গুৰুৰ ঋণ পৰিশোধাৰ অনন্য কাহিনী: ভাৰতীয় ক্ৰিকেটাৰ আশীষ নেহৰাৰ গুৰুদক্ষিণা

Story by  atv | Posted by  Munni Begum • 8 h ago
ভাৰতীয় ক্ৰিকেটাৰ আশীষ নেহৰাৰ গুৰুদক্ষিণা
ভাৰতীয় ক্ৰিকেটাৰ আশীষ নেহৰাৰ গুৰুদক্ষিণা
 
মালিক আছগৰ হাশমী
 
গুৰু-শিষ্যৰ সম্পৰ্কৰ পৱিত্ৰ পৰম্পৰা ভাৰতীয় সংস্কৃতিৰ এক অন্যতম পৰিচয়। ক্ৰিকেট জগতত এই অটুট সম্পৰ্কৰ কথা ওলালেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন দ্ৰুত বলাৰ আশীষ নেহৰা আৰু তেওঁৰ শৈশৱৰ প্ৰশিক্ষক তাৰক সিনহাৰ নাম অতি সন্মান আৰু মৰমেৰে উচ্চাৰণ কৰা হয়।
 
এই কাহিনী দিল্লীৰ বিখ্যাত ছোনেট ক্ৰিকেট একাডেমীৰ, য’ৰ পৰাই নেহৰাই তেওঁৰ ক্ৰিকেট জীৱনৰ আৰম্ভণি কৰিছিল। ভাৰতীয় দলৰ অংশ হৈ বিপুল সফলতা লাভ কৰাৰ পাছতো আশীষ নেহৰাৰ নিজৰ একাডেমী আৰু গুৰুৰ প্ৰতি থকা টান কেতিয়াও কমা নাছিল। তেওঁ প্ৰায়ে অনুশীলনৰ বাবে একাডেমীলৈ গৈছিল।
 
 
এদিনৰ কথা। প্ৰশিক্ষক তাৰক সিনহা একাডেমীলৈ অলপ পলমকৈ আহিছিল। নিজৰ স্পষ্টবাদী আৰু ৰসিক স্বভাৱৰ বাবে পৰিচিত নেহৰাই লগে লগে সুধিলে, "ছাৰ, আপুনিয়েই যদি পলমকৈ আহে, তেন্তে এই ল’ৰা-ছোৱালীবোৰক সময়ৰ মূল্য আৰু নিয়মানুৱৰ্তিতা কেনেকৈ শিকাব?"
 
কোচজনে হাঁহি এটা মাৰি অলপ দুখেৰে উত্তৰ দিলে, "বোপাই, তুমি নিজৰ মহলত থাকা, কিন্তু মইতো ভাড়াঘৰত থাকোঁ। ঘৰ মালিকে দুদিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ কৈছে। নতুন ঠাই বিচাৰিবলৈ অলপ সময় লাগিবই।"
 
শৈশৱৰ প্ৰশিক্ষক তাৰক সিনহাৰ সৈতে আশীষ নেহৰা
 
গুৰুৰ এই অসুবিধাৰ কথাই নেহৰাৰ মন গভীৰভাৱে চুই গ’ল। তেওঁ মনে মনে এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে। ঘটনাক্ৰমে তাৰ পিছৰ দুদিন ধৰি ধাৰাসাৰ বৰষুণৰ বাবে নেট অনুশীলন কৰিব পৰা নগ’ল। তৃতীয় দিনা বতৰ মুকলি হোৱাত পুনৰ নেট অনুশীলন আৰম্ভ হ’ল। কিন্তু সেইদিনা আশীষ নেহৰা আহিল তিনি ঘণ্টা পলমকৈ।
 
তেওঁক দেখা পাই কোচজনে হাঁহি হাঁহি ক’লে, "কি হ’ল ভাই টেষ্ট প্লেয়াৰ! সেইদিনা মোক সময়মতে অহাৰ ইমান জ্ঞান দিছিলা, আজি নিজেই ইমান পলম?"
 
 
নেহৰাই কোনো দীঘলীয়া উত্তৰ নিদিলে। তেওঁ অতি সাধাৰণভাৱে নিজৰ জেপত হাত ভৰাই একোচা চাবি উলিয়ালে আৰু সেইয়া তেওঁৰ গুৰুৰ হাতত তুলি দিলে। আৰু অতি সন্মানেৰে ক’লে, "ছাৰ, যিজন খেলুৱৈৰ গুৰু নিজেই ভাড়াঘৰত থাকে, তেওঁৰ বাবে নতুন ঘৰ কিনিবলৈ তিনি দিন সময় লাগিবই। এইয়া আপোনাৰ নতুন ঘৰৰ চাবি। এতিয়া অলপ মেৰামতি আৰু সজাই-পৰাই লোৱাৰ কাম চলি আছে। আপুনি দহ দিনৰ ভিতৰত ইয়ালৈ  স্থায়ী আহিব।"  
 
আশীষ নেহৰাৰ এই ৰূপ দেখি কোচ তাৰক সিনহা আৱেগিক হৈ পৰিল। নিজৰ গুৰুৰ অসুবিধা দূৰ কৰিবলৈ এজন শিষ্যই কোনো চিন্তা নকৰাকৈ, চকুৰ পচাৰতে গুৰুদক্ষিণা হিচাপে এটা নতুন ঘৰ উপহাৰ দিছিল।  
 
আশীষ নেহৰা আৰু জহীৰ খান
 
এই সুন্দৰ ঘটনাৰ কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে আজিও সেই মুহূৰ্তটো স্মৰণ কৰি আৱেগিক হৈ পৰে। শেহতীয়াকৈ খেলৰ ধাৰাভাষ্যকাৰ আৰু স্প’ৰ্টছ ব্ৰডকাষ্টাৰ পদমজিৎ ছেহৰাৱতে এক সাক্ষাৎকাৰত এই সমগ্ৰ ঘটনাটোৰ কথা উল্লেখ কৰি বিশ্বৰ আগত এই অনন্য গুৰুদক্ষিণাৰ কাহিনী বৰ্ণনা কৰিছিল। 
 
বৰ্তমান আশীষ নেহৰা ভাৰতীয় ক্ৰিকেটৰ এগৰাকী সফল প্ৰশিক্ষক হিচাপে নিজৰ ভূমিকা পালন কৰি আছে। তেওঁৰ প্ৰশিক্ষণ আৰু নেতৃত্বত গুজৰাট টাইটানছে ২০২২ চনৰ প্ৰথমটো IPL ছিজনতেই খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছিল।
 
ষ্টেডিয়ামত ৱাৰ্ম আপ কৰি থকা সময়ত নেহৰা
 
কৌশল ৰচনা কৰাৰ পৰা আৰম্ভ কৰি নিজৰ গুৰুৰ প্ৰতি উদাৰতা আৰু সন্মান প্ৰদৰ্শন কৰালৈকে আশীষ নেহৰাই বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে, এজন প্ৰকৃত খেলুৱৈ সেইজনেই, যিয়ে সফলতাৰ শিখৰত উপনীত হোৱাৰ পাছতো নিজৰ শিপা আৰু গুৰুৰ সন্মান কেতিয়াও পাহৰি নাযায়।


শেহতীয়া খবৰ