নতুন দিল্লী
কৰ্ণাটকৰ বেলাগাভি জিলাৰ কৰ্ণাটক-মহাৰাষ্ট্ৰ সীমান্তত অৱস্থিত এখন সৰু চহৰ হুকাৰীত যোৱা ৮ ফেব্ৰুৱাৰীত এক অনন্য বিবাহ সম্পন্ন হয়। এহাল মুছলমান দম্পতীয়ে তেওঁলোকৰ তোলনীয়া হিন্দু পুত্ৰৰ বিবাহৰ আয়োজন কৰে আৰু হিন্দু ধৰ্মৰ 'বীৰশৈৱ লিংগায়ত' সম্প্ৰদায়ৰ ৰীতি-নীতি অনুসৰিয়েই এই বিবাহ সম্পন্ন কৰে।
বস্তাভাড়া গাঁৱৰ মেহবুব আৰু নুৰজাহান নাইকৱাড়ীয়ে ২০ বছৰ পূৰ্বে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত সোমশেখৰ পূজাৰী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ বসন্তক তুলি লৈছিল। সেই সময়ত সোমশেখৰৰ বয়স আছিল মাত্ৰ চাৰি বছৰ আৰু তেওঁৰ ভাতৃৰ বয়স আছিল মাত্ৰ ২ বছৰ।
এটা পথ দুৰ্ঘটনাত তেওঁলোকৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল আৰু ওচৰ-পাজৰে তেওঁলোকক চোৱাচিতা কৰিবলৈ কোনো আত্মীয় নাছিল। নাইকৱাড়ী আছিল সোমশেখৰ আৰু বসন্তৰ পিতৃ শিৱানন্দ কাদায়া পূজাৰীৰ বন্ধু। প্ৰথম অৱস্থাত মৃত ব্যক্তিজনৰ বন্ধুসকলে ল’ৰা দুটাক চোৱাচিতা কৰিব পৰা কোনো আত্মীয়ৰ সন্ধান কৰিছিল যদিও তেওঁলোকৰ চেষ্টা বিফল হৈছিল।
অৱশেষত নাইকৱাড়ী দম্পতীৰ নিজৰ পাঁচটাকৈ সন্তান থকাৰ পিছতো তেওঁলোকে ল’ৰা দুটাক দত্তক লয়। দম্পতীহালে তেওঁলোকক হিন্দু হিচাপেই ডাঙৰ-দীঘল কৰে আৰু তেওঁলোক স্কুল-কলেজলৈ যোৱাটো নিশ্চিত কৰে। সোমশেখৰ বৰ্তমান এজন বি এছ চি স্নাতক আৰু তেওঁ বেলাগাভিৰ এটা বিমান কোম্পানীত কাম কৰি আছে। সোমাশেখৰে যেতিয়া বিবাহযোগ্য বয়সত উপনীত হয়, তেতিয়া নাইকৱাড়ী দম্পতীয়ে তেওঁৰ বাবে কন্যাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে।
এজন ব্যক্তিৰ পৰা জানিব পাৰি তেওঁলোকে হুকাৰীৰ একাংশ পাৰিবাৰিক বন্ধুৰ সৈতে মহাৰাষ্ট্ৰৰ গাধিংলজ তালুকৰ টানৱাড় গাঁৱলৈ যায়। তাত তেওঁলোকে বীৰশৈৱ লিংগায়ত পৰিয়ালৰ পুনমক বোৱাৰী হিচাপে পচন্দ কৰে। ৭০ বছৰীয়া নাইকৱাড়ীয়ে হুকাৰীৰ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তেওঁ তেওঁৰ আনজন তোলনীয়া পুত্ৰ বসন্তৰ বিবাহৰ বাবেও আগ্ৰহেৰে বাট চাই আছে।
তেওঁ কয়, "মই আৰু মোৰ পত্নীয়ে যি কৰিছো তাত বিশেষ কিবা আছে বুলি মই নাভাবোঁ। মই বিশ্বাস কৰোঁ যে এই দেশৰ সকলো মানুহ ভাই-ভনী। মই সুখী যে এই ল’ৰা দুজন মোৰ ঘৰত ডাঙৰ-দীঘল হ’ল, পঢ়া-শুনা কৰিলে আৰু নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হ’ল। মই নিজৰ দায়িত্ব পালন কৰিব পাৰিলো বুলি এক আত্মসন্তুষ্টি লৈ এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰিম।"