মুছলমান বুদ্ধিজীৱীসকলে সদায় গো-বধৰ বিৰোধিতা কৰিছিল

Story by  Saquib Salim | Posted by  Munni Begum • 2 Years ago
প্ৰায় ৬ দশক পূৰ্বে মক্কাৰ এখন  ভেড়াৰ বজাৰৰ ছবি
প্ৰায় ৬ দশক পূৰ্বে মক্কাৰ এখন ভেড়াৰ বজাৰৰ ছবি
 
চাকিব চেলিম
 
‘ইছলামে গো-বধক উত্‍সাহিত নকৰে আৰু মুছলমানসকলে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই ইয়াক পৰিত্যাগ কৰা উচিত। কেৱল হিন্দুক ক্ষোভিত কৰিবলৈ গো-বধ কৰা মুছলমানসকলে ইছলামৰ এক অতি পবিত্ৰ ধাৰণা উলংঘা কৰিছে, যিয়ে আনৰ অনুভূতিৰ প্ৰতি যথাযথ সন্মানৰ নিৰ্দেশ দিয়ে।” ১৯১২ চনৰ ঈদ উল আজহা (বকৰি-ঈদ)ত অযোধ্যাত ধৰ্মীয় সংঘৰ্ষ সৃষ্টি হোৱাৰ পিছত গোৰখপুৰৰ হাকিম আব্দুল কৰিম খানে উৰ্দু দৈনিক কাকত মাছৰিক (Mashriq) ত এইদৰে লিখিছিল।
 
হিন্দুসকলৰ বাবে গৰু পবিত্ৰ জন্তু আৰু মুছলমানসকলে শতিকাজুৰি গো-বধ কৰাৰ পৰা নিজকে বিৰত ৰাখিছিল। উলেমাসকলৰ লগতে গৰিষ্ঠসংখ্যক মুছলমান প্ৰশাসকে ঈদ-উল-আজহাতো গো-বধ কৰাটো সম্পূৰ্ণৰূপে বা আংশিকভাৱে নিষিদ্ধ কৰিছিল। মুছলমানে খাদ্যৰ বাবে ছাগলীৰ মাংস আৰু অন্যান্য জীৱ-জন্তু খাইছিল, কিন্তু হিন্দুসকলে পূজা কৰা গৰু স্পৰ্শ কৰা নাছিল।
 
ব্ৰিটিছ যুগত ইউৰোপীয়সকলে নিজৰ গো-মাংসৰ চাহিদা পূৰণৰ বাবে গো-বধৰ প্ৰচাৰ কৰাৰ লগে লগে কথাবোৰ সলনি হৈ গ’ল, যিটো তেওঁলোকৰ বাবে এটা প্ৰধান খাদ্য আছিল। ইংৰাজ বা তেওঁলোকৰ অনুগামীসকলৰদ্বাৰা বিত্তীয় সাহায্যপ্ৰাপ্ত মুছলমানসকলে গো-হত্যাক লৈ আঁকোৰগোজ মনোভাৱ লৈ থাকিল। কিন্তু, উলেমাকে ধৰি বেছিভাগ শিক্ষিত মুছলমানে মানুহক এই কামৰ পৰা বাধা দিছিল।
 
এখন গোধনৰ বজাৰ
 
১৯১০ চনত ঈদ-উল-আজহাৰ দিনা কলকাতাত হিন্দু মুছলমানৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কলকাতাৰ উৰ্দু দৈনিক চুৰাট-ই-মুস্তাকিমে মুছলমানসকলক গো-বধত লিপ্ত নহ’বলৈ আহ্বান জনাইছিল কাৰণ ইয়াৰ দ্বাৰা কেৱল ব্ৰিটিছসকলহে লাভান্বিত হৈছিল। কাকতখনৰ সম্পাদকে লিখিছিল যে বংগত হিন্দুসকলে আৰম্ভ কৰা জাতীয়তাবাদী আন্দোলনত মুছলমানসকলে যোগদান কৰাত ব্ৰিটিছে ভয় খাইছিল আৰু ইয়াৰ ফলত তেওঁলোকে দুয়োটা সম্প্ৰদায়ৰ মাজত শত্ৰুতাৰ বীজ সিঁচিছিল। সম্পাদকীয়টোৱে আৰু দাবী কৰে যে গো-বধত লিপ্ত হোৱা মুছলমানসকলক ব্ৰিটিছে ধনৰ বিনিময়ত নিজৰ অনুচৰ কৰি লৈছিল।
 
হিন্দুসকলেও ইংৰাজৰ এই দুষ্ট পৰিকল্পনাবোৰ বুজি পাইছিল আৰু ইয়াৰ বিৰোধিতা কৰা মুছলমানসকলক উৎসাহিত কৰিছিল। ১৯১২ চনত নাগপুৰৰ হিন্দী কাকত মাৰোৱাৰীত মুছলমান সমাজে গো-হত্যাৰ পৰা বিৰত থকাৰ বাবে ধন্যবাদ জনাই এটা প্ৰবন্ধ প্ৰকাশ কৰিছিল। প্ৰবন্ধটোত আশা কৰা হৈছিল যে সমগ্ৰ ভাৰততে এই আৰ্হি অনুসৰণ কৰা হ’ব।
 
গুৱাহাটীৰ এখন ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়াৰ এক দৃশ্য 
 
দক্ষিণ ভাৰতৰ ইংৰাজী দৈনিক কাকত ‘ইণ্ডিয়ান পেট্ৰিয়ট’-এ মুছলমানসকলক গো-বধৰ পৰা বিৰত থকাৰ বাবে শলাগ লৈছিল। ইয়াত আশা কৰা হৈছিল যে শিক্ষিত মুছলমানৰ এই প্ৰচেষ্টা নিৰক্ষৰ মুছলমান জনসাধাৰণৰ মাজলৈকো সম্প্ৰসাৰিত হ’ব। মৌলৱী আকবৰ খান আৰু আক্ৰাম খানে কলকাতাস্থিত দৈনিক কাকত মুহাম্মাদী(Muhammadi)ৰ সম্পাদকীয়ত ১৯১২ চনৰ ঈদ উল আজহাৰ পূৰ্বে মুছলমানসকলক গো-বধৰ পৰা নিজকে সংযত কৰিবলৈ আহ্বান জনাইছিল। তেওঁলোকে লিখিছিল, “মুছলমানে গো-হত্যা কৰি হিন্দু প্ৰতিবেশীৰ অনূভূতিত আঘাত কৰা উচিত নহয়”। তেওঁলোকে লগতে উল্লেখ কৰিছিল যে কোৰআনে মুছলমানসকলক অন্য ধৰ্মৰ ধৰ্মীয় অনুভূতিক আঘাত নিদিবলৈ শিকাইছিল আৰু গো-হত্যা ইছলামৰ অংশ নহয়।
 
‘দৈনিক ভাৰত মিত্ৰ’ নামৰ বাংলা কাকতখনেও ১৯১২ চনত ঈদ-উল-আজহাৰ আগতে গো-হত্যা নিষিদ্ধ কৰাৰ বাবে মুৰ্ছিদাবাদৰ নবাবৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি এটা প্ৰবন্ধ প্ৰকাশ কৰিছিল।
কোৰবানীৰ বাবে ভেড়া বিক্ৰী কৰি থকা এক দৃশ্য
 
এই উদাহৰণবোৰে দেখুৱাইছে যে শিক্ষিত আৰু ঔপনিৱেশিক শাসনৰ বিৰোধী মুছলমানসকলে সদায় গো-বধৰ বিৰোধিতা কৰিছিল। তেন্তে কিয় ই এক বিতৰ্কিত বিষয় হৈয়েই থাকিল? ইয়াৰ প্ৰধান কাৰণ হ’ল ইংৰাজসকলক তেওঁলোকৰ প্ৰধান খাদ্য হিচাপে ইয়াৰ প্ৰয়োজন আছিল। ১৯২০ চনৰ এটা চৰকাৰী প্ৰতিবেদনে দেখুৱাইছে যে ব্ৰিটিছ সেনা এই প্ৰৱণতাক লৈ যথেষ্ট চিন্তিত আছিল কাৰণ ভাৰতীয়সকলে তেওঁলোকক সেনা নিবাসত গৰু হত্যা কৰিবলৈ নিদিছিল। আনকি মুছলমান নৱাবসকলেও তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত ইয়াক অনুমতি দিয়া নাছিল। 
 
উলেমাসকলে সদায় এই কথা কৈ আহিছে যে ইছলামে কেতিয়াও আনৰ ধৰ্মীয় অনুভূতিক আঘাত দিয়াটো সমৰ্থন নকৰে আৰু গো-বধ কৰাটো ইছলামত বাধ্যতামূলক নহয়।