ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি বিনয় এম ট'নছেক

Story by  atv | Posted by  Munni Begum • 8 Months ago
বিনয় এম ট'নছে
বিনয় এম ট'নছে
 
নতুন দিল্লী
 
কেন্দ্রীয় চৰকাৰে ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে বিনয় এম ট'নছেক। ২০২৫ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিব। 
 
১৩ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা ট’নছেক তেওঁৰ পূৰ্বৰ প্ৰদৰ্শন অভিজ্ঞতা আৰু অন্যান্য পাৰদৰ্শিতাৰ ভিত্তিত এই পদৰ বাবে বাছনি কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ ডেপুটি মেনেজিং ডাইৰেক্টৰ পদত কাম কৰি আছিল টানছেয়ে। 
 
উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকত চাৰিগৰাকী পৰিচালন সঞ্চালকৰ লগতে এগৰাকী অধ্যক্ষৰ পদৰ ব্যৱস্থা আছে। স্বামীনাথন জানকীমণে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰাৰ সময়ৰে পৰা ভাৰতীয় ষ্টেট বেংকত এই পদটো খালী হৈ আছিল।