দেশৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানলৈ কিয় বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিলে অসমৰ ৰহম ছেনীয়ে?

Story by  Munni Begum | Posted by  Munni Begum • 8 Months ago
শিপিনী ৰহম ছেনী
শিপিনী ৰহম ছেনী
 
মুন্নী বেগম/গুৱাহাটী 
 
মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা এগৰাকী মহিলাই জীৱনৰ ৩৭ বছৰীয়া কঠোৰ সংগ্ৰাম আৰু শ্রমৰ অন্তত ভাৰত চৰকাৰৰ পৰা বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মহিলাগৰাকী হৈছে নলবাৰী জিলাৰ মুকালমুৱাৰ ৰহম ছেনী। 
 
খহনীয়াত নিজৰ ঘৰখনকো ৰক্ষা কৰিব নোৱাৰা মহিলাগৰাকীয়ে জীৱন সংগ্ৰামত কেতিয়াও হাৰ মনা নাছিল। তেওঁ কাপোৰ বয় স্বাৱলম্বী হৈছে আৰু এইদৰে পৰিয়ালক পোহপাল দিয়াৰ লগতে খাদী বস্ত্ৰক সমৃদ্ধিশালী কৰি আহিছে। শিপিনীগৰাকীৰ এই কৰ্মস্পৃহা, নিষ্ঠা আৰু প্ৰেৰণাদায়ক ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ ভাৰত চৰকাৰে তেওঁক নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে।       
 
 
এই সন্দৰ্ভত শিপিনী ৰহম ছেনীয়ে 'আৱাজ-দ্য ভইচ'ক কয়, "নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ মই যথেষ্ট সুখ অনুভৱ কৰিছো। কিয়নো ভাৰত চৰকাৰৰ পৰা মই এনেকুৱা বিশেষ সন্মান লাভ কৰিম বুলি কেতিয়াও ভবা নাছিলো। এই সন্মানে মোক এক নতুন জীৱন দিয়া বুলি মই অনুভৱ কৰিছো।"
 
উল্লেখ্য যে, কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বলত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানলৈ ভাৰত চৰকাৰৰ পৰা আমন্ত্ৰণ লাভ কৰি নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ৰহম ছেনীয়ে জীৱনৰ প্ৰতিটো খোজতে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল।
 
শিপিনী ৰহম ছেনীয়ে কয়, "বৰক্ষেত্ৰী অঞ্চলটো হৈছে বানপ্ৰৱণ অঞ্চল। ১৯৬৭-৬৯ চনত হোৱা ভয়াবহ খহনীয়াত এই অঞ্চলৰ লোকসকলৰ ভেটি, কৃষিভূমি তথা পশুধন বানত উটি গৈ সৰ্বস্বান্ত হৈ পৰিছিল। তাৰ মাজত আমিও তেনে এটা দূৰ্ভগীয়া পৰিয়াল আছিলো। আমি বানত নিজৰ প্ৰাণটো ৰক্ষা কৰাৰ বাহিৰে সকলো হেৰুৱাইছিলো। বানত সকলো হেৰুৱাই দিশহাৰা হৈ আমি তেতিয়া মুকালমুৱাৰ ওচৰৰ নাৰায়ণপুৰলৈ উঠি আহিছিলো। যিহেতু মোৰ স্বামী মূলতে কৃষক আছিল। খেতিমাটি বানত উটি যোৱাত তেওঁ মানুহৰ ঘৰত কাম কৰি কোনো মতে পাঁচজনীয়া পৰিয়ালৰ পোহপাল দিছিল। তেতিয়া মইও মোৰ স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ বাবে কাম বিচাৰি বৰক্ষেত্ৰী উন্নয়ন সমিতি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোত তাঁতশালত বোৱাৰ কাম কৰিবলৈ আৰম্ভ কৰিলো।" 
 
বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ অধীনত ৰহম ছেনীৰ লগতে অন্য শিপিনীসকলে বোৱা কাপোৰ
 
২০১৫ চনত স্বামীহাৰা হোৱা ৫৯ বছৰীয়া ২ সন্তানৰ মাতৃ ৰহম ছেনী বৰ্তমানো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সম্বল। তেওঁ তাঁতশালত কাপোৰ বয় লাভ কৰা ৫০০০ৰ পৰা ৬০০০ টকাৰ মাহিলি ভাট্টাৰে পৰিয়াল চলাই আহিছে।  
 
শিপিনী ৰহম ছেনীয়ে কয়, "আমাৰ মহিলাসকলৰ ধৈৰ্য্য খুব কম। কিন্তু মই ভাবো যে ধৈৰ্য্য অবিহনে কোনো কামতে সফলতা লাভ কৰিব পৰা নাযায়। সকলো কামতে সময় দিয়াৰ লগতে ধৈৰ্য্য  ধৰিব লাগিব। মই যোৱা ৩৭ বছৰৰ পৰা বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ সৈতে জড়িত হৈ তাঁতশাঁলত কাপোৰ বয় আহিছো। মই দৈনিক ৬ মিটাৰকৈ কাপোৰ বও। প্ৰথমে মই এণ্ডি শ্বল, গামোছা, চাদৰ-মেখেলা আৰু পাট-মূগা আদি কাপোৰ বয়ছিলো। এতিয়া গামোছা, চাদৰ-মেখেলা আৰু এৰি চাদৰ আদি বয় আছো।"
 
বৰক্ষেত্ৰী উন্নয়ন সমিতি, মুকালমুৱা
 
উল্লেখ্য যে, স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানত ভাৰত চৰকাৰৰ পৰা বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰা মহিলা শিপিনী ৰহম ছেনীয়ে ২২-২৩ বৰ্ষত খাদী বিভাগৰ পৰা শ্ৰেষ্ঠ শিপিনীৰ বঁটাও লাভ কৰিছিল। তেওঁ কয় যে মনৰ উদ্যম থাকিলে আগুৱাই যোৱাৰ বাটত শৰীৰে কোনো বাধা সৃষ্টি কৰিব নোৱাৰে। তেওঁ যেতিয়ালৈ সম্ভৱ তেতিয়ালৈ বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ সৈতে কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছে।  
 
ইফালে, বৰক্ষেত্ৰী উন্নয়ন সমিতি সম্পাদক মুকুল মেধিয়ে 'আৱাজ-দ্য ভইচ অসম'ক জনায় যে, ১৯৭৫ চনত বৰক্ষেত্ৰী অঞ্চলৰ বানবিধ্বস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে মুকালমুৱাত বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ স্থাপন কৰা হৈছিল। উন্নয়ন সমিতিয়ে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে তেওঁলোকক সূতা কটা আৰু কাপোৰ বোৱাৰ কাম দিছিল। প্ৰথমে মহিলাসকলক এড়ি সূতা কাটিব আৰু বোব দিয়া হৈছিল আৰু কাপোৰবোৰ বজাৰত বিক্ৰী কৰা হৈছিল। ১৯৮০ চনৰ পৰা খাদী আৰু গ্ৰাম উদ্যোগৰ অধীনত সমিতিৰ তৰফৰ পৰা শিপিনীসকলক তথা স্থানীয় যুৱক যুৱতীসকলক, কাপোৰৰ লগতে মছলা, মৌ-পালন আদি বিভিন্ন ধৰনৰ কামৰ প্ৰশিক্ষণ দিয়াবলৈ আৰম্ভ কৰা হল।  
 
বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ সম্পাদক মুকুল মেধিৰ সৈতে ৰহম ছেনী
 
মুকুল মেধিয়ে জনায় যে, বৰক্ষেত্ৰী উন্নয়ন সমিতিৰ সৈতে জৰিত হৈ থকা শিপিনীসকলে তিনিবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছে। ২২-২৩ ৰ বাবে শিপিনী ৰহম ছেনীক খাদী আয়োগৰ জৰিয়তে ভাৰত চৰকাৰে নতুন দিল্লীত লালকিল্লাত উদযাপন হবলগীয়া স্বাধীনতা দিৱস অনুষ্ঠানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খাদী খণ্ডৰ ভিতৰত বিশেষ অতিথি হিচাপে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে। যিটো আমাৰ বাবে খুবেই গৌৰৱৰ কথা।  
 
৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানলৈ মহিলা শিপিনী ৰহম ছনীৰ লগতে আন এগৰাকী মহিলা কৃষক অনামিকা ভূঞাকো আমন্ত্রিত কৰা হৈছে। তেওঁলোকে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে।