শিবিৰ আয়োজন কৰিছিলো। যত প্ৰতি দহ গৰাকী মহিলাৰ ভিতৰত ২ বা ৩ গৰাকী মহিলাৰে জৰায়ুৰ কৰ্কট ৰোগ ধৰা পৰিছিল।" 
 
ছাবিনাই প্ৰথমে গুৱাহাটীৰ বস্তি অঞ্চলবোৰলৈ গৈ ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিছন্নতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁ বানপানী প্ৰৱণ অঞ্চল ক্ৰমে চন্দ্ৰপুৰ, কামৰূপ, ধুবুৰী, গোৱালপাৰা, নগাওঁ, মৰিগাওঁ, বঙাইগাওঁ আদি জিলাৰ কিছু কিছু ঠাইলৈ গৈছিল। প্ৰথম অৱস্থাত ছবিনাই যথেষ্ট আৰ্থিক তথা সামাজিক্ভাৱে সমস্যাৰ সন্মুখীন হৈছিল যদিও বৰ্তমান সকলো সুচাৰুৰূপে চলি আছে।  
 
ৰাজ্যৰ দুৰ্গম অঞ্চলত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত ছাবিনা চৰকাৰ
 
ছাবিনাই কয়, "বানপানীৰ সময়ত মই এনে বহু ঠাইত গৈছিলো। যিবোৰ ঠাইত ঘৰবোৰ সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছিল। সেই অঞ্চলবোৰ্ত মহিলা সকলে অতি শোচনীয় অৱস্থাত জীৱন নিৰ্বাহ কৰি থাকে। কোনোৱে একঁকাল পানীৰ মাজত, কোনোৱে নাৱত আৰু আন কোনোৱে আকৌ পথৰ দাতিত আশ্ৰয় লৈ থাকে। সেই পৰিস্থিতিত মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত পৰিস্কাৰ পৰিছন্নতা গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে পানীৰ মাজতে অতি অস্বাস্থ্যকৰ এটা পৰিবেশতে জীৱাই থাকিব লগীয়া হয়। তেনে অঞ্চলবোৰলৈ মই নাৱেৰে গৈ  মহিলাসকলক ছেনিটেৰী পেড যোগান ধৰিছিলো। অতি দুখৰ কথা যে সেই অঞ্চলবোৰলৈ আজি চৰকাৰে যোগান ধৰা ছেনিটেৰী পেড উপলব্ধ নহয়।" 
 
ভৱিষ্যতে মহিলা স্বাস্থ্যৰ ওপৰত কাম কৰি যোৱাৰ পৰিকল্পনা কৰা ছবিনাই আই এম আৰ চি আৰ নামৰ এটি বিদেশী ন্যাসৰ লগতে সহায়তা ন্যাসৰ সহযোগত কাম কৰি আহিছে। ছবিনাক নাৰায়না হৃদয়ালয়, গুৱাহাটী আই হাস্পতাল আৰু প্ৰাৰ্থনা চুপাৰ স্পেছিয়েলিটি হাস্পতালৰ চিকিৎসক সকলেও যথেষ্ট সহায় আগবঢ়াইছে বুলি ছাবিনা কয়। 
 
ছাবিনা চৰকাৰে বানপীড়িত অঞ্চলৰ মহিলাক খাদ্য সামগ্ৰীৰ লগতে ছেনিটেৰী পেড যোগান ধৰা এক দৃশ্য
 
তেওঁ কয় যে, এতিয়া মোৰ ভাবিলে ভাল লাগে যে, প্ৰথমে যেতিয়া মই তেনে অঞ্চলবোৰলৈ গৈছিলো আৰু ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা সন্দৰ্ভত  মানুহক কৈছিলো, তেতিয়া মানুহে কথাবোৰ শুনিবলৈ আগবাঢ়ি অহা নাছিল। কাৰণ মানুহে এই বিষয়টো এটি লজ্জাজনক বিষয় বুলি ধাৰণা কৰি লৈছিল। কিন্তু যেতিয়া তেওঁলোকে মোৰ সৈতে যোৱা চিকিৎসক তথা বিশেষজ্ঞ সকলৰ পৰা ইয়াৰ ভয়াবহতাৰ বিষয়ে জানিলে, তেতিয়া লাহে লাহে মানুহবোৰ আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিলে আৰু কথাবোৰ গুৰুত্বসহকাৰে শুনিবলৈ ল'লে। পূৰ্বৰ তুলনাত বৰ্তমান সেই ঠাইবোৰৰ মহিলায়ে হওঁক বা পুৰুষে হওঁক তেওঁলোক যথেষ্ট সজাগ হৈছে। বৰ্তমান মহিলাসকলে ঋতুস্ৰাৱৰ সেই ৫ ৰ পৰা ৭ দিনলৈ নিজে নিজৰ যতন লোৱাৰ উপৰিও পুৰুষ সকলেও তেওঁলোকৰ যতন লয়। খোৱা বোৱাৰ লগতে পৰিস্কাৰ পৰিছন্নতাৰ প্ৰতিও পূৰ্বৰ তুলনাত ৫০ শতাংশ লোকে সজাগতা অৱলম্বন কৰা দেখা গৈছে বুলি ছবিনাই কয়।